ETV Bharat / state

মহানগৰীৰ প্ৰতিমা বিসৰ্জন ঘাট পৰিদৰ্শন আৰক্ষী-প্ৰশাসনৰ

author img

By

Published : Oct 21, 2020, 10:30 PM IST

ষষ্ঠীৰ পূৰ্বেই মহানগৰীৰ প্ৰতিমা বিসৰ্জন ঘাট পৰিদৰ্শন কৰিলে আৰক্ষী আৰু প্ৰশাসনৰ লোকে। বুধবাৰে মহানগৰীৰ কাছমাৰী ঘাট আৰু পাণ্ডু প্ৰতিমা বিসৰ্জন ঘাট পৰিদৰ্শন কৰিলে গুৱাহাটী মহানগৰৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ এটা দলে ।

ASSAM police
ASSAM police

গুৱাহাটী, 21 অক্টোবৰ : আৰম্ভ হ’ল শাৰদীয় দুৰ্গোৎসৱ ৷ বৃহস্পতিবাৰে মহাষষ্ঠী । বিল্ববোধনেৰে ষষ্ঠীৰ বেদীত স্থাপন কৰা হ’ব মহিষ মৰ্দিনীক ৷ অৱশ্যে পূৰ্বৰ দৰে এইবাৰ নাথাকিব দুৰ্গোৎসৱৰ আনন্দ-উলাহ ৷ কেৱল নিয়ম মাফিকভাৱেহে পালন কৰা হ’ব পূজা ৷ ক’ভিড-19ৰ নিয়ম মানি কৰিব সকলোৱে পূজা কৰিব পাৰিব ৷

ষষ্ঠীৰ পূৰ্বেই মহানগৰীৰ প্ৰতিমা বিসৰ্জন ঘাট পৰিদৰ্শন কৰিলে আৰক্ষী আৰু প্ৰশাসনৰ লোকে। বুধবাৰে মহানগৰীৰ কাছমাৰী ঘাট আৰু পাণ্ডু প্ৰতিমা বিসৰ্জন ঘাট পৰিদৰ্শন কৰিলে গুৱাহাটী মহানগৰৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ এটা দলে । এইবেলি কিদৰে বিসৰ্জন প্ৰক্ৰিয়া হ'ব তাৰ বুজ ল'লে প্ৰশাসনে । চৰকাৰী গাইডলাইন অনুসৰি সকলো প্ৰস্তুতি কৰিবলৈ বিসৰ্জন কমিটীক নিৰ্দেশ দিয়ে আৰক্ষীয়ে ।

মহানগৰীৰ প্ৰতিমা বিসৰ্জন ঘাট পৰিদৰ্শন আৰক্ষী-প্ৰশাসনৰ

পৰিদৰ্শনৰ সময়চোৱাত গুৱাহাটী মহানগৰৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়, অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথ, এচিপি জ্যোতিপ্ৰসাদ পেগু, যানবাহন শাখাৰ এচিপি এ. মালাকাৰ, জালুকবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাৰ লগতে পাণ্ডু বিসৰ্জন কমিটীৰ বিষয়ববীয়াসকল উপস্থিত থাকে। পূৰ্বে ১০০-১২০ প্ৰতিমা বিসৰ্জন দিয়া হৈছে পাণ্ডু ঘাটত। কিন্তু এইবেলি প্ৰায় ৬০খন প্ৰতিমা ঘাটটোত বিসৰ্জন দিয়া হ'ব বুলি উল্লেখ কৰি বিসৰ্জন কমিটীৰ বিষয়ববীয়াই ।

লগতে পঢ়ক : মূল্য বৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.