ETV Bharat / state

Death Penalty by ULFA I: দুজন যুৱকক আলফা স্বাধীনে মৃত্যুদণ্ডৰ সম্পৰ্কত আৰক্ষীৰ নীৰৱ স্থিতি

আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি তথা আলফাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগত আলফা স্বাধীনে ধনজিৎ দাস আৰু সঞ্জীৱ শৰ্মা নামৰ যুৱক দুজনক মৃত্যদণ্ডৰে দণ্ডিত কৰিছে (Death Penalty by ULFA I)। যুৱক দুজনক আলফা স্বাধীনে মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত আছে অসম আৰক্ষী (Silent stand of Assam Police) ।

author img

By

Published : May 7, 2022, 9:12 PM IST

Death Penalty by ULFA I
দুজন যুৱকক আলফা স্বাধীনে মৃত্যুদণ্ডৰ সম্পৰ্কত আৰক্ষীৰ নীৰৱ স্থিতি

গুৱাহাটী, 7 মে’: দুজন যুৱকক আলফা স্বাধীনে মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত আছে অসম আৰক্ষী (Police silent stand on death penalty awarded to youths) । ঘটনাটোৰ সম্পৰ্কত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকল প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থকাক লৈ ৰহস্যৰ সৃষ্টি হৈছে । উল্লেখ্য যে, আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি তথা আলফাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগত আলফা স্বাধীনে ধনজিৎ দাস আৰু সঞ্জীৱ শৰ্মা নামৰ যুৱক দুজনক মৃত্যদণ্ডৰে দণ্ডিত কৰিছে (Death Penalty by ULFA I)।

এই সন্দৰ্ভত আলফা স্বাধীনে শনিবাৰে পুৱা বিবৃতি প্ৰকাশ কৰাৰ লগতে যুৱকদ্বয়ৰ ভিডিঅ' বাৰ্তাও ৰাজহুৱা কৰিছে । যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখযোগ্য যে, আলফা স্বাধীনে যুৱক দুজনক মৃত্যদণ্ডৰে দণ্ডিত কৰাৰ পূৰ্বে অসম আৰক্ষী এগৰাকী শীৰ্ষ বিষয়াৰ নাম উল্লেখ কৰিছিল সঞ্জীৱ শৰ্মাই । সঞ্জীৱ শৰ্মাই আলফা স্বাধীনৰ ভিডিঅ' বাৰ্তাৰ জৰিয়তে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীৰ নিৰ্দেশত আলফা স্বাধীনৰ বিৰুদ্ধে আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ বাবে আলফা স্বাধীনত যোগদান কৰা বুলি মন্তব্য কৰিছিল (Spy in Ulfa I)। এই কথা আলফা স্বাধীনে ৰাজহুৱা কৰাৰ পাছতো অসম আৰক্ষী নিৰৱ হৈ আছে ।

এই সম্পৰ্কত শনিবাৰে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত অসম আৰক্ষীৰ বিশেষ শাখাৰ শীৰ্ষ আৰক্ষী বিষয়া লাচিত বৰুৱাই কয়, ‘‘এই সম্পৰ্কত আমি একো নাজানো । আমি এই সম্পৰ্কত কোনো মন্তব্য দিব নোৱাৰো । চোৰাংচোৱাৰ কথা আলফা স্বাধীনে কৈছে । আমি কোৱা নাই ।’’ এই সম্পৰ্কত অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণই বিষয়টো এৰি চলে । আৰক্ষীৰ এনে নিশ্চুপ স্থিতিয়ে ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীৰ ভূমিকাক ৰহস্যঘন কৰি তুলিছে ।

লগতে পঢ়ক: দুই যুৱকক আলফা(স্বা)ই মৃত্য়ুদণ্ডৰে দণ্ডিত কৰাক লৈ কি ক’লে অনুপ চেতিয়াই?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.