নিউজ ডেস্ক, 2 এপ্ৰিল: এইবাৰ খালিস্তানীৰ লক্ষ্য হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ হিমন্ত বিশ্ব শৰ্মাক ভাবুকি খালিস্তানীৰ (Khalistan leader threatened Himanta Biswa)৷ খালিস্তানীৰ ভাবুকিৰ পাচতে এতিয়া তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী নিৰাপত্তাৰ ক্ষেত্ৰতো গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ ব্যৱস্থা ৷
অডিঅ’ বাৰ্তাটোত উল্লেখ কৰা হৈছে যে, ‘‘এই বাৰ্তাটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাৰ বাবে ৷ আপোনাৰ চৰকাৰে অসমত খলিস্তানপন্থী শিখসকলক হাৰাশাস্তি আৰু অত্যাচাৰ কৰি আছে আৰু কাৰাগাৰত থকাসকলকো অত্যাচাৰ কৰা হৈছে ৷ মুখ্যমন্ত্ৰী শৰ্মা মনোযোগেৰে শুনিব, যুঁজখন খলিস্তানপন্থী শিখ আৰু ভাৰত চৰকাৰৰ মাজত ৷ আমি খালিস্তান গণভোটৰ দ্বাৰা শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ জৰিয়তে পঞ্জাৱক ভাৰতীয় দখলৰ পৰা মুক্তি বিচাৰিছো ৷ শৰ্মা, যদি আপোনাৰ চৰকাৰে শিখসকলক অত্যাচাৰ আৰু হাৰাশাস্তি কৰিবলৈ গৈ আছে, আপোনাক জবাবদিহি কৰা হ’ব ৷’’
উল্লেখ্য যে, অডিঅ’ ক্লিপটোত ব্যক্তিজনে নিজকে শিখ ফৰ জাষ্টিছৰ গুৰপতৱান সিং পান্নু (Gurpatwan Singh Pannu) বুলি দাবী কৰিছে ৷ এই অডিঅ’ ক্লিপটো লাভ কৰাৰ পাচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম আৰক্ষীৰ সঞ্চালক জি পি সিঙে ৷ মুখ্যমন্ত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ বিমান বন্দৰ, ৰেল ষ্টেচন আদিত তালাচীৰ ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷
আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে কয় যে, ভাবুকি দিয়া অডিঅ' বাৰ্তাটো ‘শিখ ফৰ জাষ্টিচ’ৰ মুৰব্বী গুৰপতৱান সিং পান্নুৰ বুলি ধাৰণা কৰা হৈছে। এই সংগঠনটোক ২০১৯ চনত ভাৰত চৰকাৰে আইনবিৰোধী বুলি ঘোষণা কৰি থৈছে আৰু ২০২০ চনত গুৰপতোৱান সিং পান্নুক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰা হয় । এই সংগঠনটো নিউয়ৰ্কস্থিত সংগঠন আৰু পান্নু কানাডাত এগৰাকী উকীল ৰূপে কৰ্মৰত । তেওঁৰ বিৰুদ্ধে ভাৰত চৰকাৰে ইতিমধ্যে লুক আউট ন'টিচ জাৰি কৰি থৈছে । পান্নুৰ ঘৰ পাঞ্জাৱৰ অমৃতচৰত । ভাৰত চৰকাৰে ইতিমধ্যে পান্নুৰ সম্পত্তিও বাজেয়াপ্ত কৰিছে (Sikh for Justice)।
অসমত খালিস্তান সমৰ্থিত কোনো লোক আছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘‘অসমৰ শিখ সম্প্ৰদায়ৰ লোকসকল ভদ্ৰ আৰু মই নাভাবোঁ যে, তেওঁলোকে এনে কোনো কৰ্মত নিয়োজিত হ'ব । কিন্তু যেতিয়াৰ পৰা সংগঠনটোৰ কেইগৰাকীমান লোকক ইয়াত অনা হৈছে, তেতিয়াৰ পৰা ৰে'লৱে ষ্টেচন বা বিমান বন্দৰত বাহিৰৰ পৰা অহা শিখ লোকৰ ক্ষেত্ৰত দৃষ্টি ৰখা হৈছে ।’’ নিষিদ্ধ সংগঠনটোৰ এই ভাবুকি গম্ভীৰ বুলি সদৰী কৰি তেওঁ কয় যে অসম আৰক্ষীয়ে এই ভাবুকিক গুৰুত্ব সহকাৰে লৈছে । অসমত কোনো কাৰণতে গণ্ডগোল হ'বলৈ দিব নোৱাৰি বুলি তেওঁ কয় ৷
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰি অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথে (ADGP Hiren Nath) কয়, ‘‘অসম আৰক্ষীয়ে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে অডিঅ' ক্লিপটোৰ সত্যতা নিৰূপণ কৰি আছে ৷’’ সকলো জিলাৰ আৰক্ষী অধীক্ষক আৰু গুৱাহাটীৰ আৰক্ষী আয়ুক্তকো সতৰ্ক কৰি দিয়া হৈছে বুলিও সদৰী কৰে হীৰেন নাথে ৷ উল্লেখ্য যে, অসমৰ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা হৈছে অডিঅ’ ক্লিপটো ৷
লগতে পঢ়ক: Amritpal Singh news Update: ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙৰ দেহৰক্ষী