ETV Bharat / state

বনভোজকাৰী দলৰ বাবে SOP - বাছ দুৰ্ঘটনা

SOP of Picnic: পিকনিকলৈ যোৱাৰ আগতে কি কি কৰিব লাগিব জানি লওক-

assam police issues sop of picnic
পিকনিকৰ ওপৰত SOP
author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 9:11 PM IST

গুৱাহাটী, ৪ ডিচেম্বৰ : দেৰগাঁৱৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিচত অসম আৰক্ষীয়ে বনভোজ সন্দৰ্ভত SOP জাৰি কৰিছে ৷ পথৰ দুৰৱস্থা বা দুৰ্বল পথ নিৰ্দেশনাৰ বাবে নহয়, ঘন কুঁৱলীৰ বাবেই বনভোজকাৰীৰ দলটো দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হ’ল বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে ৷ ইয়াৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে পিকনিকৰ বাবে SOP জাৰি কৰা হ’ব ৷ সেই অনুসৰিয়ে অসম আৰক্ষীয়ে SOP ৰ জৰিয়তে বনভোজ আৰু বনভোজকাৰীৰ বাবে এলানি নীতি-নিৰ্দেশনা জাৰি কৰিছে । দিয়া হৈছে ১২ টাকৈ নিৰ্দেশনা ৷

assam police issues sop of picnic
পিকনিকৰ ওপৰত SOP

অসম আৰক্ষীয়ে জাৰি কৰা SOP খনত কোৱা হৈছে যে, সাধাৰণতে দেখা যায় ৰাজ্যখনত নৱেম্বৰৰ পৰা মাৰ্চ মাহলৈকে পিকনিক পাৰ্টিৰ আয়োজন কৰা হয় । এই সময়ছোৱা পিকনিকৰ বাবে অনুকূল ৷ অসমত বৃহৎসংখ্যক লোকে বিভিন্ন বনভোজথলীত এনেধৰণৰ বনভোজৰ আয়োজন কৰে । এই আড়ম্বৰ আৰু উল্লাসৰ পৰিৱেশৰ মাজতে এই বনভোজকাৰী দলৰ যান-বাহন চলাচলৰ সময়ত হোৱা পথ দুৰ্ঘটনাৰ বাবে দুখজনক পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে । সেয়েহে এই বনভোজকাৰী দলসমূহৰ গতি-বিধি আদি নিয়ন্ত্ৰণৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (SOP) ব্যৱস্থা কৰাটো অতি প্ৰয়োজনীয় বুলি অনুভৱ কৰা হৈছে ।

বনভোজকাৰী দলৰ বাবে কি কি নিৰ্দেশনা আছে SOPত ?

১/ বনভোজলৈ যোৱা বাহনসমূহত যাতে অতিমাত্ৰা ভিৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ।

২/ বনভোজথলী বা ইয়াৰ আশে-পাশে কোনেও কোনো ধৰণৰ অবৈধ সুৰাৰ ব্যৱসায় কৰিব নোৱাৰিব ।

৩/ বাহনসমূহৰ চালকসকলে গাড়ী চলোৱাৰ পূৰ্বে কোনো ধৰণৰ মাদক দ্ৰব্য সেৱন কৰিব নোৱাৰিব ।

৪/ বাহনসমূহত উচ্চস্বৰত সংগীত বজাব নোৱাৰিব ।

৫/ অবৈধ সুৰা বিক্ৰী হোৱা ধাবাত স্থানীয় আৰক্ষীয়ে অবিৰতভাৱে অভিযান চলাব ।

৬/ সূৰ্যোদয়ৰ আগতে আৰু সূৰ্যাস্তৰ পিচত পিকনিক পাৰ্টিৰ কোনো ধৰণৰ অহা-যোৱা হ’ব নালাগে ।

৭/ স্থানীয় আৰক্ষী থানাক বনভোজৰ ভ্ৰমণৰ আৰম্ভণি স্থল আৰু গন্তব্যস্থানৰ বিষয়ে আগতীয়াকৈ অৱগত কৰিব লাগিব ৷

৮/ স্থানীয় আৰক্ষীৰ এটা চোৱা-চিতা কৰা গোট থাকিব লাগে, যদি সহায়ৰ প্ৰয়োজন হয় ৷ প্ৰতিখন বনভোজথলী গাঁওৰক্ষী বা ভিডিপিয়ে নিৰীক্ষণ কৰিব, যিয়ে বনভোজথলী বা ইয়াৰ আশে-পাশে যিকোনো অবৈধ বা অনৈতিক কাৰ্যকলাপ ধৰা পেলোৱাত সহায় কৰিব ।

৯/ স্পৰ্শকাতৰ বনভোজথলী আৰু ইয়াৰ আশে-পাশে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰিব লাগে ।

১০/ প্ৰতিটো পিকনিক স্পটত পৰ্যাপ্ত পাৰ্কিং স্থান নিৰ্ধাৰণ কৰিব লাগে ।

১১/ বনভোজকাৰী দলৰ পৰিবহনৰ দায়িত্বত থকা বাছ চালকসকলক নিজৰ দায়িত্ব সঠিকভাৱে অৱগত কৰাব লাগে আৰু উপযুক্ত জোতা পিন্ধাটো সুনিশ্চিত কৰিব লাগে ৷

১২/ বনভোজৰ দলসমূহে কুঁৱলীৰ সময়ত যাতে কোনো ধৰণেৰেই যাত্ৰা নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে ।

এই নিৰ্দেশনাসমূহ পৰামৰ্শমূলকহে বুলি SOP খনত কোৱা হৈছে । জিলা পৰিবহন বিষয়া আৰু অন্যান্য বলবৎকাৰী সংস্থাৰ সহযোগত যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয় আৰু মূল্যৱান মানৱ জীৱন হেৰুৱাব লগা নহয় তাৰ প্ৰতি জিলা আৰক্ষীক লক্ষ্য ৰাখিবলৈ SOP খনত নিৰ্দেশনা দিয়া হৈছে ।

লগতে পঢ়ক : বেলি ওলোৱাৰ পিচত বনভোজলৈ যাওক; বেলি বহাৰ আগতেই উভতি আহক: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.