গুৱাহাটী, ১ জুলাই : পুনৰ মহানগৰ আৰক্ষীৰ সফলতা ৷ মহানগৰ আৰক্ষীৰ জলত পৰিল এটা ডকাইত ৷ মহানগৰীৰ পাণবজাৰত এগৰাকী মহিলাৰ পৰা ধন লুট কৰি আৰক্ষীৰ জলত পৰে ডকাইতটো (Dacoit arrested at Bornihat) । আটকাধীন ডকাইতটো বৰ্ণিহাটৰ বিনয় দাস বুলি জানিব পৰা গৈছে ।
তথ্য অনুসৰি, বৰ্ণিহাটৰ পৰা নিশা আৰক্ষীয়ে আটক কৰে অভিযুক্ত বিনয় দাসক (Assam police detain a Dacoit at Bornihat) ৷ অৱশ্যে এতিয়াও আৰক্ষীৰ জালত পৰা নাই অভিযুক্তটোৰ আন সহযোগীকেইটা ৷ আৰক্ষীয়ে ইতিমধ্যে এই সংক্ৰান্তত অভিযান অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে, বিগত ১৭ জুনত বিনয় দাসে আন সহযোগীৰ সৈতে পাণবজাৰৰ BSNL কাৰ্যালয়ৰ সমীপত পল্লৱী চৌধুৰী দাস নামৰ এগৰাকী মহিলাৰ পৰা কাঢ়ি নিছিল ১০ লাখ টকা ভৰ্তি এটা বেগ । ইয়াৰ পিচতে ভুক্তভোগী মহিলাগৰাকীয়ে পাণবজাৰ থানাত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই পাণবজাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি আটক কৰে অভিযুক্ত বিনয় দাসক ৷
আৰক্ষীৰ এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, কেৱল ১৭ জুনতে নহয় ২৪ জুনতো বৰ্ণিহাটত আন এক ডকাইতি কাণ্ড সংঘটিত কৰিছিল অভিযুক্তটোৱে । ২৪ জুনৰ দিনা বৰ্ণিহাটত এগৰাকী লোকৰ পৰা ২ লাখ টকা লৈ উধাও হৈছিল অভিযুক্ত বিনয়ে । আনকি ইয়াৰ পূৰ্বেও কোকৰাঝাৰটো ডকাইতি কাণ্ড সংঘটিত আটকাধীন বিনয় দাসে ৷
অৱশেষত শুকুৰবাৰে অভিযুক্ত বিনয় দাস আৰক্ষীৰ জালত পৰাত কিছু স্বস্তিৰ নিশ্বাস এৰিছে আৰক্ষীয়ে ৷ তথ্য অনুসৰি, পাণবজাৰ আৰক্ষীয়ে দুদিনৰ জিম্মাত ৰাখিছে অভিযুক্ত বিনয় দাসক ৷
লগতে পঢ়ক : বিলাসীপাৰাত আৰক্ষীৰ অভিযানত ৯ জুৱাৰীক আটক