ETV Bharat / state

যৌন নির্যাতনৰ বলি শিশুৰ পৰিচয় প্রকাশৰ বিৰুদ্ধে আৰক্ষীৰ সতর্কতা জাৰি

যৌন নির্যাতনৰ বলি হোৱা শিশুৰ পৰিচয়ৰ লগতে তেওঁৰ পৰিয়ালৰো সম্পূর্ণ পৰিচয় প্ৰকাশত নিষেধাজ্ঞা অসম আৰক্ষী । সামাজিক মাধ্যমৰ জৰিয়তে এই সতর্কতা জাৰি কৰিছে অসম আৰক্ষীয়ে (Assam Rape Case) ৷

Assam Police Tweet
যৌন নির্যাতনৰ বলি শিশুৰ পৰিচয় প্রকাশৰ বিৰুদ্ধে আৰক্ষীৰ সতর্কতা জাৰি
author img

By

Published : May 6, 2023, 10:54 AM IST

গুৱাহাটী, ৬ মে’: অসম আৰক্ষীয়ে শেহতীয়াকৈ যৌন নির্যাতনৰ বলি হোৱা শিশু তথা তেনে শিশুৰ পৰিচয় প্ৰকাশ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিছে । যৌন নির্যাতনৰ বলি হোৱা শিশুৰ পৰিচয়ৰ লগতে তেওঁৰ পৰিয়ালৰো সম্পূর্ণ পৰিচয় সংবাদ মাধ্যমত সততেই প্ৰচাৰ হোৱা বিষয়টোক লৈ বাৰুকৈয়ে বিৰক্ত হৈছে অসম আৰক্ষী । যাৰ‌বাবে অসম আৰক্ষীয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰিবলৈ বাধ্য হৈছে । উল্লেখযোগ্য যে শেহতীয়াকৈ মাৰ্ঘেৰিটাত যৌন নির্যাতনৰ বলি হৈ মৃত্যু হোৱা (Margherita Rape and murder case) এটি শিশুৰ সবিশেষ ৰাজ্যৰ একাংশ সংবাদ মাধ্যমত উপর্যুপৰি সম্প্ৰচাৰ কৰি থকা হৈছে । সংবাদ মাধ্যমৰ এই কাৰ্যত বিৰক্ত হৈ আজি অসম আৰক্ষীয়ে শুকুৰবাৰে নিশা এক সতর্কতা জাৰি কৰিছে ।

অসম আৰক্ষীয়ে জাৰি কৰা সতর্কতাটোত ‘পকচো’ আইনৰ ২৩ (২) ধাৰাৰ উদ্ধৃতি দি কোৱা হৈছে যে এই কঠোৰ আইনৰ উক্ত ধাৰা অনুসৰি যৌন নির্যাতনৰ বলি হোৱা কোনো শিশুৰ পৰিচয় অর্থাৎ নাম, ঠিকনা, ফটো, পৰিয়ালৰ সবিশেষ, অধ্যয়নৰত বিদ্যালয়ৰ নাম, চুবুৰীয়া অঞ্চল বা অন্য কোনো সবিশেষ প্ৰকাশ কৰাটো নিষিদ্ধ, যিটোৰ জৰিয়তে শিশুটোৰ পৰিচয় প্রকাশ হ'ব পাৰে (Disclosure of identity of the victim child) । অৰ্থাৎ এই আইনৰ অধীনত যৌন নির্যাতনৰ বলি হোৱা শিশুৰ কেৱল নাম প্রকাশ কৰাটোৱেই নিষিদ্ধ নহয়, সংবাদ মাধ্যমে শিশুটি সম্পর্কীয় এনে কোনো তথ্যই প্রকাশ কৰিব নোৱাৰে, যাৰ জৰিয়তে নিৰ্যাতনৰ বলি হোৱা শিশুটোৰ পৰিচয় ব্যক্ত হ’ব পাৰে (Assam Police Tweet) ।

  • Important Alert

    Disclosing the identity of a victim child is an offence punishable with imprisonment.

    Please do not share or disclose their identity on social media or anywhere else.

    Let's come together to protect our most vulnerable and ensure justice is served. pic.twitter.com/GU8nbfiFRu

    — Assam Police (@assampolice) May 5, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এনে কঠোৰ বিধি-বিধান থকা সত্ত্বেও ৰাজ্যখনত একাংশ সংবাদ মাধ্যমে নির্বিবাদে যৌন নির্যাতনৰ বলি হোৱা শিশুৰ নাম-ঠিকনাতে ক্ষান্ত নাথাকি শিশুটিৰ বিভিন্ন দিশ সম্প্ৰচাৰ কৰি আহিছে । লক্ষনীয় এনেধৰণ ঘটনা পূৰ্বতেও সংঘটিত হৈছে । অসম আৰক্ষীয়ে এই ক্ষেত্ৰত এতিয়ালৈকে কোনো ব্যৱস্থা গ্রহণ কৰা নাই । কিন্তু শেহতীয়া এই বিষয়টোত আৰক্ষীয়ে বিশেষ গুৰুত্ব দিছে । যাৰ‌বাবে আৰক্ষীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই সতর্কতা জাৰি কৰিছে (Assam Rape Case) ।

লগতে পঢ়ক: Child abuse by Doctor Couple: ৫ বছৰীয়া তোলনীয়া কন্যাক অমানবীয় নিৰ্যাতন চলাই আটক চিকিৎসক দম্পতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.