ETV Bharat / state

assam per capita income: অসমৰ জনমূৰি আয়ৰ শোচনীয় অৱস্থা সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিক্ৰিয়া - হিমন্ত বিশ্ব শৰ্মা

অসমৰ জনমূৰি আয়ৰ শোচনীয় অৱস্থা ৷ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছে উদ্বেগজনক ছবি ৷ প্ৰতিক্ৰিয়া অসম তৃণমূল কংগ্ৰেছৰ ৷

assam per capita income
assam per capita income
author img

By

Published : Jul 25, 2023, 3:40 PM IST

অসমৰ জনমূৰি আয়ৰ শোচনীয় অৱস্থা

গুৱাহাটী, 25 জুলাই: কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্যত অসমৰ জনমূৰি আয়ৰ শোচনীয় অৱস্থা সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই মঙ্গলবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য ৷

উল্লেখ্য যে সোমবাৰে ৰাজ্যসভাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ইন্দৰজিত সিঙে ২০২২-২৩ বৰ্ষৰ বিভিন্ন ৰাজ্যৰ জনমূৰি আয়ৰ তথ্য সদৰী কৰা অনুসৰি অসমৰ জনমূৰি আয় মাত্ৰ ১,১৮,৫০৪ টকা । ঘোষিত ১৬ ৰাজ্যৰ ভিতৰত অসমৰ স্থান ১৫ নম্বৰত ।

এই সন্দৰ্ভত অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষগৰাকীয়ে অসমৰ শোচনীয় আৰ্থিক দুৰ্দশা সন্দৰ্ভত মুখ্যমন্ত্ৰীক উদ্দেশি কয়, ‘‘মুখ্যমন্ত্ৰীয়ে ঋণ লৈ অৰুণোদয়ৰ হিতাধিকাৰীক ধন দিলে মুখ্যমন্ত্ৰীয়ে ভোটবেংকহে সৃষ্টি কৰিব পাৰিব ৷ কিন্তু ই ৰাজ্যৰ উন্নয়ন নুবুজায় ৷ ৰাইজৰ ক্ৰয় ক্ষমতা বৃদ্ধি কৰাটোহে মূল কথা ।’’

তেওঁ কয় যে তথ্য অনুসৰি ছত্তিশগড়, ‌হাৰিয়ানা, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, পাঞ্জাৱ, ৰাজস্থান, তামিলনাডু, তেলেংগানা, উত্তৰাখণ্ড, পশ্চিম বংগ, জম্মু কাশ্মীৰৰ জনমূৰি আয় অসমতকৈ অধিক । শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অসমৰ অৰ্থনীতি ভাল বুলি আভুৱা ভৰা তথ্যৰে মাজে সময়ে বক্তব্য ৰাখি নিজৰ মিছা অস্তিত্ব বৰ্তাই ৰখাৰ প্ৰয়াস কৰাৰ বিপৰীতে ৰাজ্যৰ জনতাৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ হকে মনোযোগেৰে কামত মনোনিবেশ কৰিবলৈ পৰামৰ্শ দিয়ে ।

মন কৰিব লগীয়া যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ব্যাপক উন্নয়ন হোৱা বুলি দাবী কৰি আহিছে ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনতে স্পষ্ট হৈছে অসমৰ প্ৰকৃত ছবি ৷ ঋণ লৈ চৰকাৰ চলোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নেতৃত্বত কেৱল অসমত বৃদ্ধি পাইছে ঋণ আৰু সুদৰ বোজা ৷

লগতে পঢ়ক: Monsoon Session 2023: সদনত বিৰোধীৰ হুলস্থূলৰ সুযোগ ল'বলৈ সাজু চৰকাৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.