ETV Bharat / state

সংসদত অসমৰ বিৰোধী সাংসদৰ কোনে কি কৰিলে যোৱা ৫ বছৰত ? - সদনত গৌৰৱ গগৈ

’24ৰ লোকসভা নিৰ্বাচন নিচেই কাষত ৷ প্ৰস্তুতি তুংগত উঠিছে শাসক-বিৰোধী উভয়ৰে ৷ কিন্তু প্ৰায় 5 টা বছৰত সদনত অসমৰ 14 সাংসদৰ ভূমিকা কেনে আছিল ? বিশেষকৈ বিৰোধীয়ে কি কি কৰিলে?

Assam opposition MPs report card
সংসদত অসমৰ বিৰোধী সাংসদ
author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 9:22 PM IST

Updated : Dec 12, 2023, 9:55 PM IST

গুৱাহাটী, ১২ ডিচেম্বৰ : লোকসভা নিৰ্বাচন ২০২৪ৰ বাবে সমগ্ৰ দেশৰ লগতে প্ৰস্তুতি তুংগত উঠিছে অসমতো ৷ শাসকীয় দলৰ লগতে বিৰোধী সাংসদে বিগত ৫ টা বছৰে কি কৰিলে সেয়া এতিয়া জনতাৰ বাবে বিশ্লেষণ কৰাৰ সময় ৷

কোন দলৰ সাংসদৰ ৰিপৰ্ট কাৰ্ড কেনে ? সংসদত কোন সাংসদৰ প্ৰদৰ্শন কেনে ? লোকসভা নিৰ্বাচনৰ প্ৰাথমিক বিষয়টোৱেই হ’ল অসমৰ পৰা দক্ষ, সৰৱ আৰু সক্ৰিয় সাংসদ নিৰ্বাচিত কৰি লোকসভাত সজোৰে ৰাজ্যখনৰ সমস্যাসমূহ ৰাষ্ট্ৰীয় পর্যায়ত উপস্থাপন কৰাটো ৷ বিশেষকৈ বিৰোধীয়ে ৷

অসমৰ বিৰোধী দলৰ সাংসদসকলে বিগত ৫ টা বছৰে সংসদত কি প্ৰদৰ্শন দাঙি ধৰিলে ? অসমৰ ১৪ খন আসনৰ ভিতৰত ৯ খন শাসকীয় বিজেপিৰ হাতত ৷ ৫ খন বিৰোধীৰ হাতত । বিৰোধীৰ ৫ খন আসনৰ ভিতৰত ৩ খন কংগ্ৰেছৰ দখলত ৷ আন দুখন ক্ৰমে AIUDFৰ আজমল আৰু আন এখন গণ সুৰক্ষা পৰিষদৰ নৱ শৰণীয়াৰ দখলত । অসমৰ কেইজনমান বিৰোধী দলৰ সাংসদৰ সদনত ভূমিকা সম্পৰ্কে তুলনাত্মক আলোচনা কৰিলেই গম পাব বিৰোধীৰ প্ৰদৰ্শন কেনে ?

গৌৰৱ গগৈ : ৪১ বছৰীয়া গৌৰৱ গগৈ কংগ্ৰেছ দলৰ সাংসদ তথা লোকসভাৰ বিৰোধীৰ উপ-দলপতি ৷ লোকসভাত নিজৰ বুদ্ধিদীপ্ত প্ৰদৰ্শনেৰে দেশৰেই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে গৌৰৱ গগৈয়ে ৷

PRS Legislative Research ৰ তথ্য অনুসৰি সংসদত গৌৰৱ গগৈৰ উপস্থিতিৰ হাৰ ৭৫ শতাংশ, সদনৰ ৭১ টা গুৰুত্বপূর্ণ বিতৰ্কত অংশগ্ৰহণ কৰিছে ৷ ২২৪ টা প্ৰশ্ন কৰিছে আৰু ৫ খন Private Members Bill উত্থাপন কৰিছে । প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাবে নহয়, নিজৰ প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজকে উত্তোলন কৰিবলৈ সক্ষম হৈছে গৌৰৱ গগৈ ।

দিল্লী আৰু নিউয়র্কত উচ্চ শিক্ষা গ্ৰহণ কৰা অধুনালুপ্ত কলিয়াবৰৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈৰ সদনৰ বাহিৰে ভিতৰে পাৰদৰ্শিতাৰে কংগ্ৰেছ দলতো ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ স্থান নিকপকপীয়া কৰিবলৈ সক্ষম হৈছে ৷ তথ্যসমৃদ্ধ ভাষণ, ইংৰাজী আৰু হিন্দী ভাষাৰ ওপৰত থকা দখল তথা শাসকীয় পক্ষক সাহসেৰে যুক্তিৰে সদনত আগবঢ়োৱা সাৱলীল ভাষণৰ বাবে দেশজুৰি গ্ৰহণযোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে গৌৰৱ গগৈয়ে ।

প্ৰদ্যুৎ বৰদলৈ : দীৰ্ঘদিন ধৰি ৰাজ্যৰ ৰাজনীতিত প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰা ৬৫ বছৰীয়া প্ৰদ্যুৎ বৰদলৈৰ এইটো সংসদৰ মজিয়াত প্ৰথমটো কাৰ্যকাল ৷ নঁগাৱৰ সাংসদ বৰদলৈৰ সদনত উপস্থিতিৰ হাৰ ৮৩ শতাংশ ৷ সদনৰ ২৮ টা গুৰুত্বপূর্ণ বিষয়ৰ বিতৰ্কত অংশগ্ৰহণ, ২৩৫ টা প্ৰশ্ন উত্থাপন আৰু ৫ খন Private Members Bill উত্থাপন কৰিছে ।

একালৰ কটন কলেজৰ সাধাৰণ সম্পাদক আৰু দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰা নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সদনত প্ৰদৰ্শন উচ্চ প্ৰশংসনীয় নহ’লেও গুৰুত্বপূৰ্ণ ভালেমান বিষয় দাঙি ধৰিবলৈ সক্ষম হয় ৷

দেশৰ আৰ্থ সামাজিক বহুকেইটা গুৰুত্বপূর্ণ বিষয়সমূহ উত্থাপন কৰে প্ৰদ্যুৎ বৰদলৈয়ে ৷ ইংৰাজী ভাষাৰ ওপৰত দখল থকা থকা এগৰাকী অভিজ্ঞ ৰাজনীতিক হিচাবে বৰদলৈয়ে সংসদত নিজৰ প্ৰদৰ্শনৰে সবল উপস্থিতি দেখুৱাবলৈ সক্ষম হয় বুলিব পাৰি ৷

আব্দুল খালেক: বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰো এইটো প্ৰথমটো সংসদীয় কাৰ্যকাল । সদনত তেওঁৰ উপস্থিতিৰ হাৰ ৯১ শতাংশ, সদনৰ ৬০ টা বিতৰ্কত অংশগ্ৰহণ, ২৫৭ টা প্ৰশ্ন উত্থাপন আৰু ৮ খন Private Members Bill উত্থাপন কৰিছে । জনিয়া সমষ্টিৰ কেবাবাৰৰো বিধায়ক আছিল আব্দুল খালেক । গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ আৰু প্ৰাক্তন সাংবাদিক কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ সদনত মধ্যমীয়া পাৰদৰ্শিতা প্ৰদৰ্শন ।

সংখ্যালঘু সমাজক প্ৰতিনিধিত্ব কৰা খালেকে সংখ্যালঘু সমাজৰ কেতবোৰ প্ৰশ্ন উত্থাপন কৰাৰ লগতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণকে ধৰি অসমৰ অন্যান্য সমস্যাসমূহ উত্থাপন কৰা দেখা গৈছে । কিন্তু গৌৰৱ গগৈৰ তুলনাত যেন খালেক আৰু প্ৰদ্যুৎ বৰদলৈক দেখা গ’ল কিছু নিস্প্ৰভ ৰূপত ।

বদৰুদ্দিন আজমল: মন কৰিবলগীয়া যে ৰাজনীতিত বিতৰ্কিত হ’লেও সংসদত আজমলৰ প্ৰদৰ্শন মন কৰিবলগীয়া ৷ সদনত আজমলৰ উপস্থিতিৰ হাৰ ৫১ শতাংশ, সদনৰ 27 টা বিতৰ্কত অংশগ্ৰহণ, ২৪৫ টা প্ৰশ্ন উত্থাপন ৷ অৱশ্যে সদনত Private Members Bill উত্থাপনৰ সংখ্যা শূন্য ।

ধুবুৰীৰ সাংসদ আজমলৰ প্ৰশ্নবোৰ যে কেৱল সংখ্যালঘুকেন্দ্ৰিক আছিল তেনে নহয় । সৰ্বজনীন ভালেমান প্ৰশ্নও উত্থাপন কৰিছিল আজমলে ৷ আজমলৰ এনে প্ৰদৰ্শনৰ বিপৰীতে যোৰহাটৰ শাসকীয় বিজেপিৰ সাংসদ তপন গগৈয়ে যোৱা সময়ছোৱাত মাত্ৰ ৯ টা প্ৰশ্ন কৰিছে, ১১ টা বিতৰ্কত অংশগ্ৰহণ কৰিছে ।

লখিমপুৰৰ বিজেপি সাংসদ প্ৰদান বৰুৱাই ১৫ টা প্ৰশ্ন কৰিছে আৰু অংশগ্ৰহণ কৰা বিতৰ্কৰ সংখ্যা শূন্য ৷ কাৰ্বি আংলঙৰ সাংসদ হৰেন সিং বে’য়ে ৬ টা প্ৰশ্ন কৰিছে, ৩ টা বিতৰ্কত অংশগ্ৰহণৰ সংখ্যা শূন্য ।

এই কেইগৰাকী সাংসদৰ শোচনীয় প্ৰদৰ্শনৰ বিপৰীতে অৱশ্যে শাসকীয় বিজেপিৰ অসমৰ কেইবাগৰাকীও সাংসদৰ লোকসভাত প্ৰদৰ্শন উল্লেখনীয় ৷

নৱ কুমাৰ শৰণীয়া: কোকৰাঝাৰ সমষ্টিৰ সাংসদ নৱ শৰণীয়াৰ লোকসভাত মুঠ ১৯৩ টা প্ৰশ্ন উত্থাপন কৰিছে ৷ ৩৪ টা বিতৰ্কত অংশগ্ৰহণ কৰিছে ৷ ৫৪ বছৰীয়া শৰণীয়াৰ প্ৰশ্নবোৰৰ ভিতৰত আছে ভালেকেইটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷

কোকৰাঝাৰৰ পৰা একাধিকবাৰ প্ৰতিনিধিত্ব কৰা শৰণীয়াও এগৰাকী মধ্যমীয়া প্ৰদৰ্শন কৰা সাংসদ হিচাবে পৰিচিত হৈছে ৷

লগতে পঢ়ক: হিন্দু ধৰ্মৰ পৰিচয় হ'ব পাৰে, কিন্তু হিন্দু এটা জাতিৰ পৰিচয় নহয় : ড৹ হীৰেণ গোহাঁই

Last Updated : Dec 12, 2023, 9:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.