ETV Bharat / state

Crackdown Against Child Marriage: বাল্যবিবাহ বিৰোধী অভিযান: বিৰোধীৰ তীব্ৰ প্ৰতিক্ৰিয়া

author img

By

Published : Feb 4, 2023, 4:33 PM IST

বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈ প্ৰতিক্ৰিয়া((anti child marriage drive in Assam) ৷ ইতিমধ্যেই ঠায়ে ঠায়ে এই অভিযানৰ বিৰূপ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কেইবাগৰাকীও ৰাজনৈতিক নেতাৰ ৷

Crackdown Against Child Marriage
বাল্যবিবাহ বিৰোধী অভিযান: বিৰোধীৰ তীব্ৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 4 ফেব্ৰুৱাৰী: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত অসম আৰক্ষীয়ে বিগত দুদিনত বাল্যবিবাহৰ লগত জড়িত ব্যক্তি, পৰিয়াল, কাজী আৰু পুৰোহিতৰ বিৰুদ্ধে চলাইছে কঠোৰ অভিযান(Crackdown against child marriage)৷ তেনে সময়তে বিভিন্ন ৰাজনৈতিক দলৰ নেতাই বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিভিন্ন ৰাজনৈতিক দলে বাল্যবিবাহৰ বিৰোধিতা কৰিছে । কিন্তু মুখ্যমন্ত্ৰী আৰু আৰক্ষীয়ে বাল্যবিবাহ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে(Opposition reacts to anti child marriage drive) ।

দেবব্ৰত শইকীয়া(Debabrata Saikia, Congress)(কংগ্ৰছে নেতা, বিৰোধী দলপতি)

বাল্যবিবাহ এক অপৰাধ । এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ‌ বাবে চৰকাৰৰ শিশু আৰু মহিলা কল্যান বিভাগ আছে । চাইল্ড লাইন আছে । ৰাজ্যিক শিশু সুৰক্ষা আয়োগ আছে । এই চৰকাৰী অনুষ্ঠানবোৰৰ গুৰুত্ব আছে । এই অনুষ্ঠানবোৰে ন্যায়ালয়ক নিৰ্দেশনা দিব পাৰে । কিন্তু এই অনুষ্ঠানবোৰে প্ৰকৃততে কি কৰি আছে ? এইসকলক চৰকাৰে জবাবদিহি কৰিছেনে ?

এই অনুষ্ঠানবোৰত ৰাজনৈতিকভাবে নিযুক্তি দিয়া হয় । বাল্যবিবাহৰ ক্ষেত্ৰত এই অনুষ্ঠানৰ লগত মুখ্যমন্ত্ৰীয়ে আলোচনা কৰা নাই নেকি ? যদি কমিটীবোৰৰ কাম নাই ভংগ কৰিব লাগে । তাৰ পাচত মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ জৰিয়তে বাল্যবিবাহৰ বিৰুদ্ধে অভিযান চলাব লাগে(Operation against child marriage in Assam) ।

বাল্যবিবাহ এক অপৰাধ । বিধানসভাত এই সন্দৰ্ভত বহু আলোচনা কৰা হৈছে । তাৰ পাচতো বাল্যবিবাহ চলি আছে । যোৱা 7 বছৰে বি‌জেপি চৰকাৰে কি কৰি‌ আছিল ? চৰকাৰৰ এই বিফলতাৰ বাবে মুখ্যমন্ত্ৰী জবাবদিহি হ'ব লাগে ।

ৰিপুন বৰা(Ripun Bora, TMC) (সভাপতি, অসম তৃণমূল কংগ্ৰেছ)

আইনক ৰাজনৈতিক উদ্দেশ্যে প্ৰণোদিতভাৱে ব্যৱহাৰ কৰিব নালাগে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে বাল্যবিবাহৰ আইনখনক ৰাজনৈতিক উদ্দেশ্যে প্ৰণোদিতভাৱে ব্যৱহাৰ কৰা যেন লাগিছে । গতিকে এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰিব লাগে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে চমক সৃষ্টিৰ‌ বাবে এয়া কৰিছে । আইন প্ৰয়োগ কৰোঁতে মানৱ অধিকাৰ ভংগ কৰিব নালাগে ।

সুপ্ৰকাশ তালুকদাৰ(Suprakash Talukdar, CPI M) (সাধাৰণ সম্পাদক, চি পি আই এম )

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখন বাস্তৱতাৰ ক্ষেত্ৰত কিমান‌ অসংবেদনশীল তাৰ উৎকৃষ্ট উদাহৰণ হ'ল চৰকাৰে হঠাতে বাল্যবিবাহৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাটো । চৰকাৰে হঠাতে বাল্যবিবাহৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাটো দুটা দৃষ্টিভংগীৰে কৰিছে । বাল্যবিবাহ ৰাতিৰ ভিতৰতে শেষ কৰিব বিচাৰিছে আৰু বাল্যবিবাহক আইন শৃংখলাজনিত বিষয় হিচাপে লৈছে ।

তাৰ পৰণতিত কি হৈছে ? অৰাজক পৰিস্থিতি । সমস্যা সমাধানৰ নামত চৰকাৰে অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছে । বাল্যবিবাহ এক সামাজিক সমস্যা । বাল্যবিবাহৰ বিৰুদ্ধে সচেতনতা বৃদ্ধি কৰি পৰ্যায়ক্ৰমে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন । কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে চমক সৃষ্টিৰ‌ বাবে এয়া কৰিছে । বিজেপি চৰকাৰখনে চমক সৃষ্টি পৰিহাৰ কৰক ।

জিতুল ডেকা(Jitul Deka(AAP) (ৰাজ্যিক মুখপাত্ৰ, আম আদমী‌ পাৰ্টী)

বাল্যবিবাহ মূলত শিক্ষাৰ অভাৱৰ বাবে হয় । চৰকাৰে সচেতনতা বৃদ্ধি কৰাৰ প্ৰয়োজন । মুখ্যমন্ত্ৰীয়ে ইমান দিনে কি কৰিছিল ? ইয়াৰ বাবে তেওঁ জগৰীয়া । কাৰণ তেওঁ বহু বছৰ চৰকাৰৰ গুৰুত্বপূৰ্ণ পদত মন্ত্ৰী হৈ আহিছে । আৰক্ষীৰ এই অভিযানত এগৰাকী বোৱাৰী আত্মহত্যা কৰাৰ খবৰ পাইছোঁ । আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰ্চাত থকাৰ বাবে এইবোৰ কৰিছে । বাল্যবিবাহৰ আমি বিৰোধিতা কৰোঁ । গতিকে এনেদৰে নহয় এক গঠনমূলকভাবে মানৱ অধিকাৰ ভংগ নকৰাকৈ ব্যৱস্থা গ্ৰহণ কৰক ।

লগতে পঢ়ক: Widow committed suicide: বাল্য বিবাহৰ ঘটনাক লৈ উত্তেজনা, পিতৃক বচাবলৈ বিধৱা মহিলাৰ আত্মহনন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.