ETV Bharat / state

NRC ত পুনৰ সন্দেহযুক্ত নাগৰিকৰ নাম অৰ্ন্তভুক্ত !

author img

By

Published : Dec 8, 2020, 10:42 PM IST

পুনৰ বিতৰ্কত NRC ৷ NRC ত সন্দেহযুক্ত নাগৰিকৰ অন্তৰ্ভুক্তিৰ অভিযোগ আনিলে স্বয়ং NRCৰ কৰ্তৃপক্ষই ৷ এই সন্দৰ্ভত ন্যায়ালয়ত গোচৰো ৰুজু কৰিলে NRC কৰ্তৃপক্ষই ৷

NRC ত পুনৰ সন্দেহযুক্ত নাগৰিকৰ নাম অৰ্ন্তভুক্ত !
NRC ত পুনৰ সন্দেহযুক্ত নাগৰিকৰ নাম অৰ্ন্তভুক্ত !

গুৱাহাটী,8 ডিচেম্বৰঃ তথ্য অনুসৰি NRC ত নাম অন্তৰ্ভুক্ত হৈছিল ৰহিমা খাটুন নামৰ এগৰাকী মহিলাৰ ৷ যি গৰাকী ইতিমধ্যে বিদেশী বুলি চিহ্নিত কৰা হৈছিল ৷ কিন্তু পিছত মহিলা গৰাকীৰ নাম NRCৰ পৰা কৰ্তনৰ প্ৰসংগ উত্থাপন হোৱাত মহিলা গৰাকীয়ে ন্যায়ালয়ত তাৰ বিৰুদ্ধাচৰণ কৰি যুক্তি দৰ্শাইছিল যে মই যদি বিদেশীয়েই হও তেনেহ’লে NRC ত মোৰ নাম কেনেকৈ সন্নিৱিষ্ট হ’ল ৷

ইপিনে ৰহিমা খাটুনৰ এই গোচৰ ন্যায়ালয়ত চলি থাকোতেই DCR য়ে NRC কৰ্তৃপক্ষক জনাইছিল যে NRC ত মুঠ ১০,১৯৯ গৰাকী সন্দেহযুক্ত নাগৰিকৰ নাম অন্তৰ্ভুক্ত হৈছে ৷ DCRৰ উক্ত তথ্যৰ ভিত্তিত NRC কৰ্তৃপক্ষই তদন্ত কৰি জানিব পাৰিলে যে NRCত মুঠ ৪,৭৯৫ জন বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত হৈছে ৷ এই সন্দৰ্ভত NRC কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ক সোমবাৰে অৱগত কৰিছে ৷

য’ত উল্লেখ আছে যে, উল্লেখিত ১০,১৯৯ গৰাকী নাগৰিকৰ মাজত ১,০৩২ গৰাকী সন্দেহযুক্ত নাগৰিক আৰু ৩,৭০০ গৰাকী লোকৰ NRC নাম সন্নিবিষ্ট হোৱাৰ বাবে বৈধ নথিৰ অভাৱ ৷

লগতে পঢ়কঃ বিটিচিৰ ৰাইজে বিজেপি দলক আঁকোৱালি লৈছেঃ চন্দ্ৰমোহন পাটোৱাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.