ETV Bharat / state

পৌৰ নিৰ্বাচনত কাইলৈ ২৫৩২গৰাকী প্রার্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১৬,৭৩,৮৯৯ গৰাকী ভোটাৰে - পৌৰসভাৰ নিৰ্বাচন বেলট পেপাৰ

৮০খন পৌৰসভাৰ ৯৭৭ টা ৱাৰ্ডৰ নিৰ্বাচন(Municipal election 2022)। প্ৰথমবাৰৰ বাবে পৌৰসভাৰ নিৰ্বাচনত ব্যৱহাৰ হ'ব ই ভি এম মেছিন। ২০৫৪ টা ভোটকেন্দ্ৰত হ'ব ভোটগ্ৰহণ । ডিব্ৰুগড় পৌৰসভাত আছে সৰ্বাধিক ১৭৬ টা ভোটকেন্দ্ৰ আৰু সৰ্বাধিক ১.৭০ লাখ ভোটাৰ। ৯ মাৰ্চত হ'ব ভোট গণনা।

municipal election detail story
পৌৰ নিৰ্বাচনত কাইলৈ ২৫৩২গৰাকী প্রার্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১৬,৭৩,৮৯৯ গৰাকী ভোটাৰে
author img

By

Published : Mar 5, 2022, 10:22 PM IST

গুৱাহাটী, 5 মাৰ্চ : অৱশেষত অন্ত পৰিল পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান (Municipal election 2022) । কাইলৈ অনুষ্ঠিত হ'ব পৌৰসভাৰ নিৰ্বাচন । উল্লেখ্য যে, ২০২০ চনত পৌৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়‍া আছিল যদিও ক'ভিড পৰিস্থিতিৰ বাবে সময়মতে অনুষ্ঠিত নহ'ল পৌৰ নিৰ্বাচন । ৬ মাৰ্চত ৰাজ্যৰ ৮০খন পৌৰসভাৰ বাবে নির্বাচন অনুষ্ঠিত হ’ব । পৌৰসভাৰ বাবে থকা মুঠ ৱাৰ্ডৰ সংখ্যা হৈছে ৯৭৭টা ।

এই ৱার্ডসমূহৰ বাবে ২৫৩২গৰাকী প্রার্থী প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হৈছে। কাইলৈ এই প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় হ'ব। পৌৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ভােট গ্রহণৰ ২৪ ঘণ্টাৰ পূর্বে অর্থাৎ আজি পুৱাৰ ভাগত সামৰণি পৰে। দেওবাৰে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত পৌৰ নিৰ্বাচনৰ ফলাফল ঘােষণা হ’ব ৯ মার্চত। উল্লেখ যে শিলচৰ পৌৰসভাক বাদ দি ৰাজ্যৰ ৮০ খন পৌৰসভাৰ কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব । আদালতত গোচৰ চলি থকা বাবে শিলচৰ পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱা নাই ।

municipal election detail story
পৌৰ নিৰ্বাচনত কাইলৈ ২৫৩২গৰাকী প্রার্থীৰ ভাগ্য নিৰ্ণয় কৰিব ১৬,৭৩,৮৯৯ গৰাকী ভোটাৰে

উল্লেখ্য যে, এইবাৰ প্ৰথমবাৰৰ বাবে পৌৰসভাৰ নিৰ্বাচন বেলট পেপাৰৰ বিপৰীতে ই ভি এম মেছিনৰ যোগেদি হ'ব। পৌৰসভা নিৰ্বাচনত M2 EVM ব্যৱহাৰ হ’ব। অৱশ্যে পৌৰসভা নিৰ্বাচনত ব্যৱহাৰ হ'বলগীয়া ই ভি এম মেছিনত ভি ভি পেটৰ ব্যৱস্থা নাথাকিব । ৮০ খন পৌৰসভাৰ বাবে ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ২০৫৪ টা। আনহাতে সৰ্বাধিক ১৭৬ টা ভোটকেন্দ্ৰ আছে ডিব্ৰুগড় পৌৰসভাত ।

সেইদৰে ডিব্ৰুগড় পৌৰসভাত আছে সৰ্বাধিক ১.৭০ লাখ ভোটাৰ। সেইদৰে মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৬,৭৩,৮৯৯ গৰাকী। ইয়াৰে পুৰুষৰ সংখ্যা ৮,৩২,৩৪৮ জন, মহিলাৰ সংখ্যা ৮,৪১,৫৩৪ গৰাকী আৰু তৃতীয় লিংগৰ ১৭ গৰাকী ভোটাৰ। সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোত ২৫ হাজাৰ চৰকাৰী বিষয়া-কৰ্মচাৰী নিয়োজিত হৈছে ।

লগতে পঢ়ক :বিজেপিৰ নামত ধন সংগ্ৰহকাৰীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.