নিউজ ডেস্ক, 9 মাৰ্চ : আজি অসমৰ 80 খন পৌৰসভাৰ 977 টা ৱাৰ্ডত অনুষ্ঠিত পৌৰ নিৰ্বাচন 2022ৰ(Assam Municipal Election 2022) ফলাফল ঘোষণা কৰা হ’ব ৷ পুৱা 8 বজাৰ পৰা আৰম্ভ হ’ব ভোট গণনা ৷ ভোট গণনাৰ বাবে ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে প্ৰস্তুতি ৷
এইবাৰ পৌৰ নিৰ্বাচনত অসমৰ 80 খন পৌৰসভাৰ পৰা 2,532 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল ৷ সোমবাৰে ভোটদানৰ দিনা ঠায়ে ঠায়ে দুই-এটা বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল যদিও প্ৰায় শান্তিপূৰ্ণভাৱেই সমাপ্তি ঘটিছিল নিৰ্বাচনৰ ৷ ভোটদানৰ হাৰ আছিল প্ৰায় 70 শতাংশ ৷
উল্লেখ্য যে, পৌৰ নিৰ্বাচনৰ ইতিহাসত এইবাৰ প্ৰথমবাৰৰ বাবে ইলেক্ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰা হৈছে (EVM in Assam municipal election) । পূৰ্বৰ সোণোৱাল চৰকাৰৰ দিনত ২০১৮ চনত ৰাজ্যত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন । ২০২০ চনতে এই পৌৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া আছিল যদিও ক'ভিড পৰিস্থিতিৰ বাবে সময়মতে অনুষ্ঠিত নহ'ল নিৰ্বাচন ।
লগতে পঢ়ক : সমাপ্ত হ’ল পৌৰ নিৰ্বাচন 2022