গুৱাহাটী,৩ জুলাই : মৎস্য উৎপাদনৰ ক্ষেত্ৰত অসম সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল হোৱাৰ দিশে ধাৱমান হৈছে । ৰাজ্যিক মীন বিভাগে প্ৰকাশ কৰা তথ্য মতে, ৰাজ্যত বছৰি ৪ লাখ মেট্ৰিকটন মাছৰ চাহিদা থকাৰ বিপৰীতে ৩.৯৩ লাখ মেট্ৰিকটন মাছ উৎপাদন হৈ আছে ৷ এইক্ষেত্ৰত উৎপাদন আৰু চাহিদাৰ মাজৰ ব্যৱধান মাত্ৰ ০.৭ শতাংশ ।

অবিৰতভাৱে ঘৰে ঘৰে পুখুৰী, ঘৰে ঘৰে মাছ, পি এম এম এছ ৱাই(PMMSY), চি এম এছ গি ইউ ৱাই (CMSGUY), আৰ আই ডি এফ (RIDF) আদি আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে অসমে মৎস উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ লক্ষণীয় বিষয় যে, ৩৩.৬৭ শতাংশ বৃদ্ধিৰ সৈতে ৰাজ্যত মীন উৎপাদন ২০১৬-১৭ বৰ্ষত ২.৯৪ লাখ মেট্ৰিক টনৰ পৰা বৃদ্ধি হৈ ২০২০-২১ বৰ্ষত ৩.৯৩ লাখ মেট্ৰিকটন হৈছে ।

২০১৫-১৬ চনত উৎপাদন আৰু চাহিদাৰ মাজত প্ৰায় ৪২ শতাংশ পাৰ্থক্য আছিল ৷
যি বৰ্তমান ২০২০-২১ চনত হ্ৰাস পাই মাত্ৰ ০.৭ লাখ মেট্ৰিকটন হৈছে ৷ আনহাতে, মাছৰ জনমুৰি গ্ৰহণ বছৰি ৮.৫ কিল’গ্ৰামৰ পৰা বাঢ়ি ১১.৮৮ কিল’গ্ৰাম হৈছে ৷ সেইদৰে মাছৰ পোনা উৎপাদনো ৫৬৭৮ মিলিয়নৰ পৰা ৭৪.১১ শতাংশ বৃদ্ধি হৈ ৯৮৮৬ মিলিয়ন হৈছে ।

বিগত পাঁচ বছৰত ১৫২৩.৭৪ হেক্টৰ ভূমি সামৰি ১২,৬১০ টা ব্যক্তিগত পুখুৰী, ৪৬৮.১ হেক্টৰ ভূমি সামৰি ৪,০২৯ টা ৰাজহুৱা পুখুৰী, ২২৯.৯৪ হেক্টৰ মাটিত ১,৮২৪ টা মাছৰ পোনা পালন টেংক, ৭৬৩.৮৭ হেক্টৰ মাটিত ৪,২০৪ টা বিল পুখুৰী, ২৫৯.৬৪ হেক্টৰ ভূমিৰ পুখুৰীৰ পুনঃ নিৰ্মাণ আৰু ৬২৯.৯ হেক্টৰ মাটিত ১,৪২০ টা সংহত পুখুৰী নিৰ্মাণ কৰা হৈছে । ২০১৬-১৭ চনৰ ৯০০ হেক্টৰ ভূমিৰ তুলনাত ২০০০ হেক্টৰৰ অধিক অঞ্চল সামৰি নতুনকৈ পুখুৰী নিৰ্মাণ কৰা হৈছে ৷ বিভিন্ন আঁচনিৰ অধীনত ২০১৬-১৭ চনৰ পৰা ২০২১-২২ ৰ জুন মাহলৈ ৫২১ টা মাছৰ পোনা উৎপাদন কৰা পুখুৰী তৈয়াৰ কৰা হৈছে ৷

এই সময়ছোৱাত ২০ টা মাছৰ খাদ্য তৈয়াৰ কৰিবৰ বাবে মিল স্থাপন কৰা হৈছে ৷ ইয়াৰ লগতে ১৩ টা ৰিচাৰ্কুলেটৰী একুৱাকালচাৰ চিষ্টেমৰ (Re circulatory Aquaculture System) সূচনা কৰা হৈছে । লগতে বিভিন্ন বিলত মডুলাৰ বান্ধনিৰে ৩৮ টা বেটাৰী স্থাপন কৰা হৈছে ৷ মৎস উৎপাদন খণ্ডক অধিক সবল কৰাৰ বাবে ৰাজ্যিক মীন পৰিকল্পনা যুগুত কৰাৰ ব্যৱস্থা কৰা হৈছে ৷
লগতে পঢ়ক: ছটাকৈ বিমান বন্দৰক ব্যক্তিগতকৰণৰ কুচকাৱাজ