ETV Bharat / state

সম্প্ৰসাৰণ হ'ব সোণোৱাল মন্ত্ৰীসভা ! - সোণোৱাল মন্ত্ৰীসভা শেহতীয়া খবৰ

বুধবাৰে সংবাদ মাধ্যমৰ পৰা সম্পূৰ্ণ আঁতৰি  মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰী সোণোৱালে আৰ এছ এছৰ শীৰ্ষ নেতৃত্ব আৰু ৰাজ্যিক বিজেপিৰ নেতৃবৃন্দৰ সৈতে ব্ৰহ্মপুত্ৰ অতিথিশালাত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷

দিছপুৰ আৰু বিজেপিৰ ভিতৰচৰাত ব্যাপক চৰ্চা
author img

By

Published : Nov 14, 2019, 1:32 PM IST

গুৱাহাটী, ১৪ নৱেম্বৰ: পুনৰ চৰ্চাত মন্ত্ৰীসভা সম্প্ৰসাৰণ । ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰম্ভ কৰিছে কুচকাৱাজ । ডিচেম্বৰৰ ভিতৰতে সম্প্ৰসাৰণ হ'ব সোণোৱাল মন্ত্ৰীসভা ।

দিছপুৰ আৰু বিজেপিৰ ভিতৰচৰাত ব্যাপক চৰ্চা

বুধবাৰে সংবাদ মাধ্যমৰ পৰা সম্পূৰ্ণ আঁতৰি মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰী সোণোৱালে আৰ এছ এছৰ শীৰ্ষ নেতৃত্ব আৰু ৰাজ্যিক বিজেপিৰ নেতৃবৃন্দৰ সৈতে ব্ৰহ্মপুত্ৰ অতিথিশালাত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৷ । এই জৰুৰী বৈঠকখনত উপস্থিত থাকে আৰ এছ এছৰ শীৰ্ষ নেতা উল্লাস কুলকাৰ্ণী, বশিষ্ঠ বুজৰবৰুৱাৰ উপৰিও ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংগঠনিক সম্পাদক ফনী শৰ্মা, বিজেপিৰ প্ৰভাৰী অজয় জামোৱাল আৰু মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ।

ইতিমধ্যে মন্ত্ৰীসভাত কোন অন্তৰ্ভুক্ত হব তাকে দিছপুৰ আৰু বিজেপিৰ ভিতৰচৰাত ব্যাপক চৰ্চা , জল্পনা-কল্পনা আৰম্ভ হৈছে । চৰ্চালৈ আহিছে বিধায়ক পদ্ম হাজৰিকা, শিলাদিত্য দেৱ, প্ৰশান্ত ফুকন, বিমল বৰা, ৰাজেন বৰঠাকুৰ আদিৰ লগতে সোণাৰি সমষ্টিৰ পৰা শেহতীয়াকৈ উপ নিৰ্বাচনত জয়ী হৈ অহা নৱনীতা সন্দিকৈৰ নাম ।

লগতে পঢ়কঃ ৰাফেল আৰু সাবৰিমালাৰ ৰায়দানৰ শেহতীয়া খবৰ LIVE UPDATE

Intro:গুৱাহাটী, ১৪ নৱেম্বৰ: লোকসভা নিৰ্বাচন কেতিয়াবাতেই শেষ হ'ল । উপ নিৰ্বাচন পৰ্বৰো সামৰণি পৰিল । এতিয়া আহিছে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সময় । ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ কুচকাৱাজ আৰম্ভ কৰিছে । সকলো যদি ঠিকে ঠাকে থাকে তেন্তে ডিচেম্বৰৰ ভিতৰতে সম্প্ৰসাৰণ হ'ব সোণোৱাল মন্ত্ৰীসভা ।

Body:মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়টোক লৈ বুধবাৰে সংবাদ মাধ্যমৰ পৰা সম্পূৰ্ণ আতৰি মুখ্যমন্ত্ৰী সোণোৱালে ব্ৰহ্মপুত্ৰ অতিথিশালাত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় আৰ এছ এছৰ শীৰ্ষ নেতৃত্ব আৰু ৰাজ্যিক বিজেপিৰ নেতৃবৃন্দৰ সৈতে । বুধবাৰৰ এই জৰুৰী বৈঠকখনত উপস্থিত থাকে আৰ এছ এছৰ শীৰ্ষ নেতা উল্লাস কুলকাৰ্ণী, বশিষ্ঠ বুজৰবৰুৱাৰ উপৰিও ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংগঠনিক সম্পাদক ফনী শৰ্মা, বিজেপিৰ প্ৰভাৰী অজয় জামোৱাল আৰু মন্ত্ৰী ড: হিমন্তবিশ্ব শৰ্মা ।

Conclusion:ইতিমধ্যে মন্ত্ৰীসভাত কোন অন্তৰ্ভুক্ত হব তাকে দিছপুৰ আৰু বিজেপিৰ অন্দৰমহলত ব্যাপক চৰ্চা , জল্পনা কল্পনা আৰম্ভ হৈছেই । চৰ্চালৈ আহিছে বিধায়ক পদ্ম হাজৰিকা, শিলাদিত্য দেৱ, প্ৰশান্ত ফুকন, বিমল বৰা, ৰাজেন বৰঠাকুৰ আদিৰ লগতে সোণাৰি সমষ্টিৰ পৰা শেহতীয়া উপ নিৰ্বাচনত জয়ী হৈ অহা নৱনীতা সন্দিকৈৰ নাম ।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.