ETV Bharat / state

Pijush Hazarika criticizes Karnataka-Kerala govt: সুৰা-পেট্ৰ’লৰ দামক লৈ কেৰালা-কৰ্ণাটক চৰকাৰক কটাক্ষ মন্ত্ৰী পীযুষ হাজৰীকাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 5:23 PM IST

কৰ্ণাটকত সুৰাৰ লগতে পেট্ৰ’লৰ দাম অসমতকৈ কিমান বেছি ? কেৰালাত পেট্ৰ’লৰ দাম কিমান ? অসমতকৈ কিমান বেছি ? আপুনি জানেনে ? নাজনিলেও কোনো কথা নাই, অসমৰ প্ৰভাৱশালী মন্ত্ৰীয়ে আপোনাক জনোৱাৰ ব্যৱস্থা কৰিছে ।

Piyush Hazarika super active On Social media
liquor prices in Assam

গুৱাহাটী, ১৫ নৱেম্বৰ: লোকসভা নিৰ্বাচন পালেহি যদিও পূৰ্বৰ দৰে এতিয়াও এক প্ৰকাৰ সক্ৰিয় হ’ব পৰা নাই বিজেপিৰ আই টি চেল ৷ সামাজিক মাধ্যমত আইটি চেলৰ সদস্য, ট্ৰলাৰসকল এক প্ৰকাৰ নিস্ক্ৰিয় বুলিলেও ভুল নহ’ব ৷ তেওঁলোকৰ বিপৰীতে সক্ৰিয় হৈছে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এগৰাকী মন্ত্ৰী ৷ কংগ্ৰেছ আৰু বাঁওপন্থী দল শাসিত ৰাজ্যত চৰকাৰৰ দাম বৃদ্ধিৰ বিৰুদ্ধে সামজিক মাধ্যমত গুজৰি উঠিছে মন্ত্ৰী পীযুষ হাজৰীকা ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিজেপি নেতৃত্বাধীন অসম চৰকাৰখনৰ অধীনত আৰু বিৰোধী শাসিত ৰাজ্যৰ সুৰাৰ মূল্য আৰু বাহনৰ ইন্ধনৰ মূল্যৰ তুলনামূলক বিশ্লেষণ আগবঢ়াইছে মন্ত্ৰী পীযুষ হাজৰীকাই ৷ কংগ্ৰেছ শাসিত কৰ্ণাটকৰ সুৰাৰ দাম আৰু বাঁওপন্থী দল চিপিআইএম শাসিত কেৰালাত পেট্ৰলৰ দাম কিমান ? আনহাতে দুয়োবিধ সামগ্ৰীৰে অসমত দাম কিমান সেই কথা তথ্যসহ সামাজিক মাধ্যম ফেচবুকত দুদিন ধৰি ধাৰাবাহিকভাৱে পোষ্ট দিছে মন্ত্ৰী হাজৰীকাই ।

অসমতকৈ যে দুয়োবিধ সামগ্ৰীতে ৰাজ্য দুখনত চৰকাৰে কৰ বেছিকৈ লোৱাৰ বাবে দাম বেছি তাৰ প্ৰমাণ হিচাবে শেহতীয়া দুখন বিলো লগতে আপডেট দিছে মন্ত্ৰী পিযুষ হাজৰীকাই । সামাজিক মাধ্যমত কৰ্ণাটকৰ সুৰাৰ মূল্য প্ৰসংগত লিখিছে, “সুৰাপান স্বাস্থ্যৰ কাৰণে যে ক্ষতিকাৰক তাত কোনো সন্দেহ নাই । কিন্তু সুৰাৰ পৰা ৰাজ্য চৰকাৰৰ ৰাজহ আহৰণক লৈ আলোচনা চলি থকা দেখি আকৌ এটা তথ্য আগবঢ়াইছো । সত্য আৰু বাস্তৱক কোনোদিনেই স্বীকাৰ কৰিব নোখোজাসকলক জনাব বিচাৰো যে অসমে সুৰাৰ ওপৰত যিমান কৰ আৰোপ কৰে কংগ্ৰেছ শাসিত ৰাজ্য কৰ্ণাটককে তাতকৈ তিনিগুণ বেছি কৰ আৰোপ কৰে । তাৰ বাবেই ৭৫০ মিলিলিটাৰৰ সুৰাৰ এটা বটলৰ দাম অসমত যদি ৮৩৫ টকা, কৰ্ণাটকত সেই একেই পৰিমাণ আৰু একেই সুৰাৰ বটলৰ দাম ২১৫৫ টকা ।’’

‘‘আকৌ কৈছোঁ সুৰাপান স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক, কিন্তু সুযোগ লৈ কংগ্ৰেছ শাসিত ৰাজ্যত সুৰাৰ ওপৰত এনেকৈ ইমান বেছিকৈ কৰ আৰোপ কৰাটো আৰু বেছি ক্ষতিকাৰক যিটো অসম চৰকাৰে হ’বলৈ দিয়া নাই আৰু ভৱিষ্যতেও সহজে নিদিয়ে । অসম চৰকাৰে ন্যূনতম কৰ সংগ্ৰহ কৰিব, সৰ্বাধিং উন্নয়নত জোৰ দিব । সমালোচনা কৰাই কৰি থাকিব, কিন্তু ৰাইজক সকলো ফালৰ সকাহ দিয়াটোৱেই আমাৰ লক্ষ্য ।’’ হাজৰীকাই লগতে কয় ৷

লগতে সামজিক মাধ্যমত মন্ত্ৰীগৰাকীয়ে কৰ্ণাটক আৰু কেৰালাৰ পেট্ৰ’লৰ দাম প্ৰসংগত দুটাকৈ পোষ্ট দিছে ৷ মন্ত্ৰী হাজৰীকাই তেওঁৰ দ্বিতীয়টো পোষ্টত লিখিছে, “কৰ্ণাটক আৰু অসমৰ পেট্ৰ’লৰ দামক লৈ আমি তথ্য সহকাৰে দিয়া এটা পোষ্টত একাংশই সত্যক মানি ল’বলৈ টান পাইছে । সেইসকলক আত্মবিশ্লেষণৰ সুযোগ দি আৰু এটা পোষ্ট আগবঢ়াইছোঁ । কেৰালাত সৰ্বহাৰাৰ সৰ্বেসৰ্বা বুলি ভবা চিপিআইএমৰ চৰকাৰৰ দিনত পেট্ৰলৰ দাম ১০৮ টকা আৰু অসমত ৯৮ টকা । মোৰ আগৰ পোষ্ট দেখি কেৰালাৰ সাধাৰণ ব্যক্তি এজনে এই স্লীপ পঠাই সুধিছে কেৰালাত অসমৰ দৰে পেট্ৰলৰ দাম ১০০ ৰ তলত কিয় হ'ব নোৱাৰে । চেল পেট্ৰ’লৰ নামতে হওক বা সাধাৰণ পেট্ৰলৰ নামতে হওক ,আমি অসমত পেট্ৰ’লৰ দাম ১১৭ বা ১০৮ টকা হ'বলৈ দিয়া নাই, ভৱিষ্যতেও সহজে নিদিওঁ ।’’

‘‘সমালোচনা কৰাই কৰি থাকক, আমি ৰাইজক সকাহ দিয়াৰ বাবে এনেকৈ কাম কৰি যাম ।” মন্ত্ৰী হাজৰীকাৰ সামাজিক মাধ্যমৰ এই তিনিটা পোষ্টক লৈ নেটিজেনৰ মাজত বাৰুকৈয়ে আলোচনা-সমালোচনা হৈছে ৷ মন্ত্ৰীগৰাকীৰ এনে পোষ্টে বৰ্তমান নিষ্ক্ৰিয় হৈ থকা একালৰ সামাজিক মাধ্যমৰ বিজেপি আইটি চেলৰ বীৰ(!) সেনানী সকলক উৎসাহিত কৰিবনে ? সেয়াও হৈছে এক চৰ্চিত বিষয় ।

লগতে পঢ়ক: GMC development: প্ৰতিশ্ৰুতি মতে গুৱাহাটীৰ উন্নয়ন সাধনত ব্যৰ্থ বিজেপি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.