ETV Bharat / state

Skill development:দক্ষ লোক কেতিয়াও নিবনুৱা নহয়-জয়ন্ত মল্ল বৰুৱা

author img

By

Published : Jul 4, 2023, 9:34 PM IST

‘স্কিল ইণ্ডিয়া’ অভিযানৰ অংশস্বৰূপে কাৰিকৰী শিক্ষা আৰু স্বীকৃতিৰ বাবে বৃত্তি কাৰ্যসূচী ৷

Jayanta Malla Baruah  emphasizes on skill development
জয়ন্ত মল্ল বৰুৱা

Jayanta Malla Baruah  emphasizes on skill development
‘স্কিল ইণ্ডিয়া’ ৰ অভিযান

গুৱাহাটী, ৪ জুলাই: ‘স্কিল ইণ্ডিয়া’ অভিযানলৈ পূৰ্ণ সমৰ্থন যোগোৱা দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি টয়োটা কিৰ্লোস্কাৰ মটৰে [টিকেএম]- টয়োটা কাৰিকৰী শিক্ষা কাৰ্যসূচী [টি-টিইপি] উদ্যোগৰ অধীনত মঙলবাৰে "কাৰিকৰী শিক্ষা আৰু স্বীকৃতিৰ বাবে বৃত্তি কাৰ্যসূচী" [ষ্টাৰ] ঘোষণা কৰে । গুৱাহাটীত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰি অসম চৰকাৰৰ দক্ষতা বিকাশ তথা নিয়োগ উদ্যোগীকৰণ, জন স্বাস্থ্য অভিযান্ত্ৰিকী আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে, “টয়োটাই টি-টিইপি কাৰ্যসূচীৰ জৰিয়তে উদ্যোগ আৰু বিভিন্ন প্ৰতিষ্ঠানৰ মাজৰ ব্যৱধান দূৰ কৰাৰ বাবে লোৱা দায়বদ্ধ পদক্ষেপৰ আমি শলাগ লৈছোঁ” ।

তেওঁ লগতে কয়, “টয়োটাৰ সৰ্বোত্তম পদ্ধতি, মূল্যবোধ আৰু অত্যাধুনিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ অন্তৰ্দৃষ্টি বা মূল্যৱান ইনছাইট লাভৰ জৰিয়তে গ্ৰামাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰিব । দক্ষ লোক কেতিয়াও নিবনুৱা নহয় । দক্ষ ভাৰততেই আমাৰ ভৱিষ্যত নিৰ্ভৰশীল । যুগৰ সৈতে মিলি সংস্থাপনৰ বাট মুকলি কৰিবলৈ দক্ষ হ’ব লাগিব । টয়োটাৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানৰ সহযোগিতামূলক প্ৰচেষ্টাই উত্তৰ,পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীৰ মাজত বিশ্বমানৰ কৰ্মশক্তিৰ উপলব্ধতা বৃদ্ধি কৰি নিজৰ কেৰিয়াৰৰ আকাংক্ষা বা সপোনক আগুৱাই নিয়াৰ উপৰিও অটো ছেক্টৰৰ সমৃদ্ধিত যথেষ্ট অৰিহণা যোগাব” ৷

টয়োটা কিৰ্লোস্কাৰ মটৰৰ ভাৰতৰ মুৰব্বী তথা কাৰ্যবাহী উপাধ্যক্ষ বিক্ৰম গুলাটিয়ে এই অনুষ্ঠানত কয়-যিসকল ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰে দশম শ্ৰেণী সম্পূৰ্ণ কৰিছে, কিন্তু কাৰিকৰী প্ৰতিষ্ঠান(আই টি আই/পলিটেকনিক)ত উচ্চ পঢ়া-শুনা কৰিবৰ সুবিধা পোৱা নাই সেইসকল ছাত্ৰ-ছাত্ৰীক সহায় কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । উত্তৰ,পূব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আজিও অব্যৱহৃত বা সুযোগবিহীন সম্ভাৱনাক এখন মঞ্চ দিয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰি ষ্টাৰৰ পদক্ষেপে অৰ্থনৈতিক পটভূমিক প্ৰত্যাহ্বান জনোৱা ক্ষেত্ৰৰ পৰা যোগ্য শিক্ষাৰ্থীসকলক শক্তিশালী হোৱাৰ সুযোগ প্ৰদান কৰিব ।

এই অনন্য পাইলট প্ৰকল্পই মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, বিহাৰ, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু অসমসহ ১১খন ৰাজ্যৰ শিক্ষাৰ্থী উপকৃত কৰিব । এই ষ্টাৰ পদক্ষেপৰ জৰিয়তে টিকেএমৰ লক্ষ্য হৈছে প্ৰতিভাৱান লোকসকলৰ বাবে নিজৰ দক্ষতাৰ স্তৰ আৰু উন্নত প্ৰযুক্তিৰ জ্ঞান বৃদ্ধি কৰি ক্ৰমবৰ্ধমান অটোমোটিভ খণ্ড(ছেক্টৰ)ৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ এখন মঞ্চ প্ৰদান কৰা ।

আৰ্থিক প্ৰত্যাহ্বানৰ বাবে আগবাঢ়িব নোৱাৰা প্ৰতিভাৱান যোগ্য ছাত্ৰ-ছাত্ৰীক বছৰি ৫১,০০০ টকা পৰ্যন্ত বৃত্তি প্ৰদান কৰা হ’ব যাৰ দ্বাৰা হোষ্টেলৰ মাচুল, শৈক্ষিক ব্যয় আৰু পৰিয়ালক সহায় কৰাৰ সুযোগ দিয়া হ’ব । মহিলা সবলীকৰণক আৰু অধিক প্ৰসাৰিত কৰাৰ বাবে এই কাৰ্যসূচীয়ে মহিলা ছাত্ৰীসকলৰ বাবে ৩০ শতাংশ সংৰক্ষণৰো ব্যৱস্থা কৰিছে । অনুষ্ঠানত টয়োটা কিৰ্লোস্কাৰ মটৰৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : CM in Nalbari: নলবাৰীত বিকাশ কাৰ্যসূচী ৰূপায়ণ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.