গুৱাহাটী, 13 ছেপ্তেম্বৰ : প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ বাবেই মহানগৰীৰ মালিগাঁৱৰ মৃদুল বৰালৈ আগবঢ়োৱা হৈছে আন্তঃৰাষ্ট্ৰীয় সন্মান ৷ নৰ্থ আমেৰিকান এছ'চিয়েচন ফৰ এনভাৰ'মেন্ট এডুকেশ্বন নামৰ এটা সংস্থাটোৰ পৰা আগবঢ়োৱা হৈছে এই সন্মান ৷ শেহতীয়াকৈ ঘোষিত হোৱা '2020 EE 30' ৰ বাবে নিৰ্বাচিত হৈছে মৃদুল বৰা নামৰ যুৱকজন ।
উল্লেখ্য যে, প্ৰতিবছৰে দেশৰ 30 গৰাকীকৈ 30 অনুৰ্ধৰ পৰিৱেশ কৰ্মীক প্ৰদান কৰা হয় এই সন্মান । বিগত কেইবা বছৰ ধৰি প্ৰকৃতি সংৰক্ষণৰ অৰ্থে বিভিন্ন সজাগতামূলক কামকাজ কৰি আহিছে মৃদুল বৰাই । বিশেষকৈ নাহৰফুটুকী আৰু মানুহৰ সংঘাত ৰোধ কৰা, হাতী-মানুহৰ সংঘাত, বান্দৰ-মানুহৰ সংঘাত আদি ৰোধৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ হকে নানা পদক্ষেপ হাতত লৈ আহিছে যুৱকজনে । যাৰবাবে তেখেতে এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান বুটলিবলৈ সক্ষম হৈছে ।
উল্লেখ্য যে, মৃদুল বৰা হৈছে প্ৰথম গৰাকী অসমীয়া যিয়ে নৰ্থ আমেৰিকান এছ'চিয়েচন ফৰ এনভাৰ'মেন্ট এডুকেশ্বন নামৰ সংস্থাটোৱে প্ৰদান কৰা এই সন্মানৰ বাবে নিৰ্বাচিত হৈছে । ভাৰতৰ মুঠ 3 গৰাকী যুৱ পৰিৱেশ কৰ্মীয়ে এই সন্মান পাবলৈ সক্ষম হৈছে ।
প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ কৰ্মীসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে এই সন্মান প্ৰদান কৰি আহিছে নৰ্থ আমেৰিকান এছ'চিয়েচন ফৰ এনভাৰ'মেন্ট এডুকেশ্বন নামৰ সংস্থাটোৱে ।
লগতে পঢ়ক : অক্টোবৰৰ পৰা পুনৰ আৰম্ভ হ'ব উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ উৎপাদন