গুৱাহাটী,২০ জুনঃ কামাখ্যা ধামত মহা অম্বুবাচী মেলা। এইবাৰ অম্বুবাচী মেলাত কিন্নৰ সমাজে উলিয়াব ৰেলী। অম্বুবাচীলৈ আৰু মাজত দুটা দিন। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে জিলা প্ৰশাসনে। প্ৰশাসনে নিৰ্মাণ কৰা চাৰিটাকৈ ভক্তৰ শিবিৰৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। এইবাৰ কামাখ্যালৈ আহিছে কিন্নৰ সমাজ। কাইলৈ কিন্নৰ সমাজে মন্দিৰলৈ ওলাব ৰেলী। ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰিলে কিন্নৰ আখৰাৰ মা ভবানীয়ে।
লগতে আন এটা বাতৰি- অম্বুবাচী উপলক্ষ্যে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ বিশেষ ব্যৱস্থা