ETV Bharat / state

২০১৪ৰ পৰাই অসমত বৃদ্ধি পাইছে জেহাদীৰ তৎপৰতা!

২০১৪ চনতে পোহৰলৈ আহিছিল অসমত জেহাদীৰ তৎপৰতাৰ কথা ৷ ২০১৪ চনৰ ২ অক্টোবৰত পশ্চিম বংগৰ বৰ্ধমানৰ এটা মছজিদত সংঘটিত হৈছিল বোমা বিস্ফোৰণৰ ঘটনা। এই ঘটনাৰ পিচতে তদন্তকাৰী সংস্থা নিয়া আৰু নিশ্চিত হৈছিল মছজিদটো জামাতুল মুজাহিদীন বাংলাদেশ (জে এম বি) নামৰ জেহাদী সংগঠনটোৱে বোমা-বাৰুদ নিৰ্মাণৰ কাৰখানা ৰূপে ব্যৱহাৰ কৰি আহিছিল ৷

অসমত বৃদ্ধি পাইছে জেহাদীৰ তৎপৰতা!
author img

By

Published : Aug 5, 2019, 7:25 PM IST

গুৱাহাটী, ৫ আগষ্ট: বিগত এটা সপ্তাহত নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ছটাকৈ জেহাদী গ্ৰেপ্তাৰ হোৱাৰ পিছত এই ভয়ানক তৎপৰতাৰ বহু নতুন পৃষ্ঠা খোল খাবলৈ আৰম্ভ কৰিছে। অসমত জেহাদীৰ তৎপৰতা বা কাৰ্যকলাপ সন্দৰ্ভত ই টিভি ভাৰতৰ হাতত আহি পৰিছে আৰু বহু বিস্ফোৰক তথ্য ।

২০১৪ চনতে পোহৰলৈ আহিছিল অসমত জেহাদীৰ তৎপৰতাৰ কথা
  • অসমত জেহাদীৰ তৎপৰতা কোনো নতুন কথা নহয়। ২০১৪ চনতে পোহৰলৈ আহিছিল এই কথা। ২০১৪ চনৰ ২ অক্টোবৰত পশ্চিম বংগৰ বৰ্ধমানৰ এটা মছজিদত সংঘটিত হৈছিল এক বোমা বিস্ফোৰণৰ ঘটনা। এই ঘটনাৰ তদন্ত চলাই " নিয়া " আৰু পশ্চিম বংগ আৰক্ষী নিশ্চিত হৈছিল যে উক্ত মছজিদটো জামাতুল মুজাহিদীন বাংলাদেশ (জে এম বি) নামৰ জেহাদী সংগঠনটোৱে বোমা - বাৰুদ নিৰ্মাণৰ কাৰখানা ৰূপে ব্যৱহাৰ কৰি আহিছিল আৰু ২ অক্টোবৰৰ বিস্ফোৰণটো আছিল এটা দুৰ্ঘটনা । কিন্তু সেই দুৰ্ঘটনাই মুকলি কৰিলে বহু নতুন দিশ,বিশেষকৈ জে এম বিৰ কুচকাৱাজ সন্দৰ্ভত । তাতোকৈ ডাঙৰ কথা আছিল এইটোৱেই যে সেই বিস্ফোৰণৰ সৈতে সাঙোৰ খাই পৰিছিল অসমৰ নাম । কিয়নো,উক্ত বিস্ফোৰণৰ মূল অভিযুক্ত হিচাপে" নিয়া"ই চিনাক্ত কৰা ছাহানুৰ আলম ওৰফে "ডাক্তৰ" নামৰ জেহাদীটোৰ ঘৰ আছিল অসমৰ সৰ্থেবাৰীৰ চাতলা গাৱঁত। বিস্ফোৰণৰ প্ৰায় দুমাহৰ পিছত ২০১৪ চনৰ ডিচেম্বৰ মাহৰ শেষৰ ভাগত আৰক্ষীয়ে ডাক্তৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ জালত পৰে ছাহানুৰৰ পত্নীও। সেয়াই আৰম্ভণী । ছাহানুৰৰ গ্ৰেপ্তাৰৰ পিছত অসমতো জে এম বি নামৰ জেহাদী সংগঠনটোৱে ভালকৈয়ে খোপনি পোতাৰ তথ্য অসম আৰক্ষীয়ে লাভ কৰে। ছাহানুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত সেই সময়ত অসম আৰক্ষীয়ে ধুবুৰী,কোকৰাঝাৰ আৰু বঙাইগাৱৰ পৰা মুঠ ১৫ টা জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । পৰৱৰ্তী সময়ত অৰ্থাৎ ২০১৪ চনৰ ডিচেম্বৰৰ পৰা ২০১৬ চনলৈ অসম আৰক্ষী আৰু "নিয়া" ই অভিযান চলাই নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ২২ টাকৈ জেহাদীক গ্ৰেপ্তাৰ কৰাৰ উপৰিও কৰিমগঞ্জৰ পৰা এটা জেহাদীক গ্ৰেপ্তাৰ কৰে । ধৃত ছাহানুৰ আৰু বাকীকেইটা জেহাদীৰ স্বীকাৰোক্তিৰ পৰা আৰক্ষীয়ে এই তথ্যও লাভ কৰিছিল যে নামনি অসমৰ বিভিন্ন মাদ্ৰাছা আৰু মছজিদত জে এম বিয়ে কেইবাটাও "মডিউল" গঠন কৰি ধৰ্মীয় কথা বতৰাৰে স্থানীয় যুৱক যুৱতীক জেহাদৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা চলাই আহিছিল । উত্তৰ প্ৰদেশ,পশ্চিম বংগ আৰু কেৰালাৰ কেইবাজনো মৌলবীৰ সঘন আহযাহ আছিল সেই নিৰ্দিষ্ট মাদ্ৰাছা আৰু মছজিদকেইটাত । বৰ্ধমান বিস্ফোৰণৰ আত ধৰিয়েই আৰক্ষীয়ে চলোৱা অভিযানত সেই সময়ত বৰপেটা,কোকৰাঝাৰ আৰু ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰা হৈছিল ১৯ টাকৈ বোমা । অসম আৰক্ষীয়েও এয়া এক বৃহৎ সাফল্য বুলি দাবী কৰি কৈছিল যে অসমত জেহাদীয়ে চলোৱা তৎপৰতা পুলিয়ে পোখাই মষিমূৰ কৰা হৈছে । কিন্তু আৰক্ষীৰ সেই দাবী মিছা প্ৰমাণিত হয় সৌ সিদিন, ৩০ জুলাইৰ নিশা।
  • একেদৰে ৩০ জুলাইৰ নিশা বৰপেটা জিলাৰ ভৱানীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় পুনৰ আন এটা জেহাদীক। নাম- হাফিজুৰ ৰহমান । হাফিজুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত ৩১ জুলাইৰ পুৱা পুনৰ কয়াকুছিৰ পৰা য়াকুব আলী আৰু ছৰিফুল ইছলাম নামৰ জেহাদী দুটাক গ্ৰেপ্তাৰ কৰা হয় । লক্ষণীয় কথাটো হ'ল ধৃত হাফিজুৰে উত্তৰ প্ৰদেশৰ এনে এখন মাদ্ৰাছাৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল, যিখনৰ সৈতে জেহাদীৰ সম্পৰ্ক আছে বুলি উত্তৰ প্ৰদেশ আৰু দিল্লী আৰক্ষীয়ে সন্দেহ কৰি আহিছে । হাফিজুৰ,য়াকুব আৰু ছৰিফুলৰ পিছত ১ আগষ্টত চিৰাঙৰ পৰা গ্ৰেপ্তাৰ কৰা হয় হানিফ আলী নামৰ আন এটা জেহাদীক । ৩ আগষ্টৰ নিশাও আৰক্ষীয়ে সৰ্থেবাৰীৰ চতলা গাৱৰ (ছাহানুৰ আলমৰ গাওঁ) পৰা মুস্তাফিজুৰ ৰহমান আৰু নলবাৰীৰ পৰা ছফিকুল ইছলাম নামৰ আন দুটা জেহাদীক গ্ৰেপ্তাৰ কৰে । অৰ্থাৎ বিগত প্ৰায় এটা সপ্তাহৰ ভিতৰতে ছটাকৈ জেহাদী গ্ৰেপ্তাৰ হোৱা ঘটনাই প্ৰমাণ কৰিছে যে অসমত এতিয়াও অতি সাংঘাতিক ধৰণে চলি আছে জেহাদীৰ তৎপৰতা ।

Intro:গুৱাহাটী, ৫ আগষ্ট: বিগত এটা সপ্তাহত নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ছটাকৈ জেহাদী গ্ৰেপ্তাৰ হোৱাৰ পিছত এই ভয়ানক তৎপৰতাৰ বহু নতুন পৃষ্ঠা খোল খাবলৈ আৰম্ভ কৰিছে। অসমত জেহাদীৰ তৎপৰতা বা কাৰ্যকলাপ সন্দৰ্ভত ই টিভি ভাৰতৰ হাতত আহি পৰিছে আৰু বহু বিস্ফোৰক তথ্য।

Body:ৰাজ্যত জেহাদীৰ তৎপৰতা কোনো নতুন কথা নহয়। ২০১৪ চনতে পোহৰলৈ আহিছিল এই কথা। ২০১৪ চনৰ ২ অক্টোবৰত পশ্চিম বংগৰ বৰ্ধমানৰ এটা মছজিদত সংঘটিত হৈছিল এক বোমা বিস্ফোৰণৰ ঘটনা। এই ঘটনাৰ তদন্ত চলাই " নিয়া " আৰু পশ্চিম বংগ আৰক্ষী নিশ্চিত হৈছিল যে উক্ত মছজিদটো জামাতুল মুজাহিদীন বাংলাদেশ (জে এম বি) নামৰ জেহাদী সংগঠনটোৱে বোমা - বাৰুদ নিৰ্মাণৰ কাৰখানা ৰূপে ব্যৱহাৰ কৰি আহিছিল আৰু ২ অক্টোবৰৰ বিস্ফোৰণটো আছিল এটা দুৰ্ঘটনা। কিন্তু সেই দুৰ্ঘটনাই মুকলি কৰিলে বহু নতুন দিশ, বিশেষকৈ জে এম বিৰ কুচকাৱাজ সন্দৰ্ভত। তাতোকৈ ডাঙৰ কথা আছিল এইটোৱেই যে সেই বিস্ফোৰণৰ সৈতে সাঙোৰ খাই পৰিছিল অসমৰ নাম। কিয়নো, উক্ত বিস্ফোৰণৰ মূল অভিযুক্ত হিচাপে " নিয়া "ই চিনাক্ত কৰা ছাহানুৰ আলম ওৰফে " ডাক্তৰ " নামৰ জেহাদীটোৰ ঘৰ আছিল অসমৰ সৰ্থেবাৰীৰ চাতলা গাৱঁত। বিস্ফোৰণৰ প্ৰায় দুমাহৰ পিছত ২০১৪ চনৰ ডিচেম্বৰ মাহৰ শেষৰ ভাগত আৰক্ষীয়ে ডাক্তৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জালত পৰে ছাহানুৰৰ পত্নীও। সেয়াই আৰম্ভনি। ছাহানুৰৰ গ্ৰেপ্তাৰৰ পিছত অসমতো জে এম বি নামৰ জেহাদী সংগঠনটোৱে ভালকৈয়ে খোপনি পোতাৰ তথ্য অসম আৰক্ষীয়ে লাভ কৰে। ছাহানুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত সেই সময়ত অসম আৰক্ষীয়ে ধুবুৰী, কোকৰাঝাৰ আৰু বঙাইগাৱৰ পৰা মুঠ ১৫ টা জেহাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। পৰবৰ্তী সময়ত অৰ্থাৎ ২০১৪ চনৰ ডিচেম্বৰৰ পৰা ২০১৬ চনলৈ অসম আৰক্ষী আৰু "নিয়া" ই অভিযান চলাই নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ২২ টাকৈ জেহাদীক গ্ৰেপ্তাৰ কৰাৰ উপৰিও কৰিমগঞ্জৰ পৰা এটা জেহাদীক গ্ৰেপ্তাৰ কৰে। ধৃত ছাহানুৰ আৰু বাকীকেইটা জেহাদীৰ স্বীকাৰোক্তিৰ পৰা আৰক্ষীয়ে এই তথ্যও লাভ কৰিছিল যে নামনি অসমৰ বিভিন্ন মাদ্ৰাছা আৰু মছজিদত জে এম বিয়ে কেইবাটাও " মডিউল " গঠন কৰি ধৰ্মীয় কথা বতৰাৰে স্থানীয় যুৱক যুৱতীক জেহাদৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা চলাই আহিছিল। উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু কেৰালাৰ কেইবাজনো মৌলবীৰ সঘন আহযাহ আছিল সেই নিৰ্দিষ্ট মাদ্ৰাছা আৰু মছজিদকেইটাত। বৰ্ধমান বিস্ফোৰণৰ আত ধৰিয়েই আৰক্ষীয়ে চলোৱা অভিযানত সেই সময়ত বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ কৰা হৈছিল ১৯ টাকৈ বোমা। অসম আৰক্ষীয়েও এয়া এক বৃহৎ সাফল্য বুলি দাবী কৰি কৈছিল যে অসমত জেহাদীয়ে চলোৱা তৎপৰতা পুলিয়ে পোখাই মষিমূৰ কৰা হৈছে। কিন্তু আৰক্ষীৰ সেই দাবী মিছা প্ৰমাণিত হয় সৌ সিদিনা, ৩০ জুলাইৰ নিশা।

Conclusion:৩০ জুলাইৰ নিশা বৰপেটা জিলাৰ ভৱানীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় পুণৰ এটা জেহাদীক। নাম- হাফিজুৰ ৰহমান। হাফিজুৰৰ স্বীকাৰোক্তিৰ ভিত্তিত ৩১ জুলাইৰ পুৱা পুণৰ কয়াকুছিৰ পৰা য়াকুব আলী আৰু ছৰিফুল ইছলাম নামৰ জেহাদী দুটাক গ্ৰেপ্তাৰ কৰা হয়। লক্ষনীয় কথাটো হ'ল ধৃত হাফিজুৰে উত্তৰ প্ৰদেশৰ এনে এখন মাদ্ৰাছাৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল, যিখনৰ সৈতে জেহাদীৰ সম্পৰ্ক আছে বুলি উত্তৰ প্ৰদেশ আৰু দিল্লী আৰক্ষীয়ে সন্দেহ কৰি আহিছে। হাফিজুৰ, য়াকুব আৰু ছৰিফুলৰ পিছত ১ আগষ্টত চিৰাঙৰ পৰা গ্ৰেপ্তাৰ কৰা হয় হানিফ আলী নামৰ আন এটা জেহাদীক। ৩ আগষ্টৰ ৰাতিও আৰক্ষীয়ে সৰ্থেবাৰীৰ চতলা গাৱৰ (ছাহানুৰ আলমৰ গাওঁ) পৰা মুস্তাফিজুৰ ৰহমান আৰু নলবাৰীৰ পৰা ছফিকুল ইছলাম নামৰ আন দুটা জেহাদীক গ্ৰেপ্তাৰ কৰে। অৰ্থাৎ বিগত প্ৰায় এটা সপ্তাহৰ ভিতৰতে ছটাকৈ জেহাদী গ্ৰেপ্তাৰ হোৱা ঘটনাই প্ৰমাণ কৰিছে যে অসমত এতিয়াও অতি সাংঘাতিক ধৰণে চলি আছে জেহাদীৰ তৎপৰতা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.