ETV Bharat / state

AJP on OPS: পুৰণি পেন্সন নীতি পুনৰ প্ৰৱৰ্তনৰ দাবী অসম জাতীয় পৰিষদৰ - অসম জাতীয় পৰিষদ

সংবাদমেলত সৰৱ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ । অসমত বাহাল কৰক পুৰণি পেন্সন নীতি। অ’ পি এছ ব্যৱস্থা প্ৰৱৰ্তনৰ সম্পূৰ্ণ এক্তিয়াৰ ৰাজ্য চৰকাৰৰ । ৰাজ্য চৰকাৰে ইচ্ছা কৰিলে কোনো বাধা অবিহনে যিকোনো মুহূৰ্তত অ’ পি এছ ব্যৱস্থা প্ৰৱৰ্তন কৰিব পাৰে । সমগ্ৰ কৰ্মজীৱন চৰকাৰী সেৱাত নিজকে নিয়োজিত কৰা কৰ্মচাৰীসকলৰ অৱসৰোত্তৰ জীৱনৰ আৰ্থিক নিৰাপত্তাৰ দায়িত্বও চৰকাৰে গ্ৰহণ কৰা উচিত ।

AJP on OPS
AJP on OPS
author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 8:40 PM IST

অসমত বাহাল কৰক পুৰণি পেন্সন নীতি; অজাপৰ দাবী

গুৱাহাটী, ২৫ আগষ্ট: নতুন ৰাষ্ট্ৰীয় পেন্সন নীতি চমুকৈ এন পি এছ ব্যৱস্থা প্ৰত্যাহাৰ কৰি পুৰণি পেন্সন নীতি চমুকৈ অ’ পি এছ ব্যৱস্থা পুনৰ বাহাল কৰিবলৈ দাবী উত্থাপন কৰিছে অসম জাতীয় পৰিষদ চমুকৈ এজেপিয়ে ।

শুকুৰবাৰে দলটোৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰকালীন পেঞ্চনৰ সমগ্ৰ ব্যৱস্থাটোত সংস্কাৰ সাধনৰ নামত এন পি এছ ব্যৱস্থা প্ৰৱৰ্তনৰ জৰিয়তে কৰ্মচাৰীসকলৰ অধিকাৰ হৰণ কৰা হৈছে ।

বিজেপি দলৰ কৰ্পোৰেটমুখী নীতিৰ অংশ স্বৰূপে এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে অ’ পি এছ ব্যৱস্থা প্ৰৱৰ্তনৰ সম্পূৰ্ণ এক্তিয়াৰ ৰাজ্য চৰকাৰৰ । কেন্দ্ৰীয় বিত্ত মন্ত্ৰ্যালয়ে ইতিমধ্যে এই দিশত ৰাজ্য চৰকাৰক সেউজ সংকেত দি থৈছে ৷ ৰাজ্য চৰকাৰে ইচ্ছা কৰিলে কোনো বাধা অৱিহনে যিকোনো মুহূৰ্তত অ’ পি এছ ব্যৱস্থা প্ৰৱৰ্তন কৰিব পাৰে ।

উল্লেখ্য যে সদৌ অসম এন পি এছ কৰ্মচাৰী সন্থাৰ আহ্বানত দুদিন পূৰ্বে ২২ আৰু ২৩ আগষ্টত অসমৰ ৩.৭৫ লাখ কৰ্মচাৰীয়ে অ’ পি এছ ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ দাবীত দুদিনজোৰা কৰ্মবিৰতি পালন কৰিছিল । অসম জাতীয় পৰিষদে কৰ্মচাৰীসকলৰ উক্ত আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছিল ।

সেই প্ৰসংগতে সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে ভাৰতৰ সংবিধানৰ ৩৬৬ নং দফাৰ ১৭ নং অনুচ্ছেদত পেন্সনক কৰ্মচাৰীসকলৰ এটা অধিকাৰ বুলি কোৱা হৈছে । ডি এছ নাকাৰা বনাম ভাৰত চৰকাৰ গোচৰত ভাৰতৰ উচ্চতম ন্যায়ালয়য়ে পেঞ্চনক সামাজিক নিৰাপত্তাৰ এটা আৰ্হি বুলি কৈছে । এনে প্ৰেক্ষাপটত এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে ভাৰত বা অসমত কৰ্মচাৰীসকলক অৱসৰোত্তৰ পেন্সন প্ৰদান কৰাটো চৰকাৰৰ দায়িত্ব ।

পৃথিৱীৰ কেইবাখনো দেশ যেনে ছুইডেন, চিলি, অষ্ট্ৰেলিয়া, দক্ষিণ কোৰিয়া, কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ আদিত ভাৰতৰ দৰেই নতুন ৰাষ্ট্ৰীয় পেন্সন নীতি (এন পি এছ) প্ৰৱৰ্তন কৰা হৈছিল যদিও সেই দেশবোৰতো তাৰ বিৰোধ হোৱাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি কেইবাখনো দেশে সেয়া সংশোধনেৰে বিকল্প পেন্সন ব্যৱস্থাও প্ৰৱৰ্তন কৰিবলগীয়া হৈছে ।

তেওঁ লগতে কয় যে যিবোৰ দেশত এন পি এছ ব্যৱস্থা সক্ৰিয় সেইবোৰ মূলতঃ কর্পোৰেট নিয়ন্ত্ৰিত, পুঁজিবাদ-সক্ৰিয় দেশ । কিন্তু ভাৰত যিহেতু কল্যাণকামী ৰাষ্ট্ৰ আৰু সেয়ে ভাৰতত আৰ্থিক নিৰাপত্তা নিশ্চিত কৰাৰ দায়িত্ব চৰকাৰে ল’বই লাগিব ।

এন পি এছ ব্যৱস্থাত কৰ্মচাৰীৰ দৰমহাৰ পৰা সংগৃহীত ধনৰ অংশ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰাৰ ব্যৱস্থাটো ব্যক্তিৰ স্বাধীনতা হৰণৰ নামান্তৰ বুলি উল্লেখ কৰি তেওঁ কয় যে অ’ পি এছ ব্যৱস্থাত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে চৰকাৰক সেৱা আগনবঢ়াই থকা স্বত্বেও তেওঁলোকক মাহিলী বৃহৎ পৰিমাণৰ ধন আদায় দিবলগীয়া হোৱাটোক একাংশ আধুনিক অৰ্থনীতিবিদে অনুৎপাদনশীল বুলি কৈ সেয়া ৰাষ্ট্ৰৰ ওপৰত এক বোজা হিচাপে বিবেচনা কৰে যদিও এই চিন্তা কল্যাণকামী ৰাষ্ট্ৰ চেতনাৰ বিপৰীত ।

কল্যাণকামী ৰাষ্ট্ৰ নীতিৰ সুবাদতে ভাৰত চৰকাৰে কমেও ১২ খন ফ্লেগশ্বিপ আঁচনি আৰু আন প্ৰায় ৬৫খন আঁচনি ৰূপায়ন কৰি আছে । হিতাধিকাৰী আঁচনিসমূহৰ অংশস্বৰূপে প্ৰত্যাক্ষ লাভ হস্তান্তৰ (ডি বি টি) ব্যৱস্থাৰ অধীনত ২০১৯ চনৰ পৰা এতিয়ালৈ ৩১,২৪,৩৪৯ কোটি টকা বিতৰণ কৰিছে ।

কেৱল চলিত ২০২৩-২৪ বিত্ত বৰ্ষত এতিয়ালৈ বিতৰণ কৰিছে ১,৩৯,৯৩৬ কোটি টকা । অসম চৰকাৰে কেৱল হিতাধিকাৰী আঁচনিৰ নামত কেইবা হেজাৰ কোটি টকা খৰচ কৰে । কেৱল অৰুণোদয় আঁচনিত বছৰি প্ৰায় ৩,৬০০ কোটি টকা খৰচ হয় । ক্ষুদ্ৰ ঋণ ৰেহাই আঁচনিত প্ৰায় ১,৭০০ কোটি টকা ব্যয় কৰা হৈছে ।

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ঋণৰ কিস্তি পৰিষোধত বছৰি প্ৰায় ছয়হেজাৰ কোটি টকা খৰছ হয় । এনে প্ৰেক্ষাপটত সমগ্ৰ কৰ্মজীৱন চৰকাৰী সেৱাত নিজকে নিয়োজিত কৰা কৰ্মচাৰীসকলৰ অৱসৰোত্তৰ জীৱনৰ আৰ্থিক নিৰাপত্তাৰ দায়িত্বও চৰকাৰে গ্ৰহণ কৰা উচিত বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে সাধাৰণতে এন পি এছক কেন্দ্ৰীয় চৰকাৰৰ নীতি বুলি কৈ ৰাজ্য চৰকাৰৰ মুখীয়ালসকলে দায়িত্ব কেন্দ্ৰলৈ ঠেলি আহিছে । কিন্তু প্ৰকৃতপক্ষে পেন্সন সম্পৰ্কীয় নীতি ৰূপায়নৰ একচেটিয়া কৰ্তৃত্ব ৰাজ্য চৰকাৰৰহে ।

এই সংক্ৰান্তত ২০০৮ চনৰ ২ ফেব্ৰুৱাৰীৰ দিনা সচিবালয় সেৱা সন্থাই প্ৰধানমন্ত্ৰীৰ হাতত অৰ্পন কৰা স্মাৰকপত্ৰৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে উক্ত স্মাৰকপত্ৰৰ প্ৰসংগত অসমৰ মুখ্য সচিবলৈ পত্ৰ লিখি এন পি এছ প্ৰত্যাহাৰ আৰু অ’ পি এছ প্ৰৱৰ্তনৰ সমুদায় দায়িত্ব ৰাজ্য চৰকাৰৰ ৷

এই দিশত পদক্ষেপ ল’বলৈ অসম চৰকাৰক অনুৰোধ কৰিছিল । গতিকে যিহেতু এই বিষয়ত ভাৰত চৰকাৰৰ সেউজ সংকেত আছেই গতিকে ৰাজ্য চৰকাৰে নিজৰ দায়িত্ব পালন কৰি শীঘ্ৰে অসমত অ’ পি এছ ব্যৱস্থা প্ৰৱৰ্তন কৰাটো সহজ হৈ আছে বুলি তেওঁ কয় ।

সংবাদমেলত দলৰ উপ-সভাপতি তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব চন্দ্ৰকান্ত দাস, দলৰ দুই সম্পাদক ৰাজু ফুকন আৰু অমৃৎ খাটনীয়াৰ উপস্থিত আছিল ।

লগতে পঢ়ক: Assam Police: আৰক্ষীৰ গাফিলতিৰ বাবেই সাৰি যাবলৈ সক্ষম হৈছে হাইপ্ৰফাইল গোচৰৰ অভিযুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.