ETV Bharat / state

Land grabbing allegation: ৰিণিকি ভূঞাক ৰবাৰ্ট ভাদ্ৰাৰে তুলনা এজেপিৰ - WIFE OF ASSAM CHIEF MINISTER OF INVOLVEMENT IN LAND GRABBING SCAM

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত তেওঁৰ সহধৰ্মিনী আৰু আন সহযোগীকেইগৰাকীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰী(Assam CM wife accused of involvement in land grabbing)ৰ অভিযোগৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে অসম জাতীয় পৰিষদে ৷ ছোনিয়া গান্ধীৰ জোঁৱায়েক ৰবাৰ্ট ভাদ্ৰাৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ সৈতে ৰিণিকি ভূঞা শৰ্মাৰ ভূমি কেলেংকাৰীৰ বিশেষ একো পাৰ্থক্য নাই বুলিও মন্তব্য জাতীয় পৰিষদৰ ৷

ৰিণিকি ভূঞাক ৰবাৰ্ট ভাদ্ৰাৰ লগত তুলনা এজেপিৰ

author img

By

Published : Dec 8, 2021, 9:50 PM IST

গুৱাহাটী, 8 ডিচেম্বৰ: অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত তেওঁৰ সহধৰ্মিনী আৰু আন সহযোগীকেইগৰাকীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰী(Assam CM wife accused of involvement in land grabbing) অভিযোগৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে অসম জাতীয় পৰিষদে(Assam Jatiya Parishad press meet) ৷বুধবাৰে এখন সংবাদমেলৰ আয়োজন কৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে, মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা(Riniki Bhuyan Sarma) আৰু অন্যান্যসকলে ২০০৭ আৰু ২০০৯ চনত চৰকাৰী আইন উলংঘা কৰি জালিয়াতিৰে ২৯ বিঘা মাটি ক্ৰয় কৰাৰ তথ্য সংবাদ মাধ্যমৰ জড়িয়তে ৰাজহুৱা হৈছে ৷

উক্ত কেলেংকাৰীত মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ সহযোগী ৰঞ্জিত ভট্টাচাৰ্য আৰু বিতৰ্কিত ব্যৱসায়ী অশোক কুমাৰ ধনুকাৰ লগতে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰো নাম জড়িত বুলি অভিযোগ উঠিছে ৷ মুখ্যমন্ত্ৰীৰ পৰিয়াল আৰু অন্যান্য ঘনিষ্ঠ ব্যক্তিৰ নাম সাঙোৰ খোৱা এই কেলেংকাৰীৰ অভিযোগৰ বিষয়ে স্থিতি স্পষ্ট কৰিবলৈ চৰকাৰক ২৪ ঘন্টাৰ সময়সীমা বান্ধি দি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে, যদিহে চৰকাৰে উক্ত অভিযোগৰ সন্তোষজনক উত্তৰ দিব নোৱাৰে, তেনেহলে দলে কেলেংকাৰীৰ তদন্ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তত্বাৱধানত চি বি আই অথবা এনফোৰ্চমেন্ট ডাইৰেক্টৰেটৰৰ দ্বাৰা কৰোৱাৰ বাবে ন্যায়ালয়ৰ কাষ চাপিব ৷

আনহাতে ৰিণিকি ভূঞা শৰ্মা আৰু নন্দিল বিশ্ব শৰ্মাৰ নাম জড়িত থকা এটা কোম্পানীৰ বিৰুদ্ধে অবৈধ ধন সৰবৰাহৰ সুকীয়া গোচৰ তৰি আয়কৰ বিভাগ আৰু প্ৰৱৰ্তন সঞ্চালকালয়ৰ জৰিয়তে তদন্ত কৰোৱাৰো হুংকাৰ দিয়ে জাতীয় পৰিষদে ৷

উল্লেখযোগ্য যে, ইংৰাজী ভাষাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ডিজিটেল বাৰ্তালোচনী দ্য ৱায়াৰ(The Wire) আৰু অসমীয়া ভাষাৰ ই-বাৰ্তালোচনী দ্য ক্ৰছকাৰেন্টে এটা তথ্য ৰাজহুৱা কৰি কৈছে যে, ২০০৬-০৭ চনত ৰিণিকি ভূঞা শৰ্মা আৰু ৰঞ্জিত ভট্টাচাৰ্যৰ নামত পঞ্জীয়ন হোৱা আৰ বি এছ ৰিয়েলটৰ্ছ প্ৰাইভেট লিমিটেড(RBS Realtors Private Limited) নামৰ এটা কোম্পানীয়ে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ এলেকাৰ নমলী জলাহ গাঁৱৰ উদয়ন ফিচাৰী আৰু ৱেলফেয়াৰ এক্টিভিটিজ স্কুল নামৰ দুটা প্ৰতিষ্ঠানৰ পৰা ১৭ বিঘা ২ কঠা ৫ লেচা আৰু পলাশবাৰী ৰাজহ চক্ৰ এলেকাৰ বঙৰা গাঁৱৰ কেইগৰাকীমান ব্যক্তিৰ পৰা ১১ বিঘা ৩ কঠা ৪ লেচা ভূমি ক্ৰয় কৰিছিল ৷

উক্ত দুয়োটা স্থানৰ ভূমিখিনি উক্ত প্ৰতিষ্ঠান আৰু ব্যক্তিসকলক চৰকাৰীভাৱে আৱন্টন দিয়া হৈছিল ৷ কিন্তু উক্ত ভূমি আৱন্টনৰ তিনি মাহৰ পৰা এবছৰৰ ভিতৰত মাটিখিনি ৰিণিকি ভূঞাৰ কোম্পানীয়ে ক্ৰয় কৰি লয় ৷ অথচ অসম ভূমি ৱিকি ১৯৮৯ আৰু চিলিং আইন ১৯৫৬ (Ceiling On Land Holdings Act, 1956) মতে চৰকাৰীভাৱে আৱন্টিত ভূমি দহ বছৰলৈ বিক্ৰী অথবা হস্তান্তৰ কৰিব নোৱাৰি ৷ গতিকে আৱন্টনৰ তিনি মাহৰ পৰা এবছৰৰ ভিতৰত ৰিণিকি ভূঞাৰ কোম্পানীৰ ওচৰত বিক্ৰী কৰা কাৰ্য স্পষ্টভাৱে বে-আইনী ৷

মন কৰিবলগীয়া যে, বঙৰাৰ মাটিখিনি গুৱাহাটী বিমান বন্দৰ(Lokpriya Gopinath Bordoloi International Airport) আৰু নিৰ্মীয়মান টেক চিটী(Tech City, Guwahati)ৰ ওচৰতে অৱস্থিত ৷ আনহাতে উত্তৰ গুৱাহাটীৰ মাটিখিনি মহানগৰীৰ ভৰলু-উত্তৰ গুৱাহাটী সংযোগী প্ৰস্তাৱিত দলঙৰ ইটো পাৰে অৱস্থিত ৷

আনহাতে মাটি হস্তান্তৰৰ কিছুদিনৰ ভিতৰতে ৰিণিকি ভূঞা শৰ্মাই কোম্পানীটোৰ পৰা পদত্যাগ কৰা দেখুৱায় আৰু তাৰ পিছতে অশোক কুমাৰ ধনুকা(Ashok Kumar Dhanuka) নামৰ বিতৰ্কিত ব্যৱসায়ীগৰাকীয়ে কোম্পানীটোৰ সঞ্চালক হিচাপে যোগদান কৰে ৷ তাৰ সমান্তৰালকৈ কোম্পানীটোৰ নাম সলনি কৰি বশিষ্ঠ ৰিয়েলটৰ্ছ প্ৰাঃ লিঃ কৰা হয় ৷ উক্ত কোম্পানীটোত মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ নামত সৰ্বাধিক বিনিয়োগ আছে বুলি অভিযোগত কোৱা হৈছে ৷

কেৱল এয়াই নহয়, কোম্পানীটোত বিনিয়োগ আৰু লেনদেন কৰা ১৭ টা কোম্পানীৰ আটাইকেইটাৰ ঠিকনা কলকাতাত বুলি প্ৰকাশিত নথিত উল্লেখ কৰা হৈছে ৷ বুধবাৰৰ সংবাদমেলত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, স্বয়ং মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে অসমৰ সৰ্ববৃহৎ ভূমি কেলেংকাৰীৰ সংঘটিত কৰা বুলি উঠা অভিযোগ অতিশয় গুৰুত্বপূৰ্ণ ৷

ছোনিয়া গান্ধীৰ জোঁৱায়েক ৰবাৰ্ট ভাদ্ৰাৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ সৈতে ৰিণিকি ভূঞা শৰ্মাৰ ভূমি কেলেংকাৰীৰ বিশেষ একো পাৰ্থক্য নাই ৷ অভিযোগ সত্য প্ৰমাণিত হ'লে ৰিণিকি ভূঞা শৰ্মাকো অসমৰ ৰবাৰ্ট ভাদ্ৰা আখ্যা দিব পাৰি ৷ ৰাজ্যিক ভূমি নীতি আৰু চিলিং আইন উলংঘা কৰি স্বয়ং মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোকে উক্ত কেলেংকাৰী সংঘটিত কৰা বুলি উঠা অভিযোগৰ ২৪ ঘন্টাৰ ভিতৰত চৰকাৰে উত্তৰ দিবলৈ দাবী জনাই লুৰীণজ্যোতি গগৈয়ে কয় যে, যদি চৰকাৰে উক্ত সময়ৰ ভিতৰত পতিয়নযোগ্য উত্তৰ দিব নোৱাৰে, তেনেহ'লে অভিযোগ সত্য প্ৰমাণিত হ'ব আৰু তেনে পৰিস্থিতিত জাতীয় পৰিষদে চিবিআই আৰু ই ডিৰ জৰিয়তে তদন্ত কৰিবলৈ বাধ্য হ’ব ৷

যিহেতু চি বি আই আৰু ই ডি চৰকাৰী প্ৰভাৱৰ পৰা মুক্ত নহয়, সেয়েহে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ তত্বাৱধানত উক্ত তদন্ত কৰোৱাৰ বাবে জাতীয় পৰিষদে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ বিষয়টো বিবেচনা কৰিব ৷

লগতে পঢ়ক: Land grabbing allegation: মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পানীৰ বিৰুদ্ধে তদন্তৰ দাবী ৰাইজৰ দলৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.