ETV Bharat / state

এফালে কৰ’ণা সন্ত্ৰাস আনফালে জাপানীজ এনকেফেলাইটিছৰ আতংক! - অসমত জাপানীজ এনকেফেলাইটিছ

ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞাই ই টিভি ভাৰতৰ আগত কয় যে, সাধাৰণতে মাৰ্চ-এপ্ৰিল মাহৰ পৰা ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ দেখা যায় আৰু ছেপ্টেম্বৰ পৰ্যন্ত ই অব্যাহত থাকে । সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে জাপানীজ এনকেফেলাইটিছ সন্দৰ্ভত সকলো জিলালৈ যাৱতীয় নীতি নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে ৷

Assam Japanese Encephalitis suspected case reported
এফালে কৰ’ণা সন্ত্ৰাস আনফালে ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংক!
author img

By

Published : Apr 15, 2020, 5:27 PM IST

গুৱাহাটী,15 এপ্ৰিলঃ বিশ্বজুৰি সম্প্ৰতি বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছৰ আতংক ৷ কিন্তু ইয়াৰ মাজতে আন এক দুৰ্যোগৰ বাবেও সমানে প্ৰস্তুত হ’বলগীয়া হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ অসমত এতিয়া জাপানীজ এনকেফেলাইটিছৰ সময় ৷ বিগত বৰ্ষত অসমত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছিল ১৫০ গৰাকী লোকৰ ৷

উল্লেখ্য যে,ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞাই ই টিভি ভাৰতৰ আগত কয় যে,সাধাৰণতে মাৰ্চ-এপ্ৰিল মাহৰ পৰা ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ দেখা যায় আৰু ছেপ্টেম্বৰ মাহ পৰ্যন্ত ই অব্যাহত থাকে। সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে জাপানীজ এনকেফেলাইটিছ সন্দৰ্ভত সকলো জিলালৈ যাৱতীয় নীতি নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে ৷ ইয়াৰ ফলত কোভিড 19ৰ বিপৰ্যায়ৰ মাজতো এই ৰোগৰ চিকিৎসা বা পৰীক্ষা আদি অব্যাহত ৰাখিব পৰা যাব ৷

আনহাতে,ৰাজ্যৰ তিনিখন জিলা ক্ৰমে কোকৰাঝাৰ,মানকাচৰ আৰু গোৱালপাৰাত প্ৰাপ্তবয়স্ক লোকক জাপানীজ এনকেফেলাইটিছৰ ভেকচিন প্ৰদানৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ স্বাস্থ্য বিভাগৰ এক সুত্ৰই প্ৰকাশ কৰা অনুসৰি বৰ্তমানলৈকে ডিব্ৰুগড় আৰু নলবাৰী জিলাৰ পৰা চাৰিজনকৈ সন্দেহজনক জাপানীজ এনকেফেলাইটিছ ৰোগীৰ খবৰ বিভাগে লাভ কৰিছে ৷

লগতে পঢ়ক-সোনাপুৰত ক'ৰণাত আক্ৰান্ত ৰোগীক সেৱা আগবঢ়োৱা চিকিৎসাকৰ্মীৰ দলক অভিবাদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.