ETV Bharat / state

Public Holiday in Assam: চৰকাৰী তিনিটা বন্ধৰ দিন সলনি কৰিলে ৰাজ্য চৰকাৰে - কৰম পূজা

ৰাজ্যত তিনিটাকৈ চৰকাৰী বন্ধৰ দিন সলনি কৰা হৈছে ৷ ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এই সন্দৰ্ভত বুধবাৰে এক জাননী জাৰী কৰে ৷

Assam Issues Corrigendum Regarding Holiday List
চৰকাৰী বন্ধৰ দিন সলনি
author img

By

Published : Aug 16, 2023, 9:38 PM IST

গুৱাহাটী, ১৬ আগষ্ট : ৰাজ্য চৰকাৰৰ তিনিটাকৈ চৰকাৰী বন্ধৰ দিন সলনি কৰা হৈছে ৷ এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে বুধবাৰে এক জাননী জাৰী কৰে ৷ জাননীত বন্ধৰ দিন নতুনকৈ দিয়া হৈছে ৷

ৰাজ্য চৰকাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী আৰু তিৰোভাৱ তিথিৰ লগতে কৰম পূজাৰ বন্ধৰ দিন সলনি কৰিছে ৷ উল্লেখ্য যে অসমীয়া মাহৰ ভিত্তিত পালন কৰি অহা তিথিসমূহ প্ৰতিবছৰে ইংৰাজী বৰ্ষৰ কোনো নিৰ্দিষ্ট মাহৰ নিৰ্দিষ্ট দিনত পালন কৰা হয় ৷ এই উপলক্ষে চৰকাৰী বন্ধও ঘোষণা কৰা হয় ৷

Assam Issues Corrigendum Regarding Holiday List
ৰাজ্যত তিনিটাকৈ চৰকাৰী বন্ধৰ দিন সলনি

লগতে পঢ়ক : Chief Minister in Jorhat: ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰত আশীষ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

চলিত বৰ্ষতো চৰকাৰে পূৰ্বৰ দৰে ৰাজ্যত পালন কৰি অহা তিথিৰ বাবে ইংৰাজী মাহৰ দিনবোৰত চৰকাৰী বন্ধ কেলেণ্ডাৰসমূহত উল্লেখ কৰিছিল ৷ কিন্তু এইবাৰ হিন্দু বৰ্ষপঞ্জী অনুসৰি অসমীয়া মাহবোৰ ইংৰাজী মাহৰ পৰিৱৰ্তে সলনি হোৱাত বন্ধৰ দিন সলনি কৰা হৈছে ৷ সেই অনুসৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষ্যে পূৰ্বে ঘোষণা কৰা ১৮ আগষ্টৰ বন্ধৰ সলনি ১৬ ছেপ্তেম্বৰত বন্ধৰ দিন ঘোষণা কৰা হৈছে ৷

আনহাতে গুৰুজনাৰ জন্মোৎসৱৰ চৰকাৰী বন্ধৰ দিনো সলনি কৰা হৈছে ৷ ২৫ ছেপ্তেম্বৰৰ সলনি ২৪ ছেপ্তেম্বৰৰ দিনটোত চৰকাৰী বন্ধ দিয়া হৈছে ৷ চলিত বৰ্ষত আহিন মাহৰ ৭ তাৰিখৰ সলনি ৬ তাৰিখে এই বন্ধৰ দিন ঠিক কৰা হৈছে ৷ সেইদৰে কৰম পূজাৰ বন্ধৰ দিনো সলনি কৰি ২৭ আগষ্টৰ পৰিৱৰ্তে ২৫ ছেপ্তেম্বৰ কৰা হৈছে ৷ ভাস্কৰাব্দ অনুসৰি ৯ ভাদৰ সলনি ৭ আহিনত কৰম পূজাৰ বন্ধ পিছুৱাই দিয়া হৈছে ৷

লগতে পঢ়ক : Khanikar puthi:মৰিগাঁৱত পদব্ৰজে উপস্থিত ঐতিহ্যমণ্ডিত খনিকৰ পুঁথি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.