ETV Bharat / state

চৰকাৰ নে মুখ্যমন্ত্ৰী; স্বৈৰাচাৰী কোন ?

author img

By

Published : Jul 9, 2021, 4:10 PM IST

সংবাদমেলত অসম চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম জাতীয় পৰিষদৰ (AJP) সাধাৰণ সম্পাদক জগদীশ ভূঞা । নতুন চৰকাৰৰ ৪০ দিনত ৩০ টা এনকাউণ্টাৰ ঘটনা সংঘটিত হৈছে । এই সমগ্ৰ প্ৰক্ৰিয়াটো সন্দেহজনক। অসমত চৰকাৰৰ (ASSAM GOVERNMNET)পৃষ্ঠপোষকতাত ছিণ্ডিকেট চলি আছে ।

assam-is-moving-to-dictatorial-rule-alligation-by-ajp
স্বৈৰাচাৰী শাসনৰ দিশে আগবাঢ়িছে অসম কোনে ক’লে !

গুৱাহাটী, 9 জুন : ‘‘অসম চৰকাৰে দুৰ্নীতি (Corruption)ক প্ৰশ্ৰয় দিছে । অসম চৰকাৰৰ পৃষ্ঠপোষকতাতে ৰাজ্যত ছিণ্ডিকেট(Syndicate) চলি আছে ।’’ এই অভিযোগ অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ (AJP) সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ । শুকুৰবাৰে এজেপিৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমলোচনা কৰি জগদীশ ভূঞাই কয় ‘‘মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কথা আৰু কামে এই কথা বুজাই দিছে যে বিগত পাঁচ বছৰ সৰ্বানন্দ সোণোৱাল চৰকাৰ দুৰ্নীতি(Corruption)ত নিমজ্জিত আছিল’’ ।

ভূঞাই উল্লেখ কৰে যে, মুখ্যমন্ত্রীয়ে কোৱা মতে গৰুৰ চোৰাং বেপাৰৰ নামত অসমত মাহে এহাজাৰ (FIR) কোটি টকাৰ ছিণ্ডিকেট (Syndicate) হয় । তাৰ অৰ্থ এইটো যে বিগত পাঁচ বছৰত অসমত ৬০ হাজাৰ কোটি টকাৰ ছিণ্ডিকেট (Syndicate) হৈছে । ইয়াত কোন কোন জড়িত আছে সেই কথা ৰাজহুৱা কৰক ৷

আনহাতে, আৰক্ষীৰ এনকাউণ্টাৰ (Encounter)ৰ প্ৰসংগত জগদীশ ভূঞাই কয় যে ‘‘বিগত ৪০ দিনত ৩০ টা এনকাউণ্টাৰ(Encounter) হৈছে । আনকি ২৪ ঘণ্টাত আৰক্ষীয়ে (POLICE) ৪ জনক গুলীওৱাৰ ঘটনাও সংঘটিত হৈছে । এনে এনকাউণ্ট‍ৰ(Encounter)ৰ ঘটনা স্বাধীনতাৰ পাছত অসমত কেতিয়াও সংঘটিত হোৱা নাছিল’’ ।

তেওঁ আৰু কয় যে, ‘‘এই ঘটনাক সহজভাৱে ল'ব নোৱাৰি । আমি সকলোৱে অপৰাধ মুক্ত সমাজ বিচাৰো তথা অপৰাধীয়ে শাস্তি পোৱাটো বিচাৰো । অপৰাধীক শাস্তি দিয়াৰ বাবে আই পি চি, (IPC) চি আৰ পি চি (CRPC) আদি সাংবিধানিক বিধি-ব্যৱস্থা আছে । এনকাউণ্টাৰৰ এই ঘটনাসমূহ সন্দেহজনক’’ ।

‘‘মুখ্যমন্ত্রীয়ে আৰক্ষীৰ বিভাগৰে হোৱা বৈঠকতো অপৰাধী পলালে গুলীওৱাৰ কথা কৈছে । এতিয়া এইটোৱেই পদ্ধতি(Pattern) হ'ব বুলি কৈছে । মুখ্যমন্ত্রীৰ নিৰ্দেশনাৰ পাছতে ধাৰাবাহিকভাৱে এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈ আহিছে ।’’ এনকাউন্টাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক এইদৰে সমালোচনা কৰে জগদীশ ভূঞাই ৷

লগতে তেওঁ কয় যে, ‘‘মূল অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেও এনে ঘটনা সংঘটিত কৰিব পাৰে নাইবা এনে প্ৰক্ৰিয়াৰ দ্বাৰা ৰাজনৈতিক হত্যাও সংঘটিত কৰিব পাৰে । এইখন চৰকাৰে বিধায়কসকলৰ ক্ষমতা কৰ্তন কৰাৰ লগতে ন্যায়পালিকাৰ ওপৰতো হস্তক্ষেপ কৰিছে’’ ।

‘‘অসম আৰক্ষীয়ে আইনৰ গণ্ডিত থাকি নিজৰ কাম কৰক । লক্ষ্মণ ৰেখা অতিক্ৰম কৰি ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ নহ'ব । মুখ্যমন্ত্রীয়ে অসমখনক সম্পূৰ্ণৰূপে স্বৈৰাচাৰী শাসনৰ দিশে লৈ গৈ আছে, ইয়াক কোনো কাৰণতে মানি লোৱা নহ'ব’’ । অসম আৰক্ষীলৈ সংবাদমেলযোগে এই আহ্বান জনালে অসম জাতীয় পৰিষদে ৷

লগতে পঢ়কঃ মাজুলীৰ উপ-নিৰ্বাচন: প্ৰাৰ্থী বাচনিত সোণোৱালৰ ভূমিকা হ’ব গুৰুত্বপূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.