গুৱাহাটী,২৮ মে': ৰাজ্যবাসীক ২৪ ঘণ্টাই বিজুলী যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে কিন্তু কাৰ্যতঃ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হোৱা নাই । বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত অসমৰ অৱস্থা এতিয়াও অতি শোচনীয় হৈ আছে । চাহিদা অনুপাতে ৰাজ্যখনৰ নিজাববীয়া যোগান তেনেই নগণ্য । ইফালে ৰাষ্ট্ৰীয় হাৰৰ তুলনাত অসমৰ বিদ্যুৎ উৎপাদনৰ হাৰ এক শতাংশৰো কম (Assam is far behind in terms of power generation) ।
লক্ষণীয় বিষয় যে উন্নয়নমূলক কাম-কাজৰ ক্ষেত্রত অসম চৰকাৰে ৰাজ্যখনক গুজৰাটৰ সৈতে তুলনা কৰে যদিও বিদ্যুৎ উৎপাদনত গুজৰাটৰ স্থিতি দেশৰ ভিতৰত শীৰ্ষত আছে । উল্লেখ্য যে দেশত উৎপাদিত মুঠ বিদ্যুতৰ ১০.৭৯ শতাংশ বিদ্যুৎ উৎপাদন কৰে কেৱল গুজৰাটে । ইয়াৰ বিপৰীতে অসমৰ বিদ্যুৎ উৎপাদনৰ সামর্থ হ’ল মাত্র ০.৪৬ শতাংশ । অর্থাৎ এক শতাংশতকৈও কম (Electricity generation in Assam) ।
শক্তি বা বিদ্যুৎ উৎপাদনত অসম অতিকৈ পিছপৰি থকাৰ বিপৰীতে গুজৰাট, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ, কর্ণাটক, মধ্য প্রদেশ আদি ৰাজ্য দিনক দিনে আগুৱাই গৈছে । পূৰ্বতে মহাৰাষ্ট্ৰ শীৰ্ষত আছিল যদিও এতিয়া গুজৰাটে মহাৰাষ্ট্ৰকো পিছ পেলাইছে । ইফালে অসমৰ তুলনাত হিমাচল প্রদেশ, পঞ্জাৱ, হাৰিয়ানা, পশ্চিম বংগ, ওড়িষা, বিহাৰ, ছট্টিশগড়, ৰাজস্থান আদি ৰাজ্য বিদ্যুৎ উৎপাদনৰ ক্ষেত্রত যথেষ্ট আগবঢ়া ।
ইফালে কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ নৱীকৰণযোগ্য শক্তি আহৰণত সৰ্বাধিক গুৰুত্ব দি অহাৰ পৰিপ্ৰেক্ষিতত কেইবাখনো ৰাজ্যই নৱীকৰণযোগ্য শক্তি পর্যাপ্ত পৰিমাণে উৎপাদন কৰিবলৈ সক্ষম হৈছে (Renewable energy extraction in Assam) । এইক্ষেত্রত শীৰ্ষত আছে কর্ণাটক । সেইদৰে নৱীকৰণযোগ্য শক্তি উৎপাদনত দেশৰ ভিতৰত দ্বিতীয় স্থানত আছে গুজৰাট । নৱীকৰণযোগ্য শক্তি আহৰণত মহাৰাষ্ট্ৰ, তামিলনাডু, অন্ধ্র প্রদেশ, ৰাজস্থান, হিমাচল প্রদেশ আদি ৰাজ্যয়ো সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
ইয়াৰ বিপৰীতে সৌৰশক্তিৰ পৰা অসমে ২৫০ মেগাৱাট বিদ্যুৎ আহৰণ কৰিবলৈ সক্ষম হৈছে । শেহতীয়াকৈ ৰাজ্য চৰকাৰে নৱীকৰণযোগ্য শক্তি আহৰণৰ ক্ষেত্ৰ সম্প্ৰসাৰণৰ বাবে কেইখনমান চুক্তি স্বাক্ষৰ কৰিছে । কিন্তু দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ তুলনাত নৱীকৰণযোগ্য শক্তি আহৰণৰ ক্ষেত্ৰ অসমত সম্প্ৰসাৰিত হোৱা নাই । নৱীকৰণযোগ্য শক্তিৰ উৎপাদন বৃদ্ধি কৰিব নোৱাৰিলে অসমে সদায় আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগিব ।
বৰ্তমান সময়ত ৰাজ্যখনৰ বিদ্যুতৰ চাহিদা বাহিৰা উৎসৰ পৰা ক্ৰয় কৰি পূৰণ কৰিবলগীয়া হয় । যাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে নিজা বিদ্যুৎ উৎপাদনত বিশেষ গুৰুত্ব আৰোপ কৰিছে । বিশেষকৈ কাৰ্বনৰ নির্গমন হ্ৰাস কৰাৰ বাবে নবীকৰণযোগ্য শক্তিৰ ওপৰত গুৰুত্ব দিয়া অসম চৰকাৰে ২০৩০ চনৰ ভিতৰত মুঠ চাহিদাৰ ৪৫ শতাংশ শক্তি নবীকৰণযোগ্য শক্তি উৎসৰ পৰা আহৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।
তাপবিদ্যুৎ প্রকল্প বা জলবিদ্যুৎ প্রকল্পৰ পৰিৱৰ্তে সৌৰশক্তি প্রকল্পৰ জৰিয়তে নবীকৰণযোগ্য শক্তিৰ আহৰণত সর্বাধিক গুৰুত্ব দিছে অসম চৰকাৰে । অসমত বৃহৎ সামর্থৰ জলবিদ্যুৎ উৎপাদনৰ সম্ভাৱনা নথকা আৰু বতাহ শক্তিৰ সামর্থ্যও কম হোৱাৰ পৰিপ্ৰেক্ষিতত সৌৰশক্তিৰ ওপৰত নিৰ্ভৰশীল হৈ এতিয়া সৌৰশক্তিৰ বিভিন্ন আহিলা ব্যৱহাৰ কৰা আৰম্ভ কৰিছে । উল্লেখ্য যে নবীকৰণযোগ্য শক্তি কেন্দ্ৰ আৰু আনৰ পৰা ক্ৰয় কৰা নবীকৰণযোগ্য শক্তি যোগ কৰি অসমে সর্বোচ্চ শক্তি চাহিদাৰ ২৫.০৩ শতাংশ পূৰণ কৰিবলৈ সক্ষম হৈছে ।
এ পি ডি চি এলৰ তথ্য অনুসৰি ২০২৬ চনত অসমে মুঠ চাহিদাৰ ৩৪ শতাংশ আৰু ২০৩০ চনত মুঠ চাহিদাৰ প্ৰায় ৪৫ শতাংশ শক্তি নবীকৰণযোগ্য শক্তি উৎসৰ পৰা পূৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । এই লক্ষ্যত উপনীত হোৱাৰ বাবে ২০২৬ চনত ৩০০০ মেগাৱাট সৌৰশক্তি উৎপাদন কৰাৰ বাবে ব্যৱস্থা গ্রহণ কৰিছে । ইতিমধ্যে ‘মুখ্যমন্ত্রী সৌৰশক্তি প্রকল্প' আঁচনিৰ অধীনত অসমত ১০০০ মেগাৱাট সৌশক্তি উৎপাদন কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে ।
এই আঁচনিখনৰ অধীনত চৰকাৰৰ অব্যৱহৃত ভূমিত সৌৰ পেনেল স্থাপন কৰি সেই মাটিৰ উপযুক্ত ব্যৱহাৰ কৰা হ’ব । ইফালে বৃহৎ সামর্থ্যৰ সৌৰশক্তি কেন্দ্ৰ স্থাপনৰ বাবেও চৰকাৰে আন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ লগত যুটীয়া উদ্যোগ কোম্পানী গঠন কৰিছে । ইতিমধ্যে এ পি ডি চি এলে এন এল চি ইণ্ডিয়া লিমিটেডৰ সৈতে ১০০০ মেগাৱাট সৌৰশক্তি কেন্দ্র স্থাপনৰ বাবে যৌথ কোম্পানী গঠন কৰিছে (Assam Power Distribution Company Limited) ।
এ পি ডি চি এলে এছ জে ভি এন গ্রীন এনাৰ্জী লিমিটেডৰ লগতো যুটীয়া কোম্পানী গঠন কৰি ১০০০ মেগাৱাট ভাসমান সৌৰশক্তি প্রকল্প স্থাপনৰ পদক্ষেপ হাতত লৈছে । ইয়াৰ উপৰি ৰাজ্যখনে আন ১২০০ মেগাৱাট গড় সামর্থ্যৰ শক্তি কেন্দ্ৰ স্থাপন কৰি অসম নবীকৰণযোগ্য শক্তি নীতি-২০২২ৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । এই ১২০০ মেগাৱাট শক্তিৰ উৎসসমূহ ক্ৰমে গ্রীড সংযুক্ত সৌৰশক্তি, গ্রীড সংযুক্ত ছাদ সৌৰ কেন্দ্ৰ, অফ-গ্রীড সৌৰ প্রায়োগিক কেন্দ্ৰ আৰু আন নবীকৰণযোগ্য শক্তিৰ উৎস ।
এই উৎসসমূহৰ ভিতৰত গ্ৰীড-সংযুক্ত সৌৰ শক্তিৰ পৰা ৬২০ মেগাৱাট, গ্রীড সংযুক্ত ছাদ সৌৰ কেন্দ্ৰৰ পৰা৩০০ মেগাৱাট, অফ-গ্রীড সৌৰ প্রায়োগিক কেন্দ্ৰৰ পৰা ৮০ মেগাৱাট আৰু আন নবীকৰণযোগ্য শক্তি উৎসৰ পৰা ২০০ মেগাৱাট সৌৰশক্তি আহৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । ইফালে বৰ্তমানলৈ আহৰণ কৰা ২৫০ মেগাৱাট সৌৰশক্তিৰ ক্ৰমে গ্ৰীড-সংযুক্ত সৌৰশক্তি কেন্দ্ৰৰ পৰা ১৭৯ মেগাৱাট, গ্রীড সংযুক্ত ছাদ সৌৰশক্তি কেন্দ্ৰৰ পৰা ৩১ মেগাৱাট আৰু অফ-গ্ৰীড সৌৰ পদ্ধতিৰ পৰা ৪০.০৯ মেগাৱাট উৎপাদন কৰা হৈছে ।
ভাৰত চৰকাৰৰ শক্তি পৰিসংখ্যা প্রতিবেদন অনুসৰি অসমত সৌৰশক্তি উৎপাদনৰ যথেষ্ট সম্ভাৱনীয়তা আছে (Possibility of solar power generation in Assam) । সেই সম্ভাৱনীয়তাক অসম চৰকাৰে বাস্তৱ ৰূপ দিয়াৰ বাবে কেইবাটাও প্ৰকল্প হাতত লৈছে । লক্ষণীয় বিষয় যে ৰাজ্যখনত সর্বোচ্চ চাহিদাৰ সময়ত ২৪৬০ মেগাৱাট বিদ্যুতৰ প্ৰয়োজন হয় । প্রয়োজনীয় এই বিদ্যুতৰ বিপৰীতে মাত্র ১০ শতাংশ বিদ্যুৎ এ পি ডি চি এলে নিজৰ উৎসৰ পৰা লাভ কৰে । অৰ্থাৎ ৯০ শতাংশ বিদ্যুতৰ বাবে এ পি ডি চি এলে অন্য উৎসৰ ওপৰত নিৰ্ভৰ কৰি আহিছে । যাৰ ফলত কোটি কোটি টকা আদায় দিব লাগে । কিন্তু সৌৰ শক্তি প্রকল্পসমূহৰ ৰূপায়ণ সম্ভৱ হৈ উঠিলে বিদ্যুৎ উৎপাদনত এ পি ডি চি এল স্বাৱলম্বী হৈ উঠাই নহয়, উৎপাদিত বিদ্যুৎ বিক্ৰী কৰিবলৈও সক্ষম হ’ব ।
লগতে পঢ়ক: Goalpara Civil Hospital incident: চিকিৎসকক প্ৰহাৰ ৰোগীৰ পৰিয়ালৰ, আটক দুজন