গুৱাহাটী, ৪ ফেব্ৰুৱাৰী: উত্তৰ-পূৰ্বাঞ্চলত প্ৰতি বছৰে ৪৫ হাজাৰ কৰ্কট ৰোগী চিনাক্ত হয় । তাৰ ভিতৰত ৩৪ হাজাৰ ৰোগী অসমৰ (Cancer patients in Assam)। ভাৰতবৰ্ষৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চলত কৰ্কট ৰোগীৰ হাৰ বেছি (Cancer Statistics of India)।
উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম, অৰুণাচল, মেঘালয় আৰু কামৰূপ মেট্ৰ’ত কৰ্কট ৰোগীৰ হাৰ আটাইতকৈ বেছি ৷ এই মন্তব্য বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীৰ । বিশ্ব কৰ্কট দিৱস(World Cancer Day 2022)ৰ দিনটোত ই টি ভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষ্যৎকাৰত ডাঃ কটকীয়ে কয় যে, ভাৰতবৰ্ষত প্ৰতিবছৰে ১ লাখ ৪০ হাজাৰ লোক নতুনকৈ কৰ্কট ৰোগত আক্ৰান্ত হয় । তাৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত প্ৰতিবছৰে ৪৫ হাজাৰ নতুন কৰ্কট ৰোগী চিনাক্ত হয় । ৪৫ হাজাৰৰ ভিতৰত অসমত ৩৪ হাজাৰ নতুন কৰ্কটৰোগী চিনাক্ত হয় ।
তদুপৰি প্ৰতিবছৰে ভাৰতবৰ্ষত প্ৰতি একলাখ মানুহৰ ভিতৰত ৯০ৰ পৰা ১২০ গৰাকী লোক কৰ্কট ৰোগত আক্ৰান্ত হয় । মিজোৰামত প্ৰতি একলাখৰ ভিতৰত ২৭০ জন লোক আক্ৰান্ত হোৱাৰ লগতে অসমৰ কামৰূপ মেট্ৰ’ত ২১৭ জন লোক আক্ৰান্ত হয় । যাৰ বাবে উত্তৰ পূৰ্বাঞ্চলক কৰ্কট ৰোগৰ ৰাজধানী বুলি কোৱা হয় ।
কৰ্কট ৰোগৰ মূল কাৰণ হৈছে ধপাত সেৱন, মদ্যপান আৰু বদ খাদ্যাভাস । উত্তৰ পূৰ্বাঞ্চলত ধঁপাত সেৱনৰ বাবে হোৱা কৰ্কট ৰোগীৰ হাৰ বেছি । ভাৰতবৰ্ষত ধপাত সেৱনৰ হাৰ ২৮ শতাংশ । অসমত ৪৮ শতাংশ, মিজৰাম আৰু মেঘালয়ত ৭০ শতাংশ । ডাঃ অমল চন্দ্ৰ কটকীয়ে লগতে কয় যে, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে ধঁপাত সেৱনৰ লগত জড়িত ৫০ শতাংশ পুৰুষ আৰু ২৫ শতাংশ মহিলা ৰোগী পাইছে । তদুপৰি মহিলাৰ স্তন আৰু জৰায়ু কৰ্কট ৰোগীৰ হাৰ আটাইতকৈ বেছি ।
আনহাতে অসমত প্ৰায় ৫৯ শতাংশ পুৰুষ আৰু ২৯ শতাংশ মহিলাই মদ্যপান কৰে বুলি তেওঁ মন্তব্য কৰে । ইপিনে নাগালেণ্ড, ছিক্কিম, মণিপুৰত খাদ্য সামগ্ৰী প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা খৰিৰ বাবে বেছিভাগ মহিলা হাঁওফাঁওৰ কৰ্কটত আক্ৰান্ত হয়, যিহেতু খৰিৰ ধোৱা যথেষ্ট ক্ষতিকাৰক । সেয়েহে তেওঁ জনসাধাৰণক আহ্বান জনায় যে, শাৰীৰিক পৰিশ্ৰম কৰাৰ লগতে খাদ্য তালিকা প্ৰস্তুতত সাৱধান হোৱাৰ লগতে তাপোল-পান, মদ, ধপাত সেৱন বৰ্জন কৰিব লাগে । অধিক পৰিমাণৰ সেউজীয়া শাক-পাচলি, বতৰৰ ফল, পাচলি খাব লাগে । কৰ্কট ৰোগৰ প্ৰাথমিক লক্ষণৰ বিষয়ে সজাগ হ’ব লাগে । প্ৰাক অৱস্থাৰ পৰা কৰ্কট ৰোগ হ’বলৈ ৫ৰ পৰা ১০ বছৰ সময় লাগে । কিয়নো কৰ্কট ৰোগ প্ৰথম অৱস্থাত চিনাক্ত কৰিব পাৰিলে ৮০% ৰোগমুক্ত কৰিব পাৰি । কৰ্কট ৰোগৰ সজাগতাৰ অভাৱৰ লগতে বিভিন্ন কাৰণত দুই তৃতীয়াংশ ৰোগী পলমকৈ চিকিৎসালৈ আহে । উত্তৰ পূৰ্বাঞ্চলত ধপাত, মদ্যপান, পোৰা মাছ-মাংস খোৱাৰ প্ৰৱণতা যথেষ্ঠ বেছি । সেইবোৰ বৰ্জন কৰিব লাগিব বুলি মন্তব্য কৰে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে ।
লগতে পঢ়ক: APSC cash for job scam: কাৰ্যকাল বাঢ়িল ন্যায়াধীশ শৰ্মা আয়োগৰ