ETV Bharat / state

Haj Pilgrimage 2023 : মক্কা-মদিনাত চৰম দূৰ্ভোগৰ সন্মুখীন অসমৰ হজযাত্ৰীৰ দল

পবিত্র হজ সমাপনৰ বাবে চলিত বৰ্ষত অসমৰ পৰা মক্কালৈ গৈছিল প্ৰায় ৫,৫০০ জন হজযাত্রী । পবিত্র হজ সমাপন কৰি ১৫ জুলাইৰ পৰা ঘৰলৈ উভতিব হজ যাত্ৰীসকল ৷ কিন্তু প্ৰথমবাৰৰ বাবে দেশৰ আন বহু ৰাজ্যৰ লগতে অসমৰ হজযাত্ৰীসকলে মক্কা আৰু মদিনাত থকা প্ৰায় ছয় সপ্তাহৰ সময়চোৱাত অতি অবর্ণনীয় পৰিস্থিতিৰ সন্মূখীন হ’বলগীয়া হয় ।

author img

By

Published : Jul 14, 2023, 5:39 PM IST

Haj pilgrims suffer extreme disaster
মক্কা-মদিনাত চৰম দূৰ্ভোগ ভুগিলে অসমৰ হজযাত্ৰীৰ

গুৱাহাটী , 14 জুলাই : বিশ্বৰ ইছলামধৰ্মী লোকসকলৰ পবিত্র হজ সমাপনৰ বাবে চলিত বৰ্ষত অসমৰ পৰা মক্কালৈ গৈছিল প্ৰায় ৫,৫০০ জন হজযাত্রী । কিন্তু প্ৰথমবাৰৰ বাবে দেশৰ আন বহু ৰাজ্যৰ লগতে অসমৰ হজযাত্ৰীসকলে মক্কা আৰু মদিনাত থকা প্ৰায় ছয় সপ্তাহৰ সময়চোৱাত অতি অবর্ণনীয় পৰিস্থিতিৰ সন্মূখীন হ’বলগীয়া হয় ।

এই সন্দৰ্ভত উত্তৰ পূব হজ কমিটিৰ অধ্যক্ষ আৰু মক্কাত উত্তৰ পূবৰ হজযাত্ৰীৰ দলটোক নেতৃত্ব দিয়া, অধিবক্তা নেকিবুৰ জামানে জানিবলৈ দিয়া মতে ছৌদি আৰৱ চৰকাৰৰ একাংশ বিভাগৰ দায়িত্বহীনতাৰ বাব এইবেলি ভাৰতৰ হজযাত্ৰীসকল যাত্ৰাৰ আৰম্ভণিৰে চৰম দুৰ্ভোগৰ সন্মূখীন হ’বলগীয়া হয় ।

ছৌদি আৰৱ চৰকাৰে প্ৰথম অৱস্থাত বিগত বৰ্ষৰ দৰে গুৱাহাটীৰ পৰা মদিনালৈ পোনপটীয়া বিমান সেৱাৰ ব্যৱস্থা কৰা হ’ব বুলি ঘোষণা কৰাৰ পাচতো মূৰকত পোনপটীয়া বিমান সেৱাৰ ব্যৱস্থা নকৰিলে। যাৰ বাবে হজযাত্ৰী সকল গুৱাহাটীৰ পৰা নতুন দিল্লী আৰু মুম্বাই হৈ দুটা ভাগত বিভক্ত হৈ মদিনালৈ দুখন বিমান সলাই যাবলগীয়া হয়। গৈ পোৱাৰ পাচত হোটেলত থকাৰ নামত জীৱ-জন্তুৰ দৰে থাকিবলগীয়া হয় দেশৰ আন কেবাখনো ৰাজ্যৰ লগতে অসমৰ হজযাত্ৰীসকল । কিয়নো চাৰিজন থাকিব পৰা কোঠা একোটাত দহ-বাৰজনক থাকিবলৈ দিয়া হৈছিল । তাকো চাৰিজন যদি তেলেংগানা, বাকী কেইজন অসমৰ ।

অথচ হজলৈ যোৱাৰ আগতেই কেন্দ্ৰীয় হজ কমিটিৰ জৰিয়তে ভাৰতৰ আন ৰাজ্যৰ লগতে অসমৰো হজযাত্ৰী সকলে হজ সমাপনৰ সময়ত মক্কা আৰু মদিনাত থকা - খোৱাৰ বাবদ নিৰ্দ্ধাৰিত ধন জমা দিয়া হৈছিল । ইমানখিনিৰ পাছতো হজযাত্ৰীসকল কিয় তেনেকুৱা দুৰাৱস্থাৰ সন্মূখীন হ’বলগীয়া হ’ল তাৰ বাবে এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰে অধিবক্তা নেকিবুৰ জামানে।

ইফালে অসমকে ধৰি উত্তৰ-পূবৰ হজযাত্ৰী সকলৰ উভতনি যাত্ৰা ১৫ জুলাইৰ পৰা আৰম্ভ হ’ব। যোৱাৰ দৰে উভতি আহিবলগীয়া হজযাত্ৰীৰ প্ৰথমটো দলে সন্ধিয়া ৫.৩০ বজাত নতুন দিল্লী হৈ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ’ব । তাৰ পাছত যোৱাৰ দৰে নতুন দিল্লী আৰু মুম্বাই হৈ হজযাত্ৰীৰ উভতনি যাত্ৰা আৰম্ভ হ’ব আৰু এই প্ৰক্ৰিয়া ৩০ জুলাই পৰ্যন্ত চলিব । গুৱাহাটীত উপস্থিত হোৱাৰ পাছত বৰঝাৰ বিমানবন্দৰত সংবাদ মেলত সকলো কথা হজযাত্ৰীসকলে বিৱৰি ক’ব বুলি জামানে সদৰী কৰিছে ।

উল্লেখযোগ্য যে ২০ জুনত ১১.৪৫ বজাত ইণ্ডিগ’ সেৱাৰ বিমানৰে ১১৬ জনীয়া ১ টা দল দিল্লী হৈ মক্কালৈ ৰাওনা হৈছিল । ইফালে মক্কাত থকা অৱস্থাত ৰোগত আক্ৰান্ত হৈ অসমৰ দুজন হজযাত্ৰীৰ মৃত্যু হয় আৰু দুয়োজনৰে ঘৰ আছিল শিৱসাগৰ জিলাত ।

লগতে পঢ়ক: Haj 2023 : মাৰ্চত অন্ত পৰিব ২০২৩ বৰ্ষৰ হজ যাত্ৰাৰ অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.