গুৱাহাটী, 1 এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া ফ্লাইং স্কোৱাডৰ সদস্যই অভিযানৰ নামত ধন আত্মসাৎকৰা ঘটনা পোহৰলৈ আহিছে ৷ ফ্লাইং স্কোৱাডৰ সদস্য আলিকমল হুছেইন আৰু দিপাংকৰ হাজৰিকাই নিৰ্বাচনী আচৰণবিধি ভংগ কৰাৰ অজুহাতত বৰপেটা ফুলবাৰীৰ জাহাংগীৰ আলম নামৰ এজন লোকৰ পৰা কাঢ়ি লয় 50হাজাৰ টকা । জাহাংগীৰ আলম নামৰ লোকজনে ব্যৱসায়ৰ বাবে 2লাখ 50হাজাৰ টকা লৈ আহে কিন্তু ফ্লাইং স্কোৱাডৰ হাতত পৰি টকা হেৰুৱাব লগীয়া হয় জাহাংগীৰ আলমে ৷ প্ৰাপ্ত তথ্য অনুসৰি পামহিৰ কাষত আভিযান চলাই ব্যক্তিজনৰ পৰা দুয়োজনে কাঢ়ি লৈছিল টকাখিনি ৷ ইতিমধ্যে গড়চুকআৰক্ষীয়ে জাহাংগীৰৰ এজাহাৰৰ ভিত্তি গ্ৰেপ্তাৰ কৰে লোক দুজনক ।
মহানগৰীত ফ্লাইং স্কোৱাডৰ সদস্যৰ অভিযানৰ নামত ধন আত্মসাৎ - ali kamal hazarika
ফ্লাইং স্কোৱাডৰ সদস্য আলিকমল হুছেইন আৰু দিপাংকৰ হাজৰিকাই নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অজুহাতত বৰপেটা ফুলবাৰীৰ জাহাংগীৰ আলম নামৰ এজন লোকৰ পৰা কাঢ়ি লয় 50 হাজাৰ টকা ।