ETV Bharat / state

Assam Gunotsav 2023: 18 জানুৱাৰীৰ পৰা 18ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত হ’ব গুণোৎসৱ - শিক্ষামন্ত্ৰী ৰণোজ পেগু

18 জানুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈ ৰাজ্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ ৷ এইবাৰৰ গুণোৎসৱৰ বাবে মুকলি কৰা হৈছে এটা বিশেষ পৰ্টেল ৷ এইবাৰৰ গুণোৎসৱত শিক্ষকে নিজৰ বিদ্যালয়ৰ বিপৰীতে সমীপৰ আন বিদ্যালয়লৈ গৈ মূল্যায়ন কৰিব লাগিব ৷ কোন শিক্ষকে কোন বিদ্যালয়লৈ যাব সেয়া নিৰ্ণয় হ’ব পৰ্টেলযোগে ৷

Assam Gunotsav 2023
18 জানুৱাৰীৰ পৰা 18ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত হ’ব গুণোৎসৱ
author img

By

Published : Jan 11, 2023, 5:25 PM IST

18 জানুৱাৰীৰ পৰা 18ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত হ’ব গুণোৎসৱ

গুৱাহাটী, 11 জানুৱাৰী: পুনৰ 18 জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ(Assam Gunotsav 2023) ৷ কাহিলাপাৰত বুধবাৰে সংবাদমেল যোগে ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ(Minister Ranoj Pegu) ৷ 18 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ, 1 ফেব্ৰুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ আৰু 15 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ ৷

উল্লেখ্য যে, ৰাজ্যৰ 44525 খন বিদ্যালয়ৰ 42,76,881 গৰাকী শিক্ষাৰ্থীৰ মাজত হ'ব গুণোৎসৱ । এইবাৰৰ গুণোৎসৱত শিক্ষকে নিজৰ বিদ্যালয়ৰ বিপৰীতে সমীপৰ আন বিদ্যালয়লৈ গৈ মূল্যায়ন কৰিব লাগিব । ইয়াৰ বাবে মুকলি কৰা হৈছে অনলাইন পৰ্টেল ৷

18 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ বৰপেটা, কৰিমগঞ্জ, কামৰূপ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, কাৰ্বি আংলং, শিৱসাগৰ, দক্ষিণ শালমাৰা-মানকাচাৰ, নগাঁও আৰু ওদালগুৰিত অনুষ্ঠিত হ’ব । আনহাতে 1 ফেব্ৰুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ বাক্সা, চিৰাং, চৰাইদেউ, ধেমাজি, ধুবুৰী, গোলাঘাট, হোজাই, হাইলাকান্দি, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলঙত অনুষ্ঠিত হ’ব । সেইদৰে 15 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈ তৃতীয় পৰ্যায়ৰ গুণোৎসৱ বিশ্বনাথ, বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, ডিমা হাচাও, কাছাৰ, মৰিগাঁও আৰু নলবাৰীত অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে এইবাৰ 31 খন জিলাত গুণোৎসৱ অনুষ্ঠিত হ'ব(Gunotsave in Assam) । প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ ৰাজ্যৰ 44,525 খন বিদ্যালয়ৰ 42,76,881 গৰাকী শিক্ষাৰ্থীক লৈ এইবাৰৰ গুণোৎসৱত অনুষ্ঠিত হ'ব । গুণোৎসৱত বাহ্যিক মূল্যায়ক হিচাপে 18,297 গৰাকী লোক জড়িত থাকিব । গুণোৎসৱৰ এই মূল্যায়ন প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়ক, স‍াংসদকে ধৰি চৰকাৰী শীৰ্ষ আমোলা-বিষয়াসকল জড়িত হ'ব । এই কথা সংবাদমেলত সদৰী কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

গুণোৎসৱ একাডেমিক কেলেণ্ডাৰত অন্তৰ্ভুক্ত কৰা হৈছে বুলিও সদৰি কৰি শিক্ষা মন্ত্ৰীগৰাকীৰ ৷ লগতে তেওঁ কয় যে, ‘‘গুণোৎসৱৰ ফলাফল হিচাপে 10 শতাংশ মূল্যায়ন বছেৰকীয়া পৰীক্ষাত যোগ দিয়া হ'ব । এইবাৰ বিদ্যালয়ৰ মুঠ শিক্ষাৰ্থীৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰা হ'ব । কেৱল গুণোৎসৱত অংশ গ্ৰহণ কৰা শিক্ষাৰ্থীৰ ওপৰত ভিত্তি কৰি নহয় । আনহাতে এইবাৰৰ গুণোৎসৱত শিক্ষকে নিজৰ বিদ্যালয়ৰ বিপৰীতে সমীপৰ আন বিদ্যালয়লৈ গৈ মূল্যায়ন কৰিব লাগিব । নিজৰ বিদ্যালয়ত কৰিব নোৱাৰিব ।’’

কোন শিক্ষক কোন বিদ্যালয়লৈ যাব সেইটো অনলাইন ব্যৱস্থাৰে নিশ্চিত কৰা হ'ব(Ranoj Pegu on teacher transfer) । যাৰ বাবে এটা ছফটৱেৰ প্ৰস্তুত কৰা হৈছে আৰু বুধবাৰৰ সংবাদমেলত এই ছফটৱেৰটো মুকলি কৰা হয় । ইয়াৰ দ্বাৰা শিক্ষকসকলে কোনখন বিদ্যালয়লৈ যাব লাগিব সেই কথা জানিব পাৰিব । পূৰ্বৰ তিনিবছৰৰ গুণোৎসৱ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘বিদ্যালয়ৰ আন্তঃগাঠনিৰ বাবে 980 কোটি টকা ধাৰ্য কৰি ৰূপায়ণৰ ব্যৱস্থা কৰা হৈছে । তদুপৰি সমগ্ৰ শিক্ষাৰ পুঁজিৰ যোগেদি কাম কৰা হৈছে ।’’

আনহাতে শিক্ষক আৰু শিক্ষাৰ্থীৰ ক্ষেত্ৰত থকা ব্যৱধান আঁতৰ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলিও উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে । শিক্ষক বদলিকৰণৰ প্ৰসংগত শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘পৰ্টেলত বদলিৰ বাবে এতিয়ালৈকে 15 হাজাৰ শিক্ষকে আবেদন কৰিছে । গুণোৎসৱ আৰু বছেৰেকীয়া পৰীক্ষাৰ পাছত বদলিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব ।’’

ইয়াৰ উপৰিও সকলো বিদ্যালয়তে বিদ্যুৎ আৰু খোৱা পানীৰ ব্যৱস্থা কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে বুলিও কয় শিক্ষামন্ত্ৰীগৰাকীয়ে । বৰ্তমান সময়ত 1400 বিদ্যালয়ত বিদ্যুৎ সংযোগ নাই বুলি শিক্ষা মন্ত্ৰীগৰাকীয়ে সদৰি কৰে ।

টেট পৰীক্ষাৰ(Assam TET exam) প্ৰসংগত শিক্ষা মন্ত্ৰীগৰ‍াকীয়ে কয় যে, ‘‘নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত দুবছৰৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত নহয় । ক‍াৰণ এতিয়াও টেট উত্তীৰ্ণ বহু প্ৰাৰ্থী আছে আৰু প্ৰয়োজনত তেওঁলোকক নিযুক্তি দিয়া হ'ব । আনহাতে চৰকাৰে চি-টেট উত্তীৰ্ণ সকলক আবেদন কৰাৰ সুবিধা দিছে ।’’

লগতে পঢ়ক: Assam minister Twitter account hacked:মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ টুইটাৰ একাউন্ট হেক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.