ETV Bharat / state

নতুন বছৰত দ্বিতীয়টো ঋণ ল’বলৈ আগবাঢ়িছে অসম চৰকাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 8:56 AM IST

Updated : Jan 14, 2024, 3:36 PM IST

নতুন বছৰত দ্বিতীয়টো ঋণ ল’ব অসম চৰকাৰে ৷ এই বছৰৰ জানুৱাৰী মাহতেই 1750 কোটি টকাৰ ঋণ হ’ব অসম চৰকাৰৰ ৷ ঋণৰ চাপ এৰাই চলিবলৈ ভাৰতৰ নিয়ন্ত্রক আৰু মহাহিচাপ পৰীক্ষকৰ (কেগ) তৰফৰ পৰা একাধিকবাৰ সকীয়াই অহা হৈছে যদিও চৰকাৰে ঋণ লৈয়েই থকা পৰিলক্ষিত হৈছে ৷

assam govt will take second loan in 2024
নতুন বছৰত দ্বিতীয়টো ঋণ ল’বলৈ আগবাঢ়িছে অসম চৰকাৰ

গুৱাহাটী, ১৪ জানুৱাৰী: প্ৰতিশ্ৰুতি আছিল দিছপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই টেপ খুলি দিলেই অসমত হ’ব টকাৰ বানপানী ৷ কিন্তু অসমৰ বৰ্তমানৰ বিত্তীয় ব্যৱস্থাটো নিৰ্বাচনৰ সময়ছোৱাত বিজেপি নেতাসকলে প্ৰতিশ্ৰুতি দিয়াৰ দৰে নহয় । বাস্তৱত 2024 বৰ্ষৰ প্ৰথম 16 দিনত 1750 কোটি টকাৰ ঋণ ল’লে ৰাজ্য চৰকাৰে ।

2024 বৰ্ষৰ প্ৰথমটো সপ্তাহত এক হাজাৰ কোটিৰ ঋণেৰে ঋণ পৰ্ব আৰম্ভ কৰিলে অসম চৰকাৰে ৷ এতিয়া 16 জানুৱাৰীত অসম চৰকাৰে আকৌ ল’ব 750 কোটি টকা ৷ এই বছৰৰ জানুৱাৰী মাহতেই 1750 কোটি টকাৰ ঋণ হ’ব অসম চৰকাৰৰ । অসম চৰকাৰৰ ঋণৰ পৰিমাণে ইতিমধ্যে ডেৰ লাখ কোটি টকাৰ ওচৰ চাপিছে ৷ তাৰ মাজতে নতুন বছৰৰ প্ৰথমটো সপ্তাহতেই কাকত বণ্ড বিক্ৰীৰে হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল অসম চৰকাৰে ৷

সেই অনুসৰি যোৱা 9 জানুৱাৰীত পুনৰ এক হাজাৰ কোটি টকাৰ ঋণ গ্ৰহণৰ উদেশ্যে অসম চৰকাৰে প্ৰস্তাৱ আগবঢ়াইছিল ভাৰতীয় ৰিজার্ভ বেংকৰ ওচৰত ৷ উল্লেখ্য যে, বিগত 2023 বর্ষত প্ৰায় 10 হাজাৰ কোটি টকাৰ ঋণ লৈছিল অসম চৰকাৰে ৷ তথ্য অনুসৰি, 2023 চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত 1000 কোটি টকা আৰু 31 জানুৱাৰীত 800 কোটি টকা মিলাই মাহটোত সর্বমুঠ 1800 কোটি টকা ঋণ লৈছিল অসম চৰকাৰে ৷ সেই ধাৰা অব্যাহত ৰাখি বছৰটোৰ শেষত ডিচেম্বৰ মাহত চৰকাৰখনে লৈছে 1500 কোটি টকাৰ ঋণ ৷ জানুৱাৰী মাহৰপৰা ডিচেম্বৰলৈ সৰ্বমুঠ 10 হাজাৰ কোটি টকা ঋণ লোৱা চৰকাৰখনৰ 2024 চনৰ 31 মাৰ্চলৈ সৰ্বমুঠ ঋণ হ’বগৈ 1,51,041.91 কোটি টকা ৷

কিন্তু ইমানৰ পাছতো থমকি ৰোৱা নাই হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰ ৷ এইবাৰ জানুৱাৰী মাহৰ 9 তাৰিখে 1 হাজাৰ কোটি টকাৰ ঋণ লোৱা চৰকাৰে আগন্তুক দুটা মাহত 4 হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ লক্ষ্য বান্ধি লৈছে ৷ অহা 16 জানুৱাৰীত 750 কোটি টকাৰ ঋণ লোৱা হ’ব ৷ তাৰ ঠিক দুদিন পিছতেই আত্মসহায়ক গোটৰ সৈতে জড়িত 39 লাখ মহিলাক দহ হেজাৰ টকাকৈ আর্থিক অনুদান প্রদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব ।

আগন্তুক লোকসভা নির্বাচনৰ ভোটৰ সমীকৰণ লৈ যে প্ৰায় 3900 কোটি টকাৰ আঁচনিখন হাতত লৈছে সেয়া নিশ্চিত । লক্ষণীয় বিষয় যে, এফালে 3900 কোটি টকাৰ নিৰ্বাচনমুখী হিতাধিকাৰী আঁচনি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ৷ আনফালে আর্থিক সংকটৰ জোৰা মাৰিবলৈ চৰকাৰখনে বছৰৰ প্ৰথমটো মাহতে দুবাৰত মুঠ 1,750 কোটি টকাৰ ঋণ ল'বলগীয়া হৈছে ৷ ৰাজহুৱা ঋণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বিকাশৰ বাবে ৰাজ্য চৰকাৰক নিজৰ ৰাজহ বৃদ্ধি আৰু ৰাজহ ব্যয় হ্রাস কৰাৰ ব্যৱস্থা গ্রহণৰ পৰামৰ্শৰে পৰৱৰ্তী বিত্তীয় বৰ্ষসমূহত ৰাজহুৱা ঋণৰ চাপ এৰাই চলিবলৈ ভাৰতৰ নিয়ন্ত্রক আৰু মহাহিচাপ পৰীক্ষকৰ (কেগ) তৰফৰ পৰা একাধিকবাৰ সকীয়াই দি আহিছে ৷ এনে পৰিস্থিতিৰ মাজত একাংশ বিত্তীয় বিশ্লেষক আৰু বিৰোধীয়ে ৰাজ্য চৰকাৰৰ 3900 কোটি টকাৰ নিৰ্বাচনমুখী হিতাধিকাৰী আঁচনিক ধাৰ কৰি ঘিঁউ খোৱা প্ৰৱণতা আৰু অদূৰদৰ্শী আখ্যা দিছে ।

লগতে পঢ়ক: ভোগৰ ভোগালী: এইবাৰ ভোগালীৰ উৰুকাত আঁৰি-চিতলৰ জোলেৰে এসাঁজ খাব মুখ্যমন্ত্ৰীয়ে

Last Updated : Jan 14, 2024, 3:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.