ETV Bharat / state

Assam government is in debt : অসম চৰকাৰে ঋণৰ সুদ পৰিশোধৰ বাবে পুনৰ ল'বলগীয়া হৈছে ঋণ - Assam government is in debt

ৰাজ্য চৰকাৰে ২০২১-২০২২ বৰ্ষত লোৱা ১৬,৬৭০.১৫ কোটি টকা ঋণৰ ২১.১৬ শতাংশ অর্থাৎ ৩৫২৬.৮৯ কোটি টকা ব্যয় কৰিছে পূৰ্বৰ ঋণৰ সুদ পৰিশোধত । কেগৰ প্ৰতিবেদনত ৰাজ্যিক বিত্তীয় ব্যৱস্থাপনাৰ ওপৰত উদ্বেগ প্ৰকাশ (CAG concern over debt burden on Assam govt)। ভৱিষ্যৎ প্রজন্মৰ সুৰক্ষাৰ স্বাৰ্থত ঋণৰ ধন বা চৰকাৰী পুঁজি আন্তঃগাঁথনিত বিনিয়োগ কৰাত অগ্ৰাধিকাৰ দিবলৈ চৰকাৰক পৰামৰ্শ কেগৰ । ৰাজহুৱা ঋণৰ পৰিমাণ বৃদ্ধি আৰু বকেয়া ঋণৰ ওপৰত সুদ পৰিশোধৰ নামতে চৰকাৰৰ ৰাজহ প্রাপ্তিৰ ৬-৮ শতাংশ ব্যয় ।

Assam government is in debt
অসম চৰকাৰে ঋণৰ সুদ পৰিশোধৰ বাবে পুনৰ ল'বলগীয়া হৈছে ঋণ
author img

By

Published : Apr 9, 2023, 2:07 PM IST

গুৱাহাটী,৯ এপ্রিল : ঋণৰ ওপৰত ঋণ লৈ উন্নয়নৰ ঢাক-ঢোল বজোৱা অসম চৰকাৰে কিন্তু ঋণৰ সুদ মাৰিবলৈকে ঋণ ল'বলগীয়া হৈছে । অসম চৰকাৰে ২০২১-২০২২ বৰ্ষত ১৬,৬৭০.১৫ কোটি টকাৰ ঋণ লৈছিল (Total loan Amount of Assam Government)। কিন্তু এই ঋণৰ ২১.১৬ শতাংশ অর্থাৎ ৩৫২৬.৮৯ কোটি টকা পূৰ্বৰ ঋণৰ সুদ পৰিশোধত ব্যয় কৰিছিল । আনহাতে সদ্যসমাপ্ত ২০২২-২০২৩ বৰ্ষত ৰাজ্যখনৰ ঋণৰ পৰিমাণ হৈছেগৈ ১.৩২ লাখ কোটি টকা । তেনেস্থলত সুদৰ পৰিমাণো ক্ৰমাৎ বৃদ্ধি পাই আহিছে ।

ইফালে ভাৰতৰ নিয়ন্ত্ৰক আৰু মহাহিচাপ পৰীক্ষক (Comptroller and Auditor General of India) চমুকৈ কেগৰ ২০২১-২০২২ বিত্তীয় বৰ্ষৰ হিচাপ পৰীক্ষাৰ প্ৰতিবেদনতো ৰাজ্যখনৰ ঋণৰ বোজাৰ প্ৰসংগ উল্লেখ কৰা হৈছে । কেগৰ প্ৰতিবেদনত কোৱা হৈছে যে আগৰ বছৰসমূহত ৰাজহুৱা ঋণৰ মূলধন হ্রাস দূৰৈৰ কথা, সুদ পৰিশোধৰ ওপৰত চাপ বৃদ্ধি হ'ব ।

কেগৰ প্রতিবেদনত স্পষ্ট কৰি দিয়া হৈছে যে মূলধন গঠন আৰু বিকাশ অবিহনে ঋণৰ পৰিমাণ বৃদ্ধি ৰাজ্যখনৰ ভৱিষ্যৎ প্রজন্মৰ বাবে এক অভাৱনীয় বোজা হৈ পৰিব (CAG report on loan of Assam govt)। কেগৰ প্ৰতিবেদনে ৰাজ্যিক বিত্তীয় ব্যৱস্থাপনাৰ ওপৰত চিন্তা ব্যক্ত কৰিছে । প্রতিবেদন অনুসৰি ৰাজ্যৰ বকেয়া ঋণৰ পৰিমাণ ২০১৭-১৮ বৰ্ষৰ ৪৯,২৭৪.৮৮ কোটি টকাৰ পৰা ২০২১-২২ বৰ্ষত ১৪.৩১ শতাংশ বৃদ্ধি পাই ৯৯,৯১৮.৫৪ কোটি টকা হয় ।

Assam government is in debt
অসম চৰকাৰে ঋণৰ সুদ পৰিশোধৰ বাবে পুনৰ ল'বলগীয়া হৈছে ঋণ

লক্ষ্যনীয় বিষয় যে কেগে মুকলি বজাৰৰ পৰা লোৱা ৰাজহুৱা ঋণৰ হাৰ ৰাজ্যৰ বাৰ্ষিক মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ১১.৬৬ শতাংশতকৈ বৃদ্ধি পাই ২৩.৩০ শতাংশ হোৱাটোত গভীৰ উদ্বেগ প্রকাশ কৰিছে । উল্লেখ্য যে ২০২০-২১ বৰ্ষত ৰাজ্যৰ বকেয়া ঋণ আছিল ৮৭,৪০৭.৭৯ কোটি টকা । ২০২১-২২ বৰ্ষত অতিৰিক্তভাৱে ১২,৫১০.৭৫ কোটি টকাৰ ঋণ লোৱাত বকেয়া ঋণৰ পৰিমাণ ৯৯,৯১৮.৫৪ কোটি টকালৈ বৃদ্ধি পায় ।

বাৰ্ষিক এইদৰে ৰাজহুৱা ঋণৰ পৰিমাণ বৃদ্ধি আৰু বকেয়া ঋণৰ ওপৰত সুদ পৰিশোধৰ নামতে চৰকাৰৰ ৰাজহ প্রাপ্তি ৬-৮ শতাংশ ব্যৱহাৰ কৰিবলগীয়া হোৱাত কেগে গভীৰ উদ্বেগ প্রকাশ কৰিছে । লগতে কেগে ৰাজ্য চৰকাৰকো সতৰ্কবাণী শুনাইছে (CAG warns Assam govt)। কেগে বৰ্ধিত ঋণ আৰু সুদৰ বোজা এৰাই চলিবলৈ আৰু চৰকাৰক নিজা ৰাজহ বৃদ্ধি তথা ৰাজহ ব্যয় হ্ৰাসৰ ব্যৱস্থা ল'বলৈ পৰামৰ্শ দিছে ।

লক্ষ্যনীয় বিষয় যে মুঠ ঋণৰ ৫৭.৯৯ শতাংশ অর্থাৎ ৪৬,৪৩৫.২০ কোটি টকাই ৰাজ্য চৰকাৰে আগন্তুক সাত বছৰৰ ভিতৰত পৰিশোধ কৰিব লাগিব । কেগৰ প্ৰতিবেদন অনুসৰি ২০২১-২২ বৰ্ষত বিত্তীয় ঘাটি ১৯,৮৬৩.১২ কোটি টকা হ'লেও হিচাপ পৰীক্ষা কালত প্রকৃত বিত্তীয় ঘাটি ২০,৭৯৬.৩৪ কোটি টকা হয় । কেগৰ হিচাপ পৰীক্ষাৰ বৰ্ষটোত ৰাজ্যৰ ৰাজহ প্ৰাপ্তি ৭৯,৮১৫.১৯ কোটি টকাৰ বিপৰীতে কৰ্মচাৰীৰ দৰমহা, পেন্সন, মজুৰিৰ লেখীয়া ৰাজহ ব্যয় ৮২,৫৪৭.৯৬ কোটি টকালৈ বৃদ্ধিতো উদ্বেগ প্রকাশ কৰা হৈছে (Debt burden on Assam government)।

আনহাতে কেগে ভৱিষ্যৎ প্রজন্মৰ সুৰক্ষাৰ স্বাৰ্থতে ঋণৰ ধন বা চৰকাৰী পুঁজি আন্তঃগাঁথনিত বিনিয়োগ কৰাত অগ্ৰাধিকাৰ দিবলৈ চৰকাৰক পৰামৰ্শ দিছে । লক্ষণীয় বিষয় যে কেগৰ প্ৰতিবেনত চৰকাৰখনে ঋণ লোৱা আৰু ব্যয় কৰাৰ প্ৰকৃত স্বৰূপটো ওলাই পৰিছে ।

লগতে পঢ়ক :PM Gati Shakti : প্ৰধানমন্ত্ৰী গতিশক্তিৰ ৰূপায়ণ সম্পৰ্কীয় বৈঠকত মন্ত্ৰী অশোক সিংহল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.