ETV Bharat / state

Strict action against polygamy: বহু বিবাহৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বহু বিবাহৰ বিৰুদ্ধে কঠোৰ অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ৷ এখন বিশেষজ্ঞ কমিটীৰ পৰামৰ্শ অনুসৰি বহু বিবাহ নিষিদ্ধ কৰাৰ উদ্দেশ্যৰে আইন আনিব অসম চৰকাৰে (Strict action against polygamy)।

Assam govt Strict action against polygamy
বহু বিবাহৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ
author img

By

Published : May 9, 2023, 10:27 PM IST

Updated : May 9, 2023, 10:45 PM IST

বহু বিবাহৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ৯ মে’ : বহু বিবাহ কৰোৱাসকলৰ বাবে শীঘ্ৰেই আহি আছে বিপদ ৷ বহু বিবাহৰ বিৰুদ্ধে কঠোৰ হ’ব অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অহা ছমাহৰ ভিতৰত ৰাজ্যত বহু বিবাহ নিষিদ্ধ কৰিব বুলি ঘোষণা কৰে (Assam govt Strict action against polygamy) ৷ আজি দুটা বছৰ সম্পূৰ্ণ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে (2nd anniversary of Himanta Biswa Sarma govt) ৷

এখন বিশেষজ্ঞ কমিটীৰ পৰামৰ্শ অনুসৰি বহু বিবাহ নিষিদ্ধ কৰাৰ উদ্দেশ্যৰে আইন আনিব অসম চৰকাৰে (Strict action against polygamy)। মুছলিম ব্যক্তিগত আইন (শ্বৰিয়ত) আইনৰ বিধানসমূহো ফঁহিয়াই পৰ্যালোচনা কৰিব কমিটীখনে ৷

বৰ্তমানৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনৰ দ্বিতীয় বৰ্ষপবৰ্তি উপলক্ষে সংবাদ মাধ্যমৰ সৈতে মঙলবাৰে কইনাধৰাত এক মত বিনিময় অনুষ্ঠানত ভাগ লয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰে যে, ৰাজ্যত বহুবিবাহ নিষিদ্ধ কৰাৰ আইনী ব্যৱস্থা তথা সুবিধা-অসুবিধাসমূহ পৰ্যালোচনা কৰিবলৈ কাইলৈৰ ভিতৰত অসম চৰকাৰে এখন বিশেষ কমিটী গঠন কৰিব ।

বাল্য বিবাহৰ বিৰুদ্ধে যোৱা ফেব্ৰুৱাৰী মাহত অসম চৰকাৰে ৰাজ্যজুৰি ব্যাপক অভিযান আৰম্ভ কৰিছিল ৷ ৪০০০ তকৈয়ো অধিক গোচৰ ৰুজু হোৱাৰ লগতে সমসংখ্যক লোক গ্ৰেপ্তাৰো হৈছিল ৷ তেতিয়াই এটা কথা পোহৰলৈ আহিছিল যে, ৰাজ্যখনত বাল্য বিবাহৰ দৰেই বৃহৎ সংখ্যক বহু বিবাহৰ ঘটনাও ঘটি আহিছে ৷ সেয়ে চৰকাৰে বহু বিবাহ বন্ধ কৰিবৰ বাবে এখন আইন অনাৰ চিন্তা কৰিবলগীয়া হয় ৷

বহুবিবাহ নিষিদ্ধ কৰাৰ অধিকাৰ ৰাজ্য চৰকাৰৰ আছে নে নাই তাক পৰীক্ষা কৰিবলৈ অসম চৰকাৰে বিশেষজ্ঞ কমিটীখন গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে । এই সমিতিখনে ভাৰতৰ সংবিধানৰ ২৫ নং অনুচ্ছেদৰ লগতে ১৯৩৭ চনৰ মুছলীম ব্যক্তিগত আইন (শ্বৰিয়ত) আইনৰ বিধানসমূহো পৰ্যালোচনা কৰিব । এই সম্পৰ্কত কমিটীখনে তন্ন তন্নকৈ পৰীক্ষা কৰিব । এই কমিটীখনে আইনী বিশেষজ্ঞকে ধৰি সকলো পৰ্যায়ৰ প্ৰতিনিধিৰ সৈতে বিস্তৃত আলোচনা কৰি এক সৰ্বসন্মত সিদ্ধান্তত উপনীত হ’ব ।

“অসমীয়া ভাষী মুছলমানসকলৰ মাজত এনে বহুবিবাহৰ প্ৰচলন অতি কম । কিন্তু প্ৰব্ৰজিত ভাষিক মুছলমান সকলৰ মাজত বহুবিবাহ বেছিকৈ দেখা পোৱা গৈছে । বৰাক উপত্যকাৰ বহু অঞ্চল, হোজাই, যমুনামুখ আদি স্থানত এগৰাকী ব্যক্তিয়ে কেইবাগৰাকী মহিলাক বিয়া কৰোৱাৰ পৰম্পৰা কিছু অধিক ৷” এইদৰে উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্রীগৰাকীয়ে লগতে উল্লেখ কৰে যে অসমৰ কোনো কোনো জনজাতীয় সমাজতো বহুবিবাহৰ ঘটনা দেখা পোৱা যায় ৷ শেহতীয়াকৈ বাল্যবিবাহৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়ত প্ৰব্ৰজিত মুছলমান বসতি প্ৰধান অঞ্চলত 60 ৰ পৰা 65 বছৰীয়া লোকেও বহুবিবাহ কৰা দেখা যায় ৷ বৃদ্ধলোকেও সৰু ছোৱালীক বিয়া কৰায় ৷ অভিজ্ঞ আইনজ্ঞৰ দ্বাৰা গঠিত হ’বলগীয়া কমিটীখনে মুছলমান নেতাসকলৰ সৈতেও এই বিষয়ত আলোচনা কৰিব ৷

লগতে ইছলামিক ধৰ্মগুৰুসকলৰ সৈতেও আলোচনা কৰিব যাতে বহুবিবাহৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিবলৈ যাওতে শ্বৰিয়তৰ সৈতে কোনো ধৰণৰ বিৰোধ নহয় ৷ মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে যে তেওঁ যোৱা ৭ দিনত ইছলামিক আইন অতি সতৰ্কতাৰে অধ্যয়ন কৰিছে ৷ ইছলামিক আইন অনুসৰি বহুবিবাহ অত্যাৱশ্যকীয় প্ৰথা নহয় ।

লগতে পঢ়ক: 2nd anniversary of Himanta govt: দুবছৰৰ শাসনকালত কি কি কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ?

Last Updated : May 9, 2023, 10:45 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.