ETV Bharat / state

Bihu to UNESCO Heritage : ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যত বিহুক অন্তুৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা

author img

By

Published : Jun 28, 2023, 9:42 PM IST

Updated : Jun 28, 2023, 9:52 PM IST

গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ পিচত ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যত বিহুক অন্তুৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা ৷ বিহুক ইউনেস্ক'ৰ অস্থাৱৰ সাংস্কৃতিক ঐতিহ্যৰ তালিকাত অন্তর্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা চলাইছে ৷ প্ৰয়োজনীয় প্ৰস্তুতিৰ বাবে সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বিশেষ বৈঠক৷ ৷

Assam govt preparation for Bihu to UNESCO Heritage
ইউনেস্ক’ৰ সাংস্কৃতিক ঐতিহ্যত বিহুক অন্তুৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা

গুৱাহাটী, ২৮ জুন: অসমীয়াৰ প্ৰাণৰ স্পন্দন বিহু উৎসৱক ইউনেস্ক’ৰ অস্থাৱৰ বা অস্পৰ্শনীয় সাংস্কৃতিক ঐতিহ্য (Intangible Cultural Heritage)ৰ তালিকাত স্থান প্ৰদানৰ বাবে প্ৰচেষ্টা চলাইছে অসম চৰকাৰে ৷ এই উদ্দেশ্যে দিছপুৰৰ জনতা ভৱনৰ কাৰ্যালয়ত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
বুধবাৰে বিয়লি অনুষ্ঠিত এই বৈঠকত ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক, সাংস্কৃতিক সংস্থা বা ইউনেস্ক’ৰ অধীনস্থ ইক'মছ (ICOMOS )ৰ উত্তৰ -পূৱ মণ্ডলৰ সমন্বয়ক দিলীপ চাংকাকতীয়ে সাংস্কৃতিক ঐতিহ্য তালিকাত বিহু উৎসৱৰ অন্তর্ভুক্তিৰ ক্ষেত্রত থকা নীতি নিয়মৰ বিষয়ে অৱগত কৰাৰ লগতে এই ক্ষেত্ৰত সম্ভৱপৰ সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।
ইউনেস্ক’ৰ Intangible Cultural Heritageৰ তালিকাত অন্তর্ভুক্তিৰ ক্ষেত্রত মৌখিক পৰম্পৰা, পৰিৱেশ্য কলা, সামাজিক পৰম্পৰা, জ্ঞান প্ৰসাৰী, ৰীতি-নীতি, উৎসৱ, বিশ্ব -ব্ৰহ্মাণ্ড আৰু প্ৰকৃতিৰে সম্পৰ্কিত কাৰ্য, পৰম্পৰাগত কলা সৃষ্টিকাৰি জ্ঞান আৰু দক্ষতা আদি বিষয় বিবেচনা কৰা হয়। ইতিমধ্যে কুম্ভমেলা, পশ্চিম বংগৰ দুৰ্গা পুজা, মণিপুৰৰ সংকীৰ্তন, ৰাজস্থানৰ কালবেলীয়া নৃত্য কলা,সংস্কৃত নাট, কুটিয়াট্টম, চাও নৃত্যকে ধৰি ভাৰতৰ মুঠ ১৩টা সাস্কৃতিক পৰম্পৰাই ইউনেস্কোৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ স্থান লাভ কৰিছে।
ইক'মছৰ অহা ডিচেম্বৰত মেলবৰ্ণত অনুষ্ঠিত হ’বলগীয়া সভাত যাতে বিহু উৎসৱক ঐতিহ্য তালিকাত অন্তর্ভুক্তিৰ ক্ষেত্রত সঠিকভাৱে উপস্থাপন কৰিব পৰা যায় ইয়াৰ বাবে সাংস্কৃতিক মন্ত্রী বড়াই যাৱতীয় নথি-পত্ৰ প্ৰস্তুত কৰিবলৈ বিষয়া সকলক সভাত নিৰ্দেশ দিয়ে। ইউনেস্কোৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ তালিকাত অন্তর্ভুক্ত হলে বিহু উৎসৱে বিশ্বজুৰি প্ৰসিদ্ধি লাভ কৰাৰ লগতে ইয়াৰ প্ৰতি বিশ্ববাসীৰ উৎসুকতাও বৃদ্ধি পাব, লগে লগে পৰ্যটনৰ ক্ষেত্রখন সমৃদ্ধ হ'ব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে ৷

লগতে পঢ়ক: Bodoland University Controversy: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত বাতিল কৰাৰ আহ্বান আছুৰ

Last Updated : Jun 28, 2023, 9:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.