ETV Bharat / state

Guwahati Urban Forest: গুৱাহাটীৰ ১৮ খন পাহাৰৰ ব্যাপক অৱক্ষয়ৰ বিপৰীতে ‘আৰবান ফৰেষ্ট’ৰ পৰিকল্পনা চৰকাৰৰ - হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটীৰ বৰবাৰীৰ চাৰি বৰ্গ কিলোমিটাৰ এলেকাত গছপুলি ৰোপনেৰে 'আৰবান ফৰেষ্ট'ৰ পৰিকল্পনা অসম চৰকাৰৰ । সামজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে সদৰী কৰিলে চৰকাৰৰ পৰিকল্পনা । বৰবাৰীৰ শুকান পাহাৰৰ ৪ বৰ্গ কিলোমিটাৰ এলেকাত ৰোপন কৰা হ'ব ১৪০০ গছপুলি ।

Guwahati Urban Forest
Guwahati Urban Forest
author img

By

Published : Jul 26, 2023, 3:05 PM IST

গুৱাহাটীত ‘আৰবান ফৰেষ্ট’ৰ পৰিকল্পনা অসম চৰকাৰৰ

গুৱাহাটী,২৬ জুলাই: প্ৰাকৃতিকভাৱে চহকী থকা ৰাজধানী চহৰ গুৱাহাটী মহানগৰী ক্ৰমাৎ প্ৰদূষণৰ কৱলত পৰাৰ লগতে কৃত্ৰিম বানপানীকে ধৰি একাধিক সমস্যাৰে জৰ্জৰিত হৈ পৰিছে । সৰু-বৰ ১৮খন পাহাৰেৰে আগুৰি থকা গুৱাহাটী মহানগৰী ক্ৰমাৎ কংক্ৰিটৰ নগৰীলৈ পৰ্যৱসিত হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱাৰ লগতে উত্তাপো বৃদ্ধি পাব ধৰিছে । গুৱাহাটী মহানগৰীক সেউজ সুন্দৰকৈ গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও গুৱাহাটীৰ পাহাৰসমূহৰ সেউজ আৱৰণ ধৰি ৰখাৰ ক্ষেত্ৰত বিশেষ কোনো উদ্যোগ গ্ৰহণ কৰা নাই । গুৱাহাটীৰ ১৮খন পাহাৰ সংৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত কাৰ্যতঃ চৰকাৰ ব্যৰ্থ হৈছে ।

পাহাৰসমূহৰ ব্যাপক অবক্ষয়ৰ বাবেই সম্প্ৰতি গুৱাহাটী মহানগৰীয়ে কৃত্ৰিম বানপানী, প্ৰদূষণ, উত্তাপ বৃদ্ধি আদি বহু সমস্যাৰে যুঁজ দিবলগীয়া হৈছে । গুৱাহাটীৰ পাহাৰসমূহক সংৰক্ষিত কৰাত ব্যৰ্থ হোৱা ৰাজ্য চৰকাৰে এইবাৰ সেউজ পাহাৰ গঢ়াৰ পৰিকল্পনা কৰিছে ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক ভিডিঅ' যোগে এই পৰিকল্পনাৰ কথা সদৰী কৰিছে । পৰিৱেশ প্ৰদূষণৰ পৰা মহানগৰবাসীক সকাহ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ । চৰকাৰে আৰবান ফৰেষ্টৰ পৰিকল্পনা কৰিছে । গুৱাহাটীৰ বৰবাৰীৰ চাৰি বৰ্গ কিলোমিটাৰ এলেকাত ঘন জংঘলৰ এক পৰিকল্পনা কৰিছে ।

বৰবাৰীৰ শুকান পাহাৰৰ ৪ বৰ্গ কিলোমিটাৰ এলেকাত একেলগে ১৪০০ গছপুলি ৰোপন কৰা হ’ব । এই সন্দৰ্ভত ইতিমধ্যে গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ অধীনত পৰিৱেশ প্ৰদূষণ ৰোধৰ বাবে এই নতুন প্ৰকল্পৰ ডি পি আৰ (DPR) প্ৰস্তুত কৰা হৈছে । সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে ।

ইতিমধ্যে জি এম ডি এ কৰ্তৃপক্ষই এই প্ৰকল্পৰ কাম-কাজ আৰম্ভ কৰিছে । চৰকাৰৰ এই পদক্ষেপ নিসন্দেহে প্ৰশংসনীয় যদিও প্ৰকৃতিয়ে দিয়া সম্পদসমূহক চৰকাৰখনে ধৰি ৰাখিব নোৱাৰাটো অতি পৰিতাপৰ বিষয় । কাৰণ প্ৰকৃতিয়ে গুৱাহাটীক অনন্য ৰূপ প্ৰদান কৰিছে । কিন্তু প্ৰকৃতিৰ অনন্য অৱদান স্বৰূপ পাহাৰসমূহক চৰকাৰখনে সংৰক্ষিত কৰিব পৰা নাই ।

বছৰৰ পাচত বছৰ ধৰি গুৱাহাটীৰ ১৮ খন পাহাৰৰ অধিক সংখ্যতে চলা অবাধ বনধ্বংস তথা খনন কাৰ্য আৰু অপৰিকল্পিত বসতি স্থাপনে পাহাৰসমূহৰ অস্তিত্ব বিপন্ন কৰি তোলিছে । যাৰ পৰিণাম আজি ভোগ কৰিছে মহানগৰীবাসীয়ে । চৰকাৰে আৰবান ফৰেষ্টৰ সমান্তৰালকৈ গুৱাহাটীৰ পাহাৰসমূহ সংৰক্ষিত কৰাৰ ব্যৱস্থা কৰিব পাৰিলে বহু সমস্যাৰ সমাধান হ'ব আৰু ইয়াৰ বাসিন্দাই এখন সেউজ সুন্দৰ মহানগৰী পাব ।

লগতে পঢ়ক: Namrup BVFCL : বন্ধ নহয় নামৰূপ সাৰ কাৰখানা, বৰং কৰা হ‘ব আধুনিকীকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.