ETV Bharat / state

ইটিভি এক্সক্লুচিভ : এইবাৰ কৃষি বিভাগৰ পৰীক্ষা পতাৰ দায়িত্ব বহিৰাগত প্ৰতিষ্ঠানক - অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষা

এইবাৰ অসম আৰক্ষীৰ পিছত কৃষি বিভাগে পূৰণ কৰিবলৈ ওলাইছে প্ৰায় দুহেজাৰটা পদ । এই পদসমূহৰ বাবে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা পাতিবলৈ ৰাজ্যৰ বাহিৰৰ তিনিটাকৈ ব্যক্তিগত প্ৰতিষ্ঠানক ইতিমধ্যে বাচনি কৰা হৈছে ।

agri appointment
agri appointment
author img

By

Published : Sep 27, 2020, 1:33 PM IST

গুৱাহাটী, ২৭ ছেপ্টেম্বৰ : অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ নামত হোৱা বৃহৎ কেলেংকাৰীৰ মাজতেই ই টিভি ভাৰতৰ হাতত আহি পৰিছে আন এক তথ্য । ব্যক্তিগত কোম্পানীক পৰীক্ষা পাতিবলৈ ঠিকা, উপ ঠিকা দিয়াৰ পৰিণতি কি হ'ল সেয়া ইতিমধ্যে ৰাইজে দেখিছে । এইবাৰ অসম আৰক্ষীৰ পিছত কৃষি বিভাগে পূৰণ কৰিবলৈ ওলাইছে প্ৰায় দুহেজাৰটা খালী পদ । এই পদসমূহৰ বাবে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা পাতিবলৈ ৰাজ্যৰ বাহিৰৰ তিনিটাকৈ ব্যক্তিগত প্ৰতিষ্ঠানক ইতিমধ্যে বাচনি কৰা হৈছে ।

agri appointment
এইবাৰ কৃষি বিভাগৰ পৰীক্ষা পতাৰ দায়িত্ব বহিৰাগত প্ৰতিষ্ঠানক

এই প্ৰতিষ্ঠান তিনিটা হ'ল ক্ৰমে ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইক'মেট্ৰি, পি এইচ এছ কনচালটেন্ট লিমিটেড আৰু এডুটেষ্ট চল্যুশ্বন প্ৰাইভেট লিমিটেড । ইতিমধ্যে এই তিনিটা প্ৰতিষ্ঠানক পৰীক্ষা পতাৰ বিনিময়ত ১৩ কোটি টকা আদায় দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ । বিগত ২৩ ছেপ্টেম্বৰত কৃষি বিভাগৰ সঞ্চালক আকাশদ্বীপে Agri/esstt/7001/pt-1/2019/24 নং পত্ৰ যোগে কৃষি বিভাগৰ প্ৰধান সচিবক ১৩ কোটি টকা আৱন্টন দিবলৈ অনুৰোধ জনাইছে । পত্ৰখনত আৰু কোৱা হৈছে যে পূৰ্বৰ অভিজ্ঞতাৰ পৰা ধাৰণা কৰিব পাৰি যে পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া প্ৰায় দুহেজাৰ পদৰ বাবে প্ৰায় ৮ লাখ প্ৰাৰ্থীয়ে আবেদন জনাব ।

agri appointment
ষি বিভাগে পূৰণ কৰিবলৈ ওলাইছে প্ৰায় দুহেজাৰটা পদ

প্ৰতিজন প্ৰাৰ্থীৰ বিপৰীতে বিভাগৰ ফালৰ পৰা প্ৰায় ১৬৫.২০ টকাকৈ ব্যয় হ’ব । সেই হিচাপত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ প্ৰয়োজন হ’ব প্ৰায় ১৩ কোটি টকা । উল্লেখযোগ্য যে কৃষি বিভাগত ৪৭ টা কণিষ্ঠ সহায়ক, ১৫৩ টা জিলা পৰ্যায়ৰ কণিষ্ঠ সহায়ক, ষ্টেন'গ্ৰাফাৰৰ ৮ টা, ষ্টেন'টাইপিষ্ট ৫ টা, ইলেক্ট্ৰিচিয়ান ৪ টা, কম্পিউটাৰ অপাৰেটৰ ২৪ টাকে ধৰি সৰ্বমুঠ দুহেজাৰ পদ এই প্ৰক্ৰিয়াৰে পূৰণ কৰা হ’ব ।

agri appointment
কৃষি বিভাগৰ প্ৰধান সচিবক ১৩ কোটি টকা আৱন্টন দিবলৈ অনুৰোধ

লগতে পঢ়ক : "সম্পৰ্ক"ৰে সম্পৰ্ক গঢ়িছে বহিঃৰাজ্যৰ পৰা প্ৰব্ৰজিত 67 হাজাৰ শ্ৰমিকে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.