ETV Bharat / state

মুখ্যমন্ত্রীৰ ডায়েৰী-২ আৰু মুখ্যমন্ত্রীৰ বক্তৃতা সংকলন-২কে ধৰি চাৰিখন গ্রন্থ উন্মোচন - হিমন্ত বিশ্ব শৰ্মা

দিছপুৰত মুখ্যমন্ত্ৰীৰ গ্ৰন্থ উন্মোচন অনুষ্ঠান ৷ ৰাজ্যৰ প্ৰতিটো খণ্ডতে মুখ্যমন্ত্ৰী ড৹ শর্মাই এক ইতিবাচক পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য ৰাজ্যপালৰ৷ মুখ্যমন্ত্ৰীৰ গ্ৰন্থসমূহ ভৱিষ্যতে এক গুৰুত্বপূৰ্ণ সমল হৈ পৰিব বুলি মন্তব্য গুলাব চান্দ কাটাৰিয়াৰ ৷

himanta biswa sarma book
মুখ্যমন্ত্রীৰ গ্ৰন্থ উন্মোচন
author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 10:31 PM IST

গুৱাহাটী, ৯ ডিচেম্বৰ: জনতা ভৱনস্থিত লোকসেৱা ভৱনৰ সংবাদ সম্মিলন কক্ষত আজি অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই তিনিখন গ্ৰন্থ উন্মোচন কৰে ৷ ৰাজ্যপালগৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ‘মুখ্যমন্ত্ৰীৰ ডায়েৰী- ২’ আৰু ‘ মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন- ২' শীর্ষক গ্ৰন্থ দুখনৰ লগতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ বিভিন্ন প্ৰৱন্ধৰ উড়িয়া ভাষালৈ অনুবাদিত একত্ৰিত সংকলন ‘অন্য একা ক্ৰষ্টিকোণা' শীর্ষক গ্ৰন্থখনো আনুষ্ঠানিকভাৱে উম্মোচন কৰে ।

  • I am happy to release two books, 'Mukhyamantrir Baktrita Sankalan -2' and 'Mukhyamantrir Diary 2,' authored by our beloved Chief Minister of the State, Dr. Himanta Biswa Sarma Ji. Both books deal extensively with the administration and governance of the present day, (1/2) pic.twitter.com/B6j9sqUBSf

    — Gulab Chand Kataria (@Gulab_kataria) December 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

তদুপৰি মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব ধ্ৰুব মহন্তৰ ‘কিমান সুৰক্ষিত জাতিৰ ভবিষ্যৎ’ শীর্ষক প্ৰবন্ধ সংকলনখনো আজিৰ অনুষ্ঠানতে ৰাজ্যপাল কাটাৰিয়াই উন্মোচন কৰে । উল্লেখযোগ্য যে, চলিত বৰ্ষৰ ৫ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ ডায়েৰীৰ প্ৰথম খণ্ডটো উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে উন্মোচন কৰিছিল । আজি ৰাজ্যপাল কাটাৰিয়াই উন্মোচন কৰা দ্বিতীয়টো খণ্ডত মুখ্যমন্ত্ৰী ড৹ শর্মাই তেওঁৰ মুখ্যমন্ত্ৰিত্বৰ দ্বিতীয় বর্ষ অর্থাৎ ২০২২ চনৰ ১১ মে'ৰ পৰা ২০২৩ চনৰ ১০ মে' পর্যন্ত প্ৰতিটো দিনৰ দিনলিপি অন্তর্ভুক্ত হৈছে ।

  • My heartfelt gratitude Hon’ble Governor for taking the time out and dedicating these books 🙏

    I have tried to chronicle my experiences as Chief Minister in 'Mukhyamantrir Diary'. Hope readers will find it insightful & understand the nuances of Assam's growth story! https://t.co/JMEqRJ9nrx pic.twitter.com/HLjbCPW9hj

    — Himanta Biswa Sarma (@himantabiswa) December 9, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, 'মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন-১' ত মুখ্যমন্ত্ৰী শর্মাই তেওঁৰ মুখ্যমন্ত্ৰিত্বৰ প্ৰথম বর্ষত অংশ লোৱা চৰকাৰী আৰু ৰাজহুৱা বিভিন্ন কার্যসূচীত প্ৰদান কৰা বক্তৃতাসমূহৰ মাজৰ পৰা ৩৫ টা বক্তৃতা বাছনি কৰি বিগত বর্ষৰ ১৪ মে' তাৰিখে সংকলন আকারে প্ৰকাশ কৰিছিল । মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলনৰ প্ৰথম খণ্ডটো আছিল ৩৩৮ পৃষ্ঠাৰ । আজি উন্মোচিত হোবা মুঠ ৫৬৩ পৃষ্ঠাৰ 'মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলন ২' সংকলনটোত ড৹ শৰ্মাৰ মুখ্যমন্ত্ৰিত্বৰ দ্বিতীয় বর্ষত প্ৰদান কৰা বক্তৃতাসমূহৰ মাজৰ পৰা ৬৫টা বক্তৃতা অন্তর্ভুক্ত কৰা হৈছে ।

ইফালে মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ 'অন্য এক দৃষ্টিকোণ' গ্ৰন্থৰ বিভিন্ন প্ৰৱন্ধৰাজি ওড়িয়া ভাষালৈ অনুবাদ কৰিছে ৰাজ্যৰ প্ৰাক্তন মুখ্য তথ্য আযুক্ত অজিৎ প্ৰসাদ ৰাউটে । তেনেদৰে আজি উন্মোচিত হোৱা চতুর্থখন গ্ৰন্থ 'কিমান সুৰক্ষিত জাতিৰ ভবিষ্যৎ' শীর্ষক মুঠ ১৬০ পৃষ্ঠাৰ গ্ৰন্থখনত মুখ্যমন্ত্ৰীৰ প্ৰধান প্ৰেছ সচিব মহন্তৰ ২৬ টা প্ৰবন্ধ অন্তর্ভুক্ত হৈছে ৷ আজিৰ অনুষ্ঠানত ৰাজ্যপাল গুলাব চান্দ কাটাবিয়াই গ্ৰন্থ উন্মোচন কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড৹ শর্মাক ধন্যবাদ জ্ঞাপন কৰি কয় যে এই গ্ৰন্থসমূহ ভবিষ্যতৰ এক গুৰুত্বপূর্ণ সমল হৈ পৰিব আৰু এই গ্ৰন্থসমূহৰ মাজেৰে চৰকাৰ প্ৰশাসন তথা মুখ্যমন্ত্ৰীব কর্মৰাজিৰ বিষয়ে এক সম্যক ধাৰণা লাভ কৰাৰ বাবে পাঠক সমাজে সুযোগ পাব ।

লগতে তেওঁ কয় যে ৰাজ্যৰ প্ৰতিটো খণ্ডতে মুখ্যমন্ত্ৰী ড৹ শর্মাই এক ইতিবাচক পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । আনহাতে, এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আজিৰ অনুষ্ঠানত উপস্থিত থাকি গ্ৰন্থকেইখন আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ বাবে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াক ধন্যবাদ জ্ঞাপন কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ প্ৰশাসনৰ মুৰব্বী হিচাবে মুখ্যমন্ত্ৰী এজনৰ বক্তব্যক ৰাজ্য চৰকাৰৰ বক্তব্য বুলি ধৰি লোৱা হয় আৰু সেই বক্তব্যসমূহত চৰকাৰ এখনৰ সেই সময়ৰ নীতি, আদর্শ, পৰিচালনা পদ্ধতি তথা মতসমূহ প্ৰকাশ পায় । ইয়াৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰীৰ বক্তৃতা সংকলনখন প্ৰকাশৰ পদক্ষেপ লোৱা হৈছিল যাতে ভৱিষ্যতৰ ইতিহাসৰ বাবে ই এক সমৃদ্ধ সমলত পৰিণত হয় ।

ইয়াৰ উপৰি ৰাজ্য চৰকাৰৰ বিভিন্ন কার্যসূচী তথা আঁচনিসমূহৰ উদ্বোধনৰ সময়ত প্ৰদান কৰা বক্তৃতাৰ জৰিয়তে সেই কার্যসূচী বা আঁচনিৰ অন্তৰালত কি অন্তর্দৃষ্টি নিহিত হৈ থাকে সেই বিষয়ে জনসাধাৰণে এটা ধাৰণা লাভ কৰিব পাৰে আৰু লগতে পৰৱর্তী সময়ৰ বাবে সেইবোৰ ইতিহাসৰ এটা গুৰুত্বপূর্ণ সমল হৈ থাকে । প্ৰসংগক্ৰমে ড৹ শর্মাই 'মুখ্যমন্ত্ৰীৰ ডায়েৰী' গ্ৰন্থখনৰ প্ৰথমটো খণ্ডই পাঠক সমাজৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰাৰ কথা সদৰী কৰি কয় যে সেই গ্ৰন্থখনৰ বিক্ৰীৰ পৰা লাভ কৰা সমুদায় ধন মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা হৈছে ।

তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আদৰণি ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত সাহিত্য একাডেমী বঁটাপ্ৰাপক বিশিষ্ট লেখিকা তথা সাদিন কাকতৰ সম্পাদক অনুৰাধা শর্মা পূজাৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈ, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচার্য ড৹ সমুদ্ৰগুপ্ত কাশ্যপ, ৰাজ্যিক মন্ত্ৰীসভাৰ কেইবাগৰাকীও সদস্য, সাংসদ, বিধায়ক, ৰাজ্য প্ৰশাসনৰ কেইবাগৰাকী শীর্ষ বিষয়া আৰু বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ উপৰি মুখ্যমন্ত্ৰীৰ মাতৃ মৃণালিনী দেৱী আৰু মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণিকি ভূঞা শর্মা উপস্থিত থাকে ।

লগতে পঢ়ক : এ পি এছ চি কেলেংকাৰী : এসপ্তাহৰ ভিতৰত চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.