ETV Bharat / state

ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰে পুনৰ প্ৰৱৰ্তন কৰিব লটাৰী

author img

By

Published : Apr 13, 2022, 7:10 PM IST

চুবুৰীয়া ৰাজ্যত লটাৰী চলি থকাৰ বাবে অসমে চৰকাৰে হেৰুৱাইছে বুজন পৰিমাণৰ ৰাজহ । সেয়ে দুই দশকৰ পাছত পুনৰ লটাৰী আৰম্ভ কৰাৰ চিন্তা-চৰ্চা চৰকাৰৰ (Government Lottery in Assam)। লটাৰীৰ যোগেদি প্ৰতি বছৰে চৰকাৰে লাভ কৰিব ২০০০ কোটিৰ পৰা ২৫০০ কোটি টকাৰ ৰাজহ । এই ক্ষেত্ৰত প্ৰদেশ কংগ্ৰেছ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ।

Government Lottery in Assam
ৰাজহ বৃদ্ধিৰ লক্ষ্য: চৰকাৰে পুনৰ প্ৰৱৰ্তন কৰিব লটাৰী

গুৱাহাটী, ১৩ এপ্ৰিল: ৰাজহ বৃদ্ধিৰ বাবে উঠি পৰি লগা ৰাজ্য চৰকাৰৰ এইবাৰ চকু পৰিছে লটাৰীত । অসমত প্ৰায় দুটা দশক বন্ধ হৈ থকা লটাৰী পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে চৰকাৰখনে উদ্যোগ গ্ৰহণ কৰিছে (Government Lottery in Assam)। এক কথাত ক'বলৈ গ'লে অসমত পুনৰ আৰম্ভ হ'ব চৰকাৰী লটাৰী । মূলতঃ ৰাজহ বৃদ্ধিৰ লক্ষ্য আগত ৰাখি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে পুনৰ অসম ৰাজ্যিক লটাৰী আৰম্ভ কৰাৰ বাবে চিন্তা চর্চা কৰিছে । ইতিমধ্যে অসম চৰকাৰে এই সন্দৰ্ভত বিস্তৃত আঁচনি প্ৰস্তুত কৰিছে বুলি দিছপুৰৰ এটা বিশেষ সূত্ৰই সদৰি কৰিছে ।

সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি চৰকাৰী লটাৰী বন্ধ হৈ থকাৰ ফলত ৰাজ্য চৰকাৰখনে প্ৰতি বছৰে প্ৰায় দুহেজাৰ কোটি টকাৰ ৰাজহ হেৰুৱাইছে । কিয়নো ৰাজ্য চৰকাৰে অসম ৰাজ্যিক লটাৰী বন্ধ কৰি ৰাখিছে যদিও বহিঃৰাজ্যৰ লটাৰী আৰু বহুতো অবৈধ লটাৰী ৰাজ্যৰ বিভিন্ন স্থানত চলি আছে । এনেদৰে চলি থকা লটাৰীসমূহৰ ফলত প্ৰতিদিনেই ৰাজ্যখনৰ পৰা বৃহৎ পৰিমাণৰ ধন বহিঃৰাজ্যলৈ ওলাই যায় ।

ৰাজ্য চৰকাৰখনে বহিঃৰাজ্যলৈ যোৱা এই ধন বন্ধ কৰি নিজৰ পুঁজি বৃদ্ধি কৰাৰ বাবেই নিজাকৈ পুনৰ লটাৰী আৰম্ভ কৰিব খুজিছে । জানিব পৰা মতে ৰাজ্য চৰকাৰে ৰাজ্যিক লটাৰী পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সৈতেও আলোচনা কৰিছে (Government to introduce lottery)।

যদিহে ৰাজ্যখনত পুনৰ লটাৰী আৰম্ভ হয় তেনেহ’লে প্ৰতি বছৰে চৰকাৰখনৰ প্ৰায় ২০০০ কোটিৰ পৰা ২৫০০ কোটি টকাৰ ৰাজহ সংগ্ৰহ হ'ব বুলি আশা কৰা হৈছে । যিটো অসমৰ দৰে ৰাজ্য এখনৰ বাবে এক বৃহৎ অংকৰ ধন । লক্ষ্যণীয় বিষয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই শেহতীয়াকৈ নিজা ৰাজহ বৃদ্ধি কৰাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে ।

সেয়েহে ৰাজ্য চৰকাৰখনে দীর্ঘ দিন ধৰি বন্ধ হৈ থকা লটাৰীৰ পুনৰ আৰম্ভ কৰি ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে (Legal lottery in Assam)। উল্লেখ্য যে, ৯০ ৰ দশকত বিশেষকৈ হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত অসমৰ গাঁৱে-ভূঞে ৰাজ্যিক লটাৰীৰ প্ৰচলন আছিল (Assam state lottery)।

কিন্তু পৰৱৰ্তী সময়ত সমাজ ব্যৱস্থাত লটাৰীৰ নেতিবাচক প্ৰভাৱ পৰাকে ধৰি বিভিন্ন কাৰণত চৰকাৰে অসম ৰাজ্যিক লটাৰী বন্ধ কৰি দিছিল । ৯০ৰ দশকৰ শেষৰ ফালে অসমত লটাৰীৰ প্ৰচলন বন্ধ হৈ পৰে ।

বিগত প্ৰায় দুই দশক ৰাজ্যিক লটাৰী বন্ধ হৈ থকাৰ অন্তত এতিয়া পুনৰ ৰাজ্য চৰকাৰখনে উক্ত লটাৰী আৰম্ভ কৰাৰ বাবে যো-জা চলোৱাটো বিশেষ লক্ষণীয় হৈ পৰিছে । একমাত্ৰ ৰাজহ সংগ্ৰহৰ উদ্দেশ্য আগত ৰাখি চৰকাৰখনে পুনৰ আৰম্ভ কৰিব খোজা এই লটাৰীয়ে সমাজ ব্যৱস্থাত কি প্ৰভাৱ পেলাব সেয়া সময়েহে ক'ব । কাৰণ ৯০ৰ দশকত অসমত অবাধে চলি থকা লটাৰী একপ্ৰকাৰ জুৱালৈ পৰিণত হৈছিল ।

লটাৰীৰ যোগেদি সহজে ধন ঘটিবলৈ গৈ বহু লোক সৰ্বস্বান্ত হৈছিল । উঠি অহা প্ৰজন্মও জুৱাৰ গ্ৰাসত পৰিছিল । সমাজ ব্যৱস্থাত দেখা দিয়া নেতিবাচক প্ৰভাৱৰ বাবেই ২০০০ চনৰ পাছত অসমত লটাৰী একপ্ৰকাৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছিল । তাৰ প‍াছতো অবৈধভাৱে অসমত লটাৰীৰ প্ৰচলন হৈ আহিছে যদিও সকলোৰে বাবে সহজলভ্য নাছিল । এতিয়া চৰকাৰী লটাৰী পুনৰ আৰম্ভ হ'লে পুনৰ জুৱাৰ মুকলি বেহা হ'ব ।

চৰকাৰে পুনৰ লটাৰী আৰম্ভ কৰিব বিচৰা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে ।

এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয় যে লটাৰী পুনৰ আৰম্ভ কৰিব বিচৰা কথাই এইটো স্পষ্ট ৰূপত প্ৰমাণ কৰে যে চৰকাৰখন সম্পূৰ্ণৰূপে দেউলীয়া হৈছে । ৰাজহ সংগ্ৰহৰ বাবে কি কৰিব কি নকৰিব তাৰ কোনো দিশা পোৱা নাই চৰকাৰে । চৰকাৰখনে সমাজৰ হিতৰ কথা কোৱাৰ বিপৰীতে সমাজৰ অহিত হোৱা কাম কৰে । কথা আৰু কামৰ মিল নথকা চৰকাৰখনে এইবাৰ লটাৰীৰ যোগেদি ৰাজহ সংগ্ৰহ কৰিব বিচাৰিছে । কিন্তু সমাজ ব্যৱস্থাত পৰিব পৰা নেতিবাচক প্ৰভাৱৰ কথা চিন্তা কৰা নাই । এই কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে বুলি তেওঁ কয় ।

আনহাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে চৰকাৰে কি লটাৰী আৰম্ভ কৰিব বিচাৰিছে আমি নাজানো । কিন্তু পূৰ্বতে প্ৰচলিত 'ডাৱল গুটি' নাইবা 'ছিংগল নম্বৰ' আৰু 'ডাৱল নম্বৰ'ৰ লটাৰী আৰম্ভ হ'লে যুৱ প্ৰজন্ম ইয়াৰ গ্ৰাসত পৰিব । ইয়াৰ নিছা ড্ৰাগছ নাইবা কানিতকৈয়ো বেছি । ৰাজহ সংগ্ৰহৰ বাবে চৰকাৰে কিছুমান কাম কৰাটো উচিত নহয় বুলি সদৰি কৰি তেওঁ কয় যে জুৱাৰ মুকলি বেহা হ'লে নৱপ্ৰজন্ম ধ্বংসৰ দিশে গতি কৰিব ।

লগতে পঢ়ক: Encounter in Sipajhar : আৰক্ষীৰ গুলীত নিহত ছাত্ৰীবাৰীৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.