ETV Bharat / state

Eviction drive in Silsako beel : জিঞ্জাৰ হোটেলৰ লগতে উচ্ছেদ হ’বনে জয়ন্ত মল্ল বৰুৱাৰ পিতৃৰ নামত নিৰ্মিত পথ

author img

By

Published : Mar 12, 2023, 8:17 AM IST

জিঞ্জাৰ হোটেলকে ধৰি 17 টা প্ৰতিষ্ঠানৰ নামত আৱণ্টিত হৈ থকা মাটি অধিগ্ৰহণ কৰা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৷ এই ঘোষণাৰ পিচতে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পিতৃৰ নামত নিৰ্মাণ কৰা পথটো উচ্ছেদ হ’বনে নাই বুলি প্ৰশ্ন উত্থাপন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ (Assam Govt to take over Ginger Hotel) ৷

Silsako eviction controversy
উচ্ছেদ
শিলসাঁকো বিলত চলা উচ্ছেদ সন্দৰ্ভত কৃষক মুক্তিৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 12 মাৰ্চ : বিলাসী হোটেল জিঞ্জাৰৰ ভূমি অধিগ্ৰহণ কৰাৰ পিচতো উচ্ছেদৰ পৰা বাদ পৰিব নেকি কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পিতৃৰ নামত নিৰ্মাণ কৰা পথটো ? এই প্ৰশ্ন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ কৃত্ৰিম বানপানীৰ সমস্যা নিয়ন্ত্ৰণৰ বাবে গুৱাহাটী মহানগৰীত অব্যাহত আছে উচ্ছেদ ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সময়ছোৱাতে মহানগৰীৰ শিলসাঁকোত চলা উচ্ছেদে ৰাজ্যজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ 10 দিনৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে শিলসাঁকো বিলত চলোৱা উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰাখিছে যদিও শীঘ্ৰে উচ্ছেদ অভিযান শিল সাঁকো বিলত আৰম্ভ কৰা হ’ব বুলি চৰকাৰী সূত্ৰত প্ৰকাশ (Government to acquire land in Silsako Beel) ।

উল্লেখ্য যে, সাধাৰণ খাটি খোৱা জনতাৰ ঘৰ-দুৱাৰ উচ্ছেদ কৰাৰ বিপৰীতে টাটাৰ বিলাসী জিঞ্জাৰ হোটেল, হিম্মৎ সিংকাৰ আইডল ভিউ, আজমলৰ ভূমি আদিকে ধৰি পূৰ্বতে চৰকাৰে আৱণ্টন দিয়া বহু অনুষ্ঠান-প্ৰতিষ্ঠান উচ্ছেদ নকৰাক কেন্দ্ৰ কৰি ৰাজ্য জুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ।শেহতীয়াকৈ চৰকাৰে পূৰ্বে আৱণ্টন দিয়া জিঞ্জাৰকে ধৰি ১৭ টাকৈ অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অধিগ্ৰহণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাত ৰাজ্যৰ বিভিন্ন দল সংগঠনে চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে (Assam Govt to take over Ginger Hotel) ।

চৰকাৰৰ এই সিদ্ধান্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে, চৰকাৰে জিঞ্জাৰ অধিগ্ৰহণ কৰিব সেয়া ভাল কথা, পিচে সাধাৰণ খাটি খোৱা লোকৰ ঘৰ উচ্ছেদ কৰা চৰকাৰখনৰ উচ্ছেদ অভিযানৰ পৰা আজমলৰ ভূমি, হিম্মত সিংকাৰ আইডল ভিউৰ লগতে বোন্দাজান বিল পুতি এই চৰকাৰৰে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পিতৃৰ নামত নিৰ্মাণ কৰা পথটো বাদ কৰিব নেকি বুলি চৰকাৰলৈ প্ৰশ্ন তোলে ।

জনসাধাৰণৰ খং আৰু ক্ষোভ প্ৰশমিত কৰাৰ বাবে যদি চৰকাৰে পট্টা থকা অনুষ্ঠান-প্ৰতিষ্ঠানৰ ভূমি অধিগ্ৰহণ কৰে তেন্তে তেনে অনুষ্ঠানক চৰকাৰে বৃহৎ পৰিমাণৰ ধন দিব বুলি দাবী কৰি ইয়াৰ দ্বাৰা উচ্ছেদিত লোকৰ প্ৰতি চৰকাৰে সম্পূৰ্ণ বৈষম্য মূলক আচৰণ কৰা হ’ব বুলি সংগঠনটোৱে উল্লেখ কৰে (Assam CM reacts over Silsako eviction) ।

লগতে পঢ়ক : Illegal appointment in KACC: বন বিভাগৰ নিযুক্তিত কেলেংকাৰীৰ অভিযোগ

শিলসাঁকো বিলত বক্র পথেৰে ভূমি আৱণ্টন লাভ কৰা তেনে অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিৰুদ্ধে উচিত তদন্তৰ লগতে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (Eviction drive in Silsako beel) ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.