ETV Bharat / state

পৰিৱেশলৈ বিপদ আহিলেও পাম অইলৰ খেতি কৰিবলৈ নাচোৰবান্দা চৰকাৰ

author img

By

Published : Aug 28, 2022, 10:22 AM IST

বাবা ৰামদেৱৰ প্ৰতিষ্ঠান ৰুছি ছয়াৰ পাছত শেহতীয়াকৈ ৰাজ্যখনত পাম অইলৰ খেতি কৰিবৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে গডৰেজ এগ্রোভেট নামৰ কোম্পানীটোৱে । প্রায় এক লাখ হেক্টৰ ভূমিত পাম অইলৰ খেতি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কোম্পানীটোৱে (Palm oil cultivation in Assam)। ৫,৮৫০ কোটি টকা বিনিয়োগ কৰা হ'ব একমাত্র উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনতে । ইটোৰ পাছত সিটো কোম্পানীয়ে অসমত পাম অইলৰ খেতি কৰিবলৈ আগবাঢ়ি আহিছে (Pam Oil Mission) । দল-সংগঠনৰ বিৰোধিতাৰ প্ৰতিও কোনো ভ্ৰুক্ষেপ নাই চৰকাৰৰ ।

Assam government supports destructive palm oil cultivation
সৰ্বনাশী পাম অইলৰ খেতিলৈ সমৰ্থন অসম চৰকাৰৰ

গুৱাহাটী,28 আগষ্ট: মৰুভূমিত পৰিণত হ’ব নেকি অসমৰ কৃষিপথাৰ । কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত ব্যাৱসায়িক ভিত্তিত সর্বনাশী পাম অইলৰ (তৈল খেজুৰ) খেতি কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা কাৰ্যই এই সন্দেহ কঢ়িয়াই আনিছে (Palm oil cultivation in Assam)। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে পাম অইলৰ খেতিৰ বাবে বিশেষ পেকেজ ঘোষণা কৰাৰ পাছতেই অসমত খেতি কৰিবৰ বাবে আগবাঢ়ি আহিছে কেইবাটাও প্রতিষ্ঠান ।

বাবা ৰামদেৱৰ প্ৰতিষ্ঠান ৰুছি ছয়াৰ পাছত শেহতীয়াকৈ ৰাজ্যখনত পাম আইলৰ খেতি কৰিবৰ বাবে চুক্তি স্বাক্ষৰ কৰিছে গডৰেজ এগ্রোভেট নামৰ কোম্পানীটো । অসমৰ লগতে মণিপুৰ আৰু ত্ৰিপুৰাত পাম অইলৰ খেতি কৰিব গডৰেজে । প্রায় এক লাখ হেক্টৰ ভূমিত পাম অইলৰ খেতি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কোম্পানীটোৱে ।

লক্ষণীয় বিষয় যে, পাম অইলৰ খেতিৰ বাবে প্রয়োজন হয় যথেষ্ট পৰিমাণৰ পানীৰ । যিহেতু মধ্য ভাৰতৰ ৰাজ্যসমূহত পানীৰ অভাৱ, সেয়েহে কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে আন্দামানত এই খেতি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

ইতিমধ্যে কেন্দ্রই নেশ্যনেল মিছন ফৰ ইডিবল অইল-অইল পাম নামে এক অভিযান আৰম্ভ কৰি এই অভিযানৰ বাবে ১১,০৪০ কোটি টকা অনুমোদন দিছে (National Mission on Edible Oils Oil Palm)। এই পুঁজিৰ ৫,৮৫০ কোটি টকা বিনিয়োগ কৰা হ'ব একমাত্র উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনতে । সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ পুঁজিৰ প্ৰতি লক্ষ্য কৰিয়েই ইটোৰ পাছত সিটো কোম্পানীয়ে অসমত পাম অইলৰ খেতি কৰিবলৈ আগবাঢ়ি আহিছে । কিন্তু এই খেতিয়ে জৈৱ-বৈচিত্ৰ্যৰ লগতে বনভূমিৰ ভীষণ ক্ষতি সাধন কৰিব বুলি পৰিৱেশবিদসকলে ইতিমধ্যেই সকীয়াই দিছে ।

পৰিবেশবিদসকলৰ মতে পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতা বিপন্ন কৰিব পৰা এই খেতিৰ ফলত মাটিৰ উৰ্বৰা শক্তি নাইকিয়া হয় । পাম গছবোৰে কাষৰ মাটিৰ পৰা খনিজাত পদাৰ্থ আৰু সকলো ধৰণৰ পুষ্টিকৰ খাদ্যবোৰ শোষণ কৰে । ফলত কাষৰ অন্যান্য সকলো উদ্ভিদৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয় । যিহেতু পাম খেতি কৰাৰ কাৰণে প্রথমে গছ-গছনি কাটি, মাটি পৰিষ্কাৰ কৰি ল'ব লাগে, যাৰ ফলত আন বহুতো সমস্যাৰ সৃষ্টি হয়।

আনহাতে, দৈনিক এজোপা পাম গছক প্রায় দুশ লিটাৰ পানী লাগে । যাৰ ফলত ভূ-তল জলচক্ৰৰ প্রভাৱান্বিত হয় আৰু ইয়াৰ ফলত সঘনাই বান বা খৰাং হোৱাৰ আশংকা থাকে । এনেবোৰ কাৰণতে বহুতো দেশে পাম খেতি কৰাটো বন্ধ কৰিছে । ভয়ংকৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বিভিন্ন দল-সংগঠনেও ৰাজ্যখনত পাম খেতি কৰাৰ বিৰোধিতা কৰি আহিছে । কিন্তু ৰাইজৰ এই দাবীক মুঠেই গুৰুত্ব দিয়া নাই কেন্দ্ৰীয় চৰকাৰে । ইফালে কেন্দ্ৰৰ মতে পৰিচালিত হোৱা অসম চৰকাৰেও এই ক্ষেত্রত হাত উজান দিছে ।

উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ ছগৰাকী লোকসভাৰ সাংসদে ইতিপূৰ্বেই ইয়াৰ বিৰোধিতা কৰি উত্তৰ-পূৰ্বাঞ্চলত পাম খেতি নকৰাৰ আহ্বান জনাই কেন্দ্ৰীয় কৃষিমন্ত্রীলৈ পত্র প্ৰেৰণ কৰিছিল (Union Minister of Agriculture) । কিন্তু কেন্দ্ৰীয় চৰকাৰে কোনো গুৰুত্ব নিদিলে ।

উল্লেখ্য যে, মালয়েছিয়া, ইণ্ডোনেছিয়া, পপুৱা নিউ গিনিৰ দৰে দেশে অইল পামৰ উৎপাদন কৰি যথেষ্ট পৰিৱেশগত লোকচানৰ সন্মুখীন হৈছে । এজোপা পৈণত তৈল-খেজুৰে দৈনিক তিনিশ লিটাৰ পৰ্যন্ত ভূ-গৰ্ভস্থ পানী শোষণ কৰাৰ লগতে বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰে বুলি পৰিৱেশবিদে আন্তঃৰাষ্ট্ৰীয় স্তৰত মত প্ৰকাশ কৰিছে ৷

এনে স্থলত অসমৰ দৰে জৈৱ বৈচিত্র্যৰ সংবেদনশীল অঞ্চলত অইল পামৰ খেতি কিমান দূৰ লাভজনক হ’ব সেয়া আঁচনি কাৰ্যকৰীকৰণৰ পূৰ্বেই ব্যাপকভাৱে আলোচনা হোৱাৰ প্ৰয়োজন বুলি অসমৰ সচেতন মহলে ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে ।

১৯৯০ চনৰ পৰা ২০১০ৰ ভিতৰত ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু পপুৱা নিউ গিনিত পাম তেলৰ কাৰণে কৰা ব্যাপক অৰণ্য ধ্বংসৰ ফলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ ৯২ ৰ পৰা ১,৯৮৪ টেৰাগ্ৰামলৈ প্ৰত্যেক বছৰে বৃদ্ধি পাইছিল । এই সময়ছোৱাত ৯.৬ মিলিয়ন হেক্টৰ মাটি পাম তেলৰ খেতিৰ কাৰণে নিৰ্বনানীকৰণ কৰা হৈছিল । অসমত ইতিমধ্যে ১৭ খন জিলা পাম তেলৰ খেতিৰ কাৰণে প্ৰাথমিকভাৱে অনুমোদিত হৈছে (17 districts have been initially approved for palm oil cultivation)।

এইক্ষেত্রত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কয় যে, ভাৰত চৰকাৰে অসম তথা উত্তৰ -পূৰ্বাঞ্চলত তৈল খেজুৰ বা প্লাম অইলৰ খেতি কৰিবলৈ লোৱা সিদ্ধান্তই ভয়াৱহ ভৱিষ্যতৰ ইংগিত কঢ়িয়াই আনিছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চললৈ(MP Pradyut Bordoloi)। এই খেতি অসম বা উত্তৰ-পূৰ্বাঞ্চলত সম্প্ৰসাৰণ হ'লে সম্পূৰ্ণ পৰিৱেশতন্ত্ৰ ধ্বংস হৈ যাব ।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰ ধ্বংস কৰি পেলাব (Impact on NE Bio diversity)। ফলত বৃদ্ধি পাব গোলকীয় উষ্ণতা(Global warming) । আৰ্দ্ৰতা হ্ৰাস পাব আৰু ফলত কাজিৰঙা, মানস আদিৰো বিপন্ন হ’ব অস্তিত্ব (Existence will be at risk) ।

শ্ৰীলংকাত কেইবছৰমান পূৰ্বে এই খেতি কৰিবলৈ লোৱা হৈছিল যদিও তাৰ ভয়ংকৰ প্ৰভাৱ দেখি ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে । আনহাতে দেশৰ ১১৭গৰাকী বিজ্ঞানীয়ে তৈল খেজুৰ খেতি বিৰোধিতা কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ কৰিছিল যদিও কোনো গুৰুত্ব দিয়া দেখিবলৈ পোৱা নগ'ল (PM Narendra Modi) । অসমৰ বিভিন্ন দল-সংগঠনে পাম অইল খেতিৰ তীব্ৰ বিৰোধিতা কৰাৰ পাছতো কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে অলপো গুৰত্ব নিদি নিজৰ সিদ্ধান্তত অটল হৈ আছে ।

লগতে পঢ়ক: পাম খেতিক আঁকোৱালি ল’বনে অসমৰ খেতিয়কে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.