ETV Bharat / state

নিজৰেই ৰেকৰ্ড ভাঙিব: গছ পুলি ৰোপণ আৰু বিহু নৃত্যৰে পুনৰ বিশ্ব অভিলেখ গঢ়িব অসমে : মুখ্যমন্ত্ৰী - বিশ্ব অভিলেখ

গছ পুলি ৰোপণ আৰু বিহু নৃত্যৰ পুনৰ এক নতুন বিশ্ব অভিলেখ গঢ়াৰ পৰিকল্পনা অসম চৰকাৰৰ ৷ 2025 চনৰ 7 এপ্ৰিলত নতুন দিল্লীত 25 হাজাৰ‌‌ বিহুৱা আৰু বিহুৱতীৰ বিহু নৃত্যৰে আন এক এক গিনীজ বিশ্ব অভিলেখ গঢ়ি তোলাৰ পৰিকল্পনা ৷

Assam Government Planning to Plant 3cr Saplings
3 কোটি গছ পুলি ৰোপণৰ পৰিকল্পনা
author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 8:29 PM IST

পুনৰ বিশ্ব অভিলেৰ পৰিকল্পনা চৰকাৰৰ

গুৱাহাটী, 29 নৱেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে গছ পুলি ৰোপণ আৰু বিহু নৃত্যৰ পুনৰ এক নতুন বিশ্ব অভিলেখ গঢ়াৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে বুধবাৰে গুৱাহাটীত অনুষ্ঠিত অমৃত বৃক্ষ আন্দোলনৰ সফল ৰূপায়ণেৰে 9 টাকৈ গীনিজ বিশ্ব অভিলেখ গঢ়াৰ প্ৰমাণপত্ৰ প্ৰদানৰ বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ অন্তত মুখ্যমন্ত্ৰী ড৹ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰি এই কথা সদৰী কৰে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা বছৰ অসমত 3 কোটি গছ পুলি ৰোপণ কৰি আন এক গীনিজ বিশ্ব অভিলেখ গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে ৷ পুনৰ 2025 চনৰ 7 এপ্ৰিলত নতুন দিল্লীত 25 হাজাৰ‌‌ বিহুৱা আৰু বিহুৱতীৰ বিহু নৃত্যৰে আন এক এক গীনিজ বিশ্ব অভিলেখ গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ তেওঁ কয় যে ইতিমধ্যে অসম চৰকাৰে সৰুসজাই ষ্টেডিয়ামত দহ সহস্ৰাধিক বিহুৱতীৰ বিহু নৃত্যৰে গীনিজ বিশ্ব অভিলেখ গঢ়ি তুলিছে ৷ এই অভিলেখ আকৌ ভংগ কৰি 2025 চনত 7 এপ্ৰিলত নতুন দিল্লীত 25 হাজাৰ‌‌ বিহুৱা আৰু বিহুৱতীৰ বিহু নৃত্যৰে আন এক গীনিজ বিশ্ব অভিলেখ গঢ়ি তোলা হ'ব ৷

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লগতে কয় যে অসম চৰকাৰে ইতিমধ্যে চলিত বছৰত অসমত 1 কোটি গছ‌পুলি ৰোপণ কৰি 9 টাকৈ গীনিজ বিশ্ব অভিলেখ গঢ়ি তুলিছে ৷ এতিয়া আকৌ এই অভিলেখ ভংগ কৰি অহা বছৰ অসমত 3 কোটি গছ পুলি ৰোপণ কৰি আন এক গীনিজ বিশ্ব অভিলেখ গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এইক্ষেত্ৰত বন বিভাগক আগতীয়কৈ প্ৰস্তুতি গ্ৰহণৰ বাবে নিৰ্দেশ দিয়া হৈছে ৷

ইফালে আজিৰ এই অনুষ্ঠানত অংশ লৈ গিনীজ বিশ্ব অভিলেখৰ বিষয়ববীয়া স্বনীল দাঙ্গাৰিকাই কয় যে, অসম চৰকাৰে 1 কোটি গছ‌পুলি ৰোপণ কৰি 9 টাকৈ গীনিজ বিশ্ব অভিলেখ ৰচিছে ৷ অনুষ্ঠানত গীনিজ বিশ্ব অভিলেখৰ বিষয়ববীয়া স্বনীল দাঙ্গাৰিকাই অমৃত বৃক্ষ আন্দোলনৰ সফল ৰূপায়ণেৰে 9 টাকৈ গীনিজ বিশ্ব অভিলেখ গঢ়াৰ প্ৰমাণপত্ৰ মুখ্যমন্ত্ৰীক প্ৰদান কৰে ৷ অনুষ্ঠানত বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত আছিল ৷

লগতে পঢ়ক : ৰাজ্যৰ মুঠ ২৭,১৮৩ গৰাকী মেধাৱী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.