ETV Bharat / state

Kharghuli pipe blast: সুমিত্ৰা ৰাভাৰ পৰিয়ালক 3 লাখ টকাৰ চেক প্ৰদান মন্ত্ৰী সিংহলৰ; পূৰ্বে দিছিল 2 লাখ - Water pipe blast in Kharghuli

খাৰঘুলিৰ জল বিস্ফোৰণৰ ঘটনাত প্ৰাণ হেৰুওৱা সুমিত্ৰা ৰাভাৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান চৰকাৰৰ ৷ দুটা কিস্তিত মুঠ পাঁচ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হয় ৷ প্ৰথমে দুই লাখ আৰু বুধবাৰে তিনিলাখ টকা প্ৰদান কৰা হয় মৃত মহিলাগৰাকীৰ পৰিয়ালক ৷

Kharghuli pipe blast death victim
Kharghuli pipe blast death victim Sumitra Rabha
author img

By

Published : Jun 13, 2023, 5:13 PM IST

গুৱাহাটী, 13 জুন: গুৱাহাটীৰ খাৰঘুলিত সংঘটিত ভয়াৱহ জলবিস্ফোৰণত নিহত হোৱা সুমিত্ৰা ৰাভা দাসৰ নিকটাত্মীয়ক মঙলবাৰে অসম চৰকাৰৰ তৰফৰ পৰা 3 লাখ টকাৰ ক্ষতিপূৰণ আগবঢ়োৱা হয় । ৰাজ্য চৰকাৰৰ তৰফৰ পৰা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্রী অশোক সিংহলে সুমিত্ৰা ৰাভা দাসৰ নিকটাত্মীয়ক 3 লাখ টকাৰ চেক প্ৰদান কৰে ।

  • Paid my sincere condolences to the family of Late Smt Sumitra Rabha Das who lost her life in the unfortunate pipe burst incident in Kharguli.

    Handed over a cheque of ₹3 Lakhs from CM’s Relief Fund as a token of our sympathy. Was joined by DC Kamrup Metro Shri Pallab Gopal Jha &… pic.twitter.com/jCpj5QQPgC

    — Ashok Singhal (@TheAshokSinghal) June 13, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

মন্ত্ৰী অশোক সিংহলে খাৰঘুলিৰ পানীৰ পাইপ বিস্ফোৰণৰ ঘটনাত দুৰ্ভাগ্যজনকভাৱে প্ৰাণ হেৰুওৱা সুমিত্ৰা ৰাভা দাসৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে ৷ লগতে তেওঁৰ নিকটাত্মীয়ৰ হাতত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 3 লাখ টকা আৰ্থিক সাহায্যৰ এখন চেক প্ৰদান কৰে । এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ সৈতে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা আৰু স্থানীয় ৱাৰ্ডৰ পাৰিষদগৰাকী উপস্থিত আছিল ।

উল্লেখ্য যে, চৰকাৰে ঘোষণা কৰা মুঠ 5 লাখ টকাৰ ক্ষতিপূৰণৰ দুই লাখ টকা ইতিমধ্যে দিয়া হৈছিল । মঙলবাৰে বাকী 3 লাখ টকা প্ৰদান কৰা হয় । স্থানীয় জয়পুৰ প্ৰাথমিক বিদ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত মন্ত্রীগৰাকীয়ে চেক প্ৰদান কৰে ।

লগতে পঢ়ক: Guwahati Water pipe explosion: জনৰোষত পৰাৰ ভয়ত পুৱাই জলবিস্ফোৰণস্থলী পৰিদৰ্শন মন্ত্ৰী সিংহলৰ

যোৱা 25 মে'ত গুৱাহাটীৰ খাৰঘুলিৰ জয়পুৰত জাইকাৰ পানীৰ পাইপ ফাটি ভয়াৱহ জলবিস্ফোৰণৰ হৈছিল । সেই ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ 9 জনকৈ লোক আহত হৈছিল । তদুপৰি পলকতে থান বান হৈ পৰিছিল জয়পুৰৰ 22 টাকৈ পৰিয়ালৰ আপোন ঘৰখন । ঘৰৰ আচবাবৰ লগতে ছাত্ৰ-ছাত্ৰীৰ কিতাপ বহী সম্পূৰ্ণৰূপে বিনষ্ট হয় পানীত । কেইবাদিনো ধৰি আশ্ৰয় শিবিৰত থাকিব লগীয়া হয় ভুক্তভোগী লোকসকল ।

ইফালে খাৰঘুলিৰ ঘটনাৰ পাচতে সোমবাৰে গুৱাহাটীৰ জু-ৰোড আৰু ৰাজগড় সংযোগী কমাৰ্চ পইণ্ট পথত অনুৰূপ ঘটনা সংঘটিত হয় । পানীৰ পাইপ ফাটি জলমগ্ন হৈ পৰে বিস্তীৰ্ণ অঞ্চল ৷ সেই স্থানত পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত হোৱা মন্ত্ৰী অশোক সিংহল ৰাইজৰ ক্ষোভৰ সন্মুখীন হয় ৷ ফলত বেছি দেৰি নৰৈ সেই স্থান পৰিত্যাগ কৰে মন্ত্ৰীগৰাকীয়ে৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.