গুৱাহাটী,17 ফেব্ৰুৱাৰী: অসম আৰক্ষী কৰ্মচাৰীৰ আত্মহত্যা সম্বন্ধীয় ঘটনাসমূহ তদন্তৰ বাবে অসম চৰকাৰৰ দ্বাৰা গঠন কৰা হৈছে এখন বিশেষ কমিটি ৷ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান দীপক কুমাৰৰ নেতৃত্বত এখন চাৰিজনীয়া সদস্যৰ কমিটি গঠন কৰি কমিটিখনক বিগত পাঁচবছৰে হোৱা আত্মহত্যা সম্বন্ধীয় গোচৰসমূহৰ তদন্তৰ দায়িত্ব দিয়া হৈছে ৷ কমিটিখনে আৰক্ষীৰ আত্মহত্যাৰ প্ৰৱণতাসমূহৰ ওপৰত অধ্যয়ন কৰাৰ লগতে অসম আৰক্ষীৰ চলি থকা কাউঞ্চেলিঙৰ পদ্ধতিৰ ওপৰতো অধ্যয়ন কৰিব ৷ লগতে আৰক্ষীৰ কৰ্মচাৰীৰ আত্মহত্যা আৰু ইয়াৰ লগত সম্বন্ধীয় ঘটনাসমূহ পুনৰ সংঘটিত নহ'বৰ বাবে কোনো নতুন ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক পৰামৰ্শ ও অনুৰোধ জনাব কমিটিখনে ৷
লগতে পঢ়ক:ঐতিহ্যমণ্ডিত পৰিৱেশ্য কলা চৰ্যাপদ অসমত পুনঃ প্ৰতিষ্ঠা সন্দৰ্ভত পৰমানন্দ ৰাজবংশীৰ সংবাদমেল
উল্লেখ্য যে কমিটিখনে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত 10 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি আশা কৰা হৈছে ৷