ETV Bharat / state

আন্তঃৰাজ্যিক যাতায়াতৰ বাবে ছজনীয়া কমিটি গঠন অসম চৰকাৰৰ - আইন-শৃংখলা বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

বহিঃৰাজ্যত আবদ্ধ লোকসকলক গৃহৰাজ্যলৈ ঘূৰাই অনাৰ বাবে এক সুকীয়া কমিটি গঠন কৰিছে অসম চৰকাৰে ৷ ছজনীয়া কমিটিখনৰ নেতৃত্ব বহন কৰিব অসম আৰক্ষীৰ আইন-শৃংখলা বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই টুইটযোগে ঘোষণা কৰে ।

Inter state bus system assam
আন্তঃৰাজ্যিক যাতায়াত
author img

By

Published : May 1, 2020, 12:21 PM IST

গুৱাহাটী,1 মে’ঃ বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ মাছখোৱাস্থিত পৰিবহণ নিগমৰ বাছ আস্থানত উপস্থিত হয় অসম চৰকাৰৰ উদ্যোগ তথা পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী । আস্থানটোত থকা প্ৰায় 10খন বাছেৰে কৰিমগঞ্জলৈ যাবলগীয়া লোকসকলৰ লগত মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে । যাত্ৰীসকলৰ যাতে কোনোধৰণৰ অসুবিধা নহয় তাৰবাবে প্ৰতিদিনে সকলো ব্যৱস্থা পৰিদৰ্শন কৰি আছে মন্ত্ৰী পাটোৱাৰীয়ে । মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি,ৰাজ্যৰ ভিন্ন প্ৰান্তত আবদ্ধ প্ৰায় 49,000 লোকক গন্তব্যস্থানলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে বিভাগটোৱে । 2 মে'লৈকে লোকসকলক এই সুবিধা প্ৰদান কৰিব পৰিবহণ বিভাগে ।

আন্তঃৰাজ্যিক যাতায়াতৰ বাবে ছজনীয়া কমিটি গঠন

আনহাতে, আন্তঃৰাজ্যিক যাতায়াতৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে ৰাজ্য চৰকাৰে । এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে ইতিমধ্যে এক ছজনীয়া কমিটি গঠন কৰিছে চৰকাৰে । অৱশ্যে প্ৰত্যেক ৰাজ্যই নিজাকৈ নিয়োগ কৰিব লাগিব একোজন ন’ডেল বিষয়াক । কেন্দ্ৰৰ এই নিৰ্দেশনাৰ পিছত অসম চৰকাৰে ন’ডেল বিষয়া হিচাপে নিযুক্তি দিয়ে অসম আৰক্ষীৰ আইন-শৃংখলা বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক ৷ সিঙৰ নেতৃত্বত গঠিত কমিটিখনত আৰক্ষী, পৰিবহণ নিগম, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ শীৰ্ষ বিষয়াসকলক অন্তৰ্ভূক্ত কৰা হৈছে । এই কমিটিখনে বহিঃৰাজ্যত থকা অসমৰ লোকসকলৰ তথ্য সংগ্ৰহ কৰি ঘৰলৈ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব । চৰকাৰৰ এই সিদ্ধান্তৰ বিষয়ে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই টুইটযোগে ঘোষণা কৰে ।

লগতে চাওকঃ দক্ষিণ কামৰূপৰ দুটাকৈ উদ্যোগ পৰিদৰ্শন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.