ETV Bharat / state

The Kashmir Files: দ্য কাশ্মীৰ ফাইলচক লৈ ব্যস্ততা বাঢ়িছে চৰকাৰী বিষয়া-আমোলাৰ

author img

By

Published : Mar 25, 2022, 7:49 PM IST

দেশজুৰি বিশেষ চৰ্চা লাভ কৰা দ্য কাশ্মীৰ ফাইলচ্ ছবিখনক কেন্দ্ৰ কৰি অসমতো সম্প্ৰতি ভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (The Kashmir Files influence in Assam)। ৰাজ্যৰ শাসকীয় দল বিজেপিৰ মন্ত্ৰী, বিধায়কৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতা, কৰ্মকৰ্তাসকল ছবিখনৰ প্ৰচাৰৰ বাবে উঠিপৰি লগা দেখা গৈছে ৷ ইয়াৰ মাজতে অসমীয়া ছবিজগতখন লৈ চৰকাৰে পিঠি দিয়াক লৈও প্ৰশ্নৰ উত্থাপন হৈছে ৷

The Kashmir Files influence in Assam
দ্য কাশ্মীৰ ফাইলচক লৈ ব্যস্ততা বাঢ়িছে চৰকাৰী বিষয়া-আমোলাৰ

গুৱাহাটী, 25 মাৰ্চ: দেশজুৰি বিশেষ চৰ্চা লাভ কৰা ‘দ্য কাশ্মীৰ ফাইলচ্’ নামৰ ছবিখনক কেন্দ্ৰ কৰি অসমতো সম্প্ৰতি ভিন্ন ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (The Kashmir Files influence in Assam)। ৰাজ্যৰ শাসকীয় দল বিজেপিৰ মন্ত্ৰী, বিধায়কৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতা, কৰ্মকৰ্তাসকলৰ মাজত ছবিখনৰ প্ৰচাৰ কৰাৰ বাবে উঠিপৰি লগা দেখা গৈছে । স্বয়ং হিমন্ত বিশ্ব শৰ্মাই দলে বলে গুৱাহাটীৰ ছবিগৃহত ছবিখন উপভোগ কৰি ছবিখন চোৱাৰ বাবে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এদিনৰ অৰ্ধছুটিৰ ঘোষণা কৰিছে (Leave to Assam govt employees for watching The Kashmir Files)।

ইতিমধ্যে ৰাজ্য চৰকাৰে ছবিখন চোৱাৰ বাবে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এদিনৰ অৰ্ধছুটিৰ নিৰ্দেশনা জাৰি কৰিছে । ইপিনে অসম ৰাজ্যিক চলচ্চিত্ৰ(বিত্ত আৰু উন্নয়ন) নিগমে হিন্দী ভাষাৰ চলচ্চিত্ৰখনৰ প্ৰচাৰৰ বাবে নলবাৰীত বিনামূলীয়াকৈ ৰাইজৰ বাবে প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে (Government employees are busy in publicity of The Kashmir files) । আন ঠাইতো ছবিখন প্ৰদৰ্শনীৰ বাব চলচ্চিত্ৰ নিগমে পৰিকল্পনা কৰিছে । চলচ্চিত্ৰ নিগমে বিশ্ব হিন্দু পৰিষদৰ সহযোগত এই প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে । ইয়াকে লৈ হিন্দী ভাষাৰ ছবি এখনক চৰকাৰে এনেদৰে প্ৰচাৰ কৰাৰ পদক্ষেপক লৈ অসমীয়া ছবিজগতৰ প্ৰযোজক, পৰিচালক আৰু কলাকুশলীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে (Assamese artists reaction on The Kashmir Files)।

লক্ষণীয় যে, এদিন পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰীসকলক ছবিখন চোৱাৰ বাবে এদিনৰ অৰ্ধছুটিৰ নিৰ্দেশনা জাৰি কৰিছে (Gauhati University announced leave to watch The Kashmir Files)। ইয়াকে কেন্দ্ৰ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে, বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত দ্য কাশ্মীৰ ফাইলচ্ নামৰ ছবিখনে যোৱা 11 মাৰ্চত মুক্তি লাভ কৰিছিল । দেশজুৰি ছবিখনক লৈ যিমান প্ৰশংসা হৈছে সিমানেই বা তাতোকৈ অধিক বিতৰ্কও হোৱা দেখা গৈছে ।

ছবিখনক কেন্দ্ৰ কৰি দেশত সাম্প্ৰদায়িক মেৰুকৰণৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । অসমীয়া ছবি পৰিচালক উৎপল বৰপূজাৰীয়ে টুইটাৰৰ জৰিয়তে চলচ্চিত্ৰ নিগমৰ কৰ্তব্যৰ প্ৰতি প্ৰশ্ন কৰি হিন্দী ছবি এখন চলচ্চিত্ৰ নিগমে প্ৰচাৰৰ বাবে উঠিপৰি লগাৰ বাবে চলচ্চিত্ৰ নিগমক আওপকীয়াকৈ সমালোচনা কৰিছে । ইপিনে অসমীয়া ছবি পৰিচালক তথা অভিনেতা হিমাংশু প্ৰসাদ দাসে কয়- "হিন্দী চিনেমা এখন প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে চৰকাৰ আৰু চলচ্চিত্ৰ নিগমৰ টোপনি নোহোৱা হৈছে । চৰকাৰ আৰু চলচ্চিত্ৰ নিগমৰ অসমীয়া ছবিৰ ক্ষেত্ৰত এই উৎসাহ দেখুৱাওক । আব্দুল মজিদৰ দৰে ব্যক্তিৰ শেষ অসমীয়া ছবিখন প্ৰচাৰৰ বাবেও চলচ্চিত্ৰ নিগমে কোনো গুৰুত্ব নিদিলে । এই বেদনালৈ মানুহজনে এই পৃথিৱী এৰি গ'ল । চলচ্চিত্ৰ নিগমৰ এই ভূমিকাক মই গৰিহণা দিছো।"

অসমীয়া ছবি পৰিচালক কৃপাল কলিতাই চলচ্চিত্ৰ নিগমক অসমীয়া ছবি এনেদৰে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে আহ্বান জনায় । এই সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা প্ৰাঞ্জল কলিতাই কয়,- চৰকাৰে এই ছবিখন এনেদৰে প্ৰচাৰ আৰু প্ৰসাৰৰ আঁৰত ৰাজনৈতিক এজেণ্ডা নিহিত হৈ আছে । ৰুগ্নপ্ৰায় অসমীয়া চলচ্চিত্ৰ জগতক পুনৰুজীবিত কৰাত গুৰুত্ব নিদি এখন হিন্দী ছবিৰ প্ৰচাৰৰ বাবে চলচ্চিত্ৰ নিগমে উঠিপৰি লগা কাৰ্য্য গৰিহণাযোগ্য ।"

গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰীসকলক ছবিখন চোৱাৰ বাবে এদিনৰ অৰ্ধছুটিৰ নিৰ্দেশনা জাৰি কৰা সম্পৰ্কত বিশ্ববিদ্যালয়ৰ ছাত্ৰ দীপজ্যোতি গগৈ কয় যে, চৰকাৰে এবাৰ ঘোষণা কৰাৰ পিছত আকৌ গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আছুতীয়কৈ বিশ্ববিদ্যালয়ৰ শিক্ষক, কৰ্মচাৰীসকলক ছবিখন চোৱাৰ বাবে এদিনৰ অৰ্ধছুটিৰ নিৰ্দেশনা জাৰি কৰা কাৰ্য অতি হাস্যকৰ । তেওঁ কয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে এটা স্বতন্ত্ৰ সংস্থাই হিন্দী চিনেমা এখনৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ বাহিৰে বিশ্ববিদ্যালয়ৰ শৈক্ষিক সম্পৰ্কীয় বহু কৰিবলগীয়া কাম আছে । সেইবোৰতহে বিশ্ববিদ্যালয় এখনে গুৰুত্ব দিব লাগে ।"

মন কৰিবলগীয়া যে, এই সন্দৰ্ভত মতামত লোৱাৰ বাবে বিশ্ববিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি দিলীপ কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা, অধ্যাপক অখিল ৰঞ্জন দত্তৰ লগতে বহু কেইগৰাকী অধ্যাপকৰ মতামত বিচৰাৰ বাবে যোগাযোগ কৰা হৈছিল যদিও তেওঁলোকে মতামত দিবলৈ অস্বীকাৰ কৰে । তথাপি তেওঁলোকে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা জাননী সম্পৰ্কত অসন্তুষ্টি প্ৰকাশ কৰা দেখা যায় ।

লগতে পঢ়ক: Rajya Sabha Election 2022: বিৰোধীৰ ৪৩ৰ অংকত আউল লগাৰ আশংকা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.