ETV Bharat / state

Cabinet at Gandhi Mandap: ঐতিহ্যমণ্ডিত গান্ধী মণ্ডপত বুধবাৰে কেবিনেট বৈঠক - Cabinet at Gandhi Mandap

এইবাৰ গুৱাহাটীৰ গান্ধী মণ্ডপত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক(Assam Government cabinet meeting) ৷ ইয়াকে লৈ ব্যস্ততা বাঢ়িছে নেতা-মন্ত্ৰীসকলৰ লগতে জিলা প্ৰশাসন আৰু বিভাগীয় বিভাগসমূহৰ মাজত (Assam Government cabinet meeting will be in Guwahati)।

Assam Government cabinet meeting will be in Guwahati
Cabinet at Gandhi Mandap: ঐতিহ্যমণ্ডিত গান্ধী মণ্ডপত হ’ব কেবিনেট বৈঠক
author img

By

Published : Dec 6, 2022, 3:59 PM IST

Updated : Dec 7, 2022, 8:50 AM IST

নিউজ ডেস্ক, 6 ডিচেম্বৰ: এইবাৰ পোন প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ গান্ধী মণ্ডপত অনুষ্ঠিত হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট বৈঠক(Assam Government cabinet meeting) ৷ ব্যতিক্ৰমী পদক্ষেপেৰে সংবাদ মাধ্যমৰ লগতে সৰ্বসাধাৰণৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হোৱা ৰাজ্য চৰকাৰখনে বিগত সময়চোৱাত গুৱাহাটীৰ বাহিৰে ৰাজ্যখনৰ বিভিন্ন জিলাত কেবিনেট বৈঠকবোৰ আয়েজিত কৰি অহা পৰিলক্ষিত হৈছে ৷ ৰাজধানী দিছপুৰস্থিত জনতা ভৱনৰ পৰিৱৰ্তে ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে ৰাজ্যৰ বাহিৰতো অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে কেবিনেট বৈঠক ৷

গুৱাহাটীৰ ঐতিহ্যমণ্ডিত গান্ধী মণ্ডপত বুধবাৰে অনুষ্ঠিত হ’ব পৰৱৰ্তী কেবিনেট বৈঠকখন(Assam Government cabinet meeting in Gandhi Mandap) ৷ ইয়াকে লৈ ব্যস্ততা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৰাজ্য চৰকাৰখনৰ ৷

সমাগত কেবিনেট বৈঠকখনৰ বাবেই যুদ্ধকালিন প্ৰস্তুতি তুংগত উঠিছে ৰাজ্য চৰকাৰ তথা বিভাগীয় বিভাগ সমূহৰ ৷ মুখ্যমন্ত্ৰী, কেবিনেট মন্ত্ৰী সকল, মুখ্য সচিব সমন্বিতে ৰাজ্য প্ৰশাসনৰ শীৰ্ষ আমোলাসকলক কেবিনেটৰ বাবে আদৰিবলৈ মহানগৰীখনক সুন্দৰকৈ সজাই পৰাই তোলাৰ বাবে তৎপৰ হৈছে ৰাজ্যৰ প্ৰশাসন ৷ ৰাস্তা-ঘাটকে ধৰি চৌদিশে আটকধুনীয়াকৈ সজাই পৰাই তুলিবলৈ যত্নপৰ হোৱা পৰিলক্ষিত হৈছে গুৱাহাটী মহানগৰখনক (Guwahati ready for cabinet meeting) ৷

ইয়াৰ পূৰ্বে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ধেমাজি, বঙাইগাওঁ, হাফলং, শিলচৰৰ লগতে লাচিত দিৱসৰ সময়চোৱাত জৰুৰীকালীন ভাৱে দেশৰ ৰাজধানী দিল্লীতো জাকজমকতাৰে আয়োজন কৰিছিল কেবিনেট বৈঠকৰ(Cabinet meeting in Delhi) ৷ ইয়াকে লৈ বিৰোধীৰ লগতে শাসনাধিষ্ঠিত বিজেপি দলটোৰ মন্ত্ৰী-বিধায়কেও মুকলিকৈ সমালোচনা কৰা পৰিলক্ষিত হৈছিল ৷ উল্লেখ্য যে, এইবাৰ পোন প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰৰ গান্ধী মণ্ডপত কেবিনেট বৈঠক আয়োজিত হোৱাৰ লগতে উজনি অসমতো পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব কেবিনেট বৈঠক(Cabinet meeting in Jorhat) ৷

18 ডিচেম্বৰত যোৰহাটত অনুষ্ঠিত হ'ব পৰবৰ্তী কেবিনেট বৈঠক ৷ কেবিনেট বৈঠকৰ বাবে যোৰহাট নগৰৰ মাজ মজিয়াস্থিত অৰ্ধনিৰ্মিত তথা বিধস্ত পথসমূহ যুদ্ধকালীন তৎপৰতাৰে মেৰামতি কৰাত উঠি পৰি লাগিছে প্ৰশাসন তথা সংশ্লিষ্ট বিভাগসমূহ ৷ তদুপৰি বিকল অথবা যি পথত কোনোদিনে ষ্ট্ৰীট লাইটৰ পোহৰ পৰা নাই তেনে পথটো ষ্ট্ৰীট লাইট স্থাপিত তথা কাৰ্যক্ষম কৰাৰ বাবে উঠি পৰি লাগিছে বিভাগীয় কৰ্তৃপক্ষ ৷ মুঠৰ ওপৰত যোৰহাটৰ লগতে গুৱাহাটী মহানগৰীখন আটকধুনীয়াকৈ সজাই পৰাই তোলাত ব্ৰতী হৈ পৰিছে জিলা প্ৰশাসন আৰু বিভাগীয় বিভাগসমূহ ।

লগতে পঢ়ক: Guwahati Crime : ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আমিৰ আলীক গ্ৰেপ্তাৰ

Last Updated : Dec 7, 2022, 8:50 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.