ETV Bharat / state

Assam Govt in Debt : দুটা মাহতেই তিনি সহস্ৰাধিক কোটি টকাৰ ঋণ ল’লে অসম চৰকাৰে

author img

By

Published : Feb 18, 2023, 2:08 PM IST

ঋণ লোৱাৰ ক্ষেত্রত অলপো কৃপনালি নকৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চলিত বৰ্ষৰ আৰম্ভণিৰ ডেৰ মাহতে ল'লে ৩২০০ কোটি টকাৰ ঋণ । ঋণৰ বিপৰীতে ৰাজ্য চৰকাৰখনে প্ৰতিবছৰে সুদ ৰূপে পৰিশোধ কৰিবলগীয়া হৈছে প্ৰায় ৮ হাজাৰ কোটি টকা । ঋণ-ধাৰ কৰি ৰাজ্য চলোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ভোটৰ অংকত এখনো হিতাধিকাৰী আঁচনি বন্ধ কৰা নাই । হিতাধিকাৰী বৃদ্ধিত অধিক গুৰুত্ব আৰোপ কৰিছে চৰকাৰে । অৰুণোদয়ৰ নামতে প্ৰতিবছৰে ব্যয় হয় প্ৰায় ৪১৫২ কোটি টকা (Assam Govt in Debt) ।

Assam Govt in Debt
অসম চৰকাৰে পুনৰ ল’ব ১৬০০ কোটি টকাৰ ঋণ

গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী : ঋণ ওপৰত ঋণ লৈ যেন অভিলেখ সৃষ্টি কৰিব বিচাৰিছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে । ঋণ লোৱাৰ ক্ষেত্রত অলপো কৃপনালি নকৰা চৰকাৰখনে চলিত বৰ্ষৰ আৰম্ভণিৰ ডেৰ মাহতে ৩২০০ কোটি টকাৰ ঋণ ল'লে । বিত্তীয় সংকটৰ জোৰা মৰাৰ বাবে মাহে মাহে ঋণ ল’বলৈ বাধ্য হৈছে ৰাজ্য চৰকাৰ (Himants Biswa Sarma govt taking largest amount of loan) । ইফালে ঋণ-ধাৰ কৰি ৰাজ্য চলোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিন্তু ভোটৰ অংকত এখনো হিতাধিকাৰী আঁচনি বন্ধ কৰা নাই ।

বৰং হিতাধিকাৰী বৃদ্ধিত অধিক গুৰুত্ব আৰোপ কৰাহে দেখিবলৈ পোৱা গৈছে । আনহাতে, প্রতিমাহে বৃহৎ অংকৰ ধন ঋণ হিচাপে লোৱাৰ ফলত ৰাজ্যবাসীৰ ওপৰত ধাৰৰ বোজাও ক্ৰমাৎ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে । শেহতীয়াকৈ ১৪ ফেব্ৰুৱাৰীত ৮০০ কোটি টকাৰ ঋণ লৈছে ৰাজ্য চৰকাৰখনে । ইয়াকে ধৰি নতুন বৰ্ষটোৰ প্ৰথম ডেৰ মাহতে ৰাজ্য চৰকাৰখনে ল’লে মুঠ ৩২০০ কোটি টকাৰ ঋণ (Assam Govt in Debt) ।

Assam Govt in Debt
অসম চৰকাৰে পুনৰ ল’ব ১৬০০ কোটি টকাৰ ঋণ

লক্ষণীয় বিষয় যে বিজেপি চৰকাৰৰ দিনত ৰাজ্যখনে অভাৱনীয় হাৰত ঋণৰ বোজা বহন কৰিবলগীয়া হৈছে (Financial crisis of Assam Govt) । উল্লেখ্য যে তৰুণ গগৈৰ চৰকাৰৰ দিনত ৰাজ্যখনৰ ঋণৰ পৰিমাণ আছিল ৩৫,৬৯০ কোটি টকা । কিন্তু ইয়াৰ পাছত ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পৰাই ঋণ লোৱাৰ প্ৰকোপ বৃদ্ধি পায় । সৰ্বানন্দ সোণোৱালৰ দিনত যথেষ্ট পৰিমাণৰ ঋণ লোৱা হৈছিল যদিও বৰ্ত্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আমোলত ইয়াৰ পৰিমাণ বহু বৃদ্ধি পাইছে । ঋণ লোৱাৰ ক্ষেত্ৰত পূৰ্বৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালকো চেৰ পেলাইছে ড° হিমন্ত বিশ্ব শৰ্মাই ।

Assam Govt in Debt
অসম চৰকাৰে পুনৰ ল’ব ১৬০০ কোটি টকাৰ ঋণ

পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত অসম চৰকাৰৰ দেনাৰ পৰিমাণ প্রায় ৯০ হাজাৰ কোটি টকা । কিন্তু বিগত মাৰ্চ মাহলৈকে এই ঋণৰ পৰিমাণ বৃদ্ধি পাই এক লাখ সাতহাজাৰ কোটি টকা হয় । লক্ষণীয় বিষয় যে ৰাজ্য চৰকাৰখনে অতি উচ্চহাৰৰ সুদত এই ঋণ গ্ৰহণ কৰিছে । যাৰ ফলত এই বৃহৎ অংকৰ ঋণৰ বিপৰীতে ৰাজ্য চৰকাৰখনে প্ৰতিবছৰে প্ৰায় ৮ হাজাৰ কোটি টকা সুদ ৰূপে পৰিশোধ কৰিবলগীয়া হৈছে । কিন্তু ইয়াৰ পাছতো ভোট লাভৰ স্বাৰ্থতে ব্যয় সংকোচনৰ কোনো ব্যৱস্থা হাতত লোৱা দেখিবলৈ পোৱা হোৱা নাই চৰকাৰখনে । ৰাজ্য চৰকাৰখনে নিজা ৰাজহ বৃদ্ধি কৰাৰ বাবে চেষ্টা চলাইছে যদিও এইক্ষেত্ৰত বিশেষ সফল হোৱা নাই ।

Assam Govt in Debt
অসম চৰকাৰে পুনৰ ল’ব ১৬০০ কোটি টকাৰ ঋণ

একেদৰে কেন্দ্ৰীয় চৰকাৰেও পূৰ্বতে দি থকা জি এছ টিৰ ক্ষতিপূৰণৰ ধন প্ৰদান কৰাটো বন্ধ কৰিছে । যাৰ ফলত চৰকাৰখনে আর্থিক সংকটৰ জোৰা মৰাৰ বাবে প্রতি মাহেই ঋণ ল’বলৈ বাধ্য হৈ পৰিছে । কিন্তু আশ্চর্যজনকভাৱে ইয়াৰ পাছতো চৰকাৰখনে চমকপ্রদ আঁচনি ঘোষণাত থমকি ৰোৱা নাই । সম্প্ৰতি ৰাজ্য চৰকাৰে লোৱা ঋণৰ পৰিমাণ প্রায় ১ লাখ ২৩ হাজাৰ কোটি টকাৰো অধিক হৈছেগৈ । তাৎপৰ্যপূৰ্ণ বিষয় যে এনে বৃহৎ পৰিমাণৰ ঋণৰ বোজা থকাৰ পিছতো চৰকাৰখনে হিতাধিকাৰীৰ নামত পুঁজি ব্যয় কৰাত অলপো কৃপনালি কৰা নাই ।

ইফালে চমক সৃষ্টিৰে চৰকাৰখনে লাখ লাখ টকা ব্যয় কৰি চৰকাৰী কাৰ্যসূচী পালন কৰি গৈছে । উল্লেখ্য যে, ঋণত পোত যোৱা ৰাজ্যখনত চৰকাৰে অৰুণোদয়ৰ নামতে প্ৰতিবছৰে প্ৰায় ৪১৫২ কোটি টকা ব্যয় কৰে (Arunodoi scheme)। লক্ষণীয়ভাৱে আঁচনিখনৰ হিতাধিকাৰীৰ সংখ্যাও বৃদ্ধি কৰা হৈছে । বিনামূলীয়া আঁচনি তথা হিতাধিকাৰী সৃষ্টিৰ আঁচনি বৰ্তাই ৰখাৰ নামতে চৰকাৰখনে বুজন পৰিমাণৰ পুঁজি ব্যয় কৰি আহিছে । চলিত বিত্তীয় বৰ্ষটোতে এতিয়ালৈকে ৰাজ্য চৰকাৰখনে ১৬,১০০ কোটি টকাৰ ঋণ লৈছে । আনহাতে অহা মার্চ মাহত বিত্তীয় বৰ্ষটো সমাপ্ত হোৱালৈকে চৰকাৰখনে আৰু ১৬০০ কোটি টকাৰ ঋণ ল’বলৈ মনস্থ কৰিছে ।

লগতে পঢ়ক : Moran Blind School: বিদেশী পৰ্যটকক লগত গৈ মৰাণৰ অন্ধ বিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.