ETV Bharat / state

লাভলীনাক DSP পদত নিযুক্তিৰ অনুমোদন ৰাজ্যিক কেবিনেটৰ - cabinet meeting

অসম গৌৰৱ বক্সাৰ লাভলীনা বৰগোঁহাই(Lovlina Borgohain)ক উপ আৰক্ষী অধীক্ষক(DSP) পদত (Probation) নিযুক্তি দিয়াৰ ক্ষেত্ৰত অনুমোদন ৰাজ্যিক কেবিনেটৰ ৷ ধিং এক্সপ্ৰেছ হিমা দাসৰ পাচতে লাভলীনাক এই পদত নিযুক্তি দিব ৰাজ্য চৰকাৰে ৷

assam-government-approves-appointment-of-lovlina-borgohain-as-dsp
লাভলীনাক DSP পদত নিযুক্তিৰ অনুমোদন ৰাজ্যিক কেবিনেটৰ
author img

By

Published : Oct 29, 2021, 7:25 AM IST

নিউজ ডেস্ক, 29 অক্টোবৰ : বৃহস্পতিবাৰে কইনাধৰাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(Himanta Biswa Sarma) অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ উক্ত কেবিনেট বৈঠকত অসম গৌৰৱ বক্সাৰ লাভলীনা বৰগোঁহাই(Lovlina Borgohain)ক উপ আৰক্ষী অধীক্ষক(DSP) পদত (Probation) নিযুক্তি দিয়াৰ ক্ষেত্ৰত অনুমোদন গ্ৰহণ কৰা হয় ৷

assam-government-approves-appointment-of-lovlina-borgohain-as-dsp
লাভলীনাক DSP পদত নিযুক্তিৰ অনুমোদন ৰাজ্যিক কেবিনেটৰ

টকিঅ’ অলিম্পিক(Tokyo Olympic)ত লাভলীনাই গঢ়া অভিলেখৰ বাবে অসম চৰকাৰ(Assam Govt)য়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ হিমা দাসৰ পাচতে লাভলীনাক ডিএছপি পদত নিযুক্তি দিয়া হ’ব বুলি কেবিনেটত ৰাজ্যিক শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু(Ranoj Pegu)ৱে ঘোষণা কৰে ৷

গোলাঘাট জিলাৰ বৰোমুখীয়া গাঁৱৰ নিৱাসী 24 বছৰীয়া লাভলীনা বৰগোঁহাই হৈছে ভাৰতৰ তৃতীয়গৰাকী বক্সাৰ, যিয়ে অলিম্পিক পডিয়াম সম্পূৰ্ণ কৰে ৷ টকিঅ’ অলিম্পিকত ব্ৰঞ্জ আজুৰি আনি ভাৰতবৰ্ষৰ লগতে অসমৰ নাম উজলাবলৈ সক্ষম হয় লাভলীনাই ৷

আনহাতে, টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰা জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰা, ভাৰতীয় মহিলা ক্ৰিকেটাৰ মিথালী ৰাজৰ লগতে লাভলীনাৰ নাম ধ্যান চাঁদ খেল ৰত্ন বঁটাৰ বাবে মনোনীত হৈছে ৷ এই তালিকাত দেশৰ মুঠ 11 গৰাকী খেলুৱৈ তথা এথলেটৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ।

লগতে পঢ়ক : ধ্যান চাঁদ খেলৰত্ন বঁটাৰ বাবে মনোনীত লাভলীনা বৰগোঁহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.