ETV Bharat / state

Flood affect of Assam: ফেব্ৰুৱাৰীৰ ভিতৰত বানত ক্ষতি হোৱা পথ-দলং-মথাউৰি নিৰ্মাণৰ লক্ষ্য চৰকাৰৰ - CM Himanta Biswa Sarma

কেন্দ্ৰৰ পৰা সাহাৰ্য বিচাৰি অতিৰিক্ত প্ৰতিবেদন দাখিলৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷ নিজা পুঁজিৰ পৰা ১৪৮০ কোটি টকা মুকলি কৰে ৰাজ্য চৰকাৰে (Assam Government aims to build roads bridges)৷ ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত বানত হোৱা ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ বিৱৰণ দাঙি ধৰি কেন্দ্ৰৰ পৰা মুঠ ৪৪১৬ কোটি টকা বিচাৰি দাখিল কৰা হৈছিল প্ৰতিবেদনখনত ৷ ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে পুনৰ কেইবাখনো জিলা বানে বুৰাই পেলোৱাৰ ফলত এতিয়া ৰাজ্য চৰকাৰখনে অতিৰিক্তভাৱে আন এখন প্ৰতিবেদন দিয়াৰ যো-জা চলাইছে ৷

Assam Government aims to build roads bridges damaged by floods by February
Flood affect of Assam: ফেব্ৰুৱাৰীৰ ভিতৰত বানত ক্ষতি হোৱা পথ, দলং, মথাউৰি নিৰ্মাণৰ লক্ষ্য চৰকাৰৰ
author img

By

Published : Nov 20, 2022, 6:24 PM IST

গুৱাহাটী,২০ নৱেম্বৰ : বানত ক্ষতি হোৱা ৰাজ্যৰ পথ-দলং-মথাউৰি আদিৰ মেৰামতিৰ কাম আগন্তুক ফেব্ৰুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে(Assam Government aims to build roads bridges)। কিন্তু এই মেৰামতিৰ বাবে বৃহৎ পুঁজিৰ প্ৰয়োজন হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ধন বিচাৰি কেন্দ্ৰক অনুৰোধ জনাইছে (Flood affect of Assam)৷ বিশেষকৈ এন ডি আৰ এফ (ৰাষ্ট্ৰীয় দুর্যোগ প্রশমন পুঁজি) শিতানত অধিক ধন মোকোলাই দিয়াৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰে।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে এইবাৰ আগতীয়াকৈ অসমক এন ডি আৰ এফ শিতানত ২৫০ কোটি টকা প্ৰদান কৰিছে যদিও ৰাজ্যখনত বানে কৰা ক্ষতিৰ তুলনাত এই ধন একেবাৰে নগণ্য। ইফালে ৰাজ্য চৰকাৰখনে বিগত ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত বানত ৰাজ্যখনত হোৱা ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ বিৱৰণ দাঙি ধৰি কেন্দ্ৰৰ পৰা মুঠ ৪৪১৬ কোটি টকা বিচাৰি এখন প্ৰতিবেদন দাখিল কৰিছিল। কিন্তু ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে পুনৰ কেইবাখনো জিলা বানে বুৰাই পেলোৱাৰ ফলত এতিয়া ৰাজ্য চৰকাৰখনে অতিৰিক্তভাৱে আন এখন প্ৰতিতিবেদন দাখিল কৰাৰ সিদ্ধান্ত লৈছে ।

অতিৰিক্ত প্ৰতিবেদনখন দাখিলৰ লগে লগে নিশ্চিতভাৱে ক্ষয়-ক্ষতিৰ পৰিমাণো বৃদ্ধি পাব৷ জানিব পৰা মতে চলিত মাহৰ শেষৰ ফালে ৰাজ্য চৰকাৰখনে এই প্ৰতিবেদন দাখিল কৰিব ৷ ইফালে কেন্দ্ৰীয় চৰকাৰে ধন প্ৰদান কৰালৈ ৰৈ নাথাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই হাতত থকা পুঁজিৰেই বানত ক্ষতি হোৱা পথ-দলং-মথাউৰি আদিৰ মেৰামতিৰ কাম আৰম্ভ কৰাৰ বাবে জিলাৰ উপায়ুক্তসকলক নিৰ্দেশ দিছে ৷ ইয়াৰ বাবে প্ৰথম পৰ্যায়ত ৰাজ্য চৰকাৰখনে ১৪৮০ কোটি টকা মোকোলাই দিব ।

কিন্তু চলিত বৰ্ষত হোৱা বানত একমাত্র ডিমা হাছাও জিলা আৰু বৰাক উপত্যকাতে প্ৰায় দুই হাজাৰ কোটি টকাৰ আন্তঃগাঁথনি ক্ষতি হৈছে ৷ ইয়াৰ উপৰি নগাঁও, হোজাই আৰু দৰং জিলাতো বানে বহু পৰিমাণে ক্ষতি কৰিছিল ৷ এনে পৰিস্থিতিত এতিয়া ৰাজ্য চৰকাৰখনৰ অনুৰোধ ৰক্ষা কৰি কেন্দ্ৰীয় চৰকাৰে এন ডি আৰ এফ শিতানত আৰু ধন মুকলি কৰি দিয়ে নে সেয়াহে হ’ব লক্ষণীয় ৷

কিয়নো এই শিতানত আবণ্টিত পুঁজিৰ এশ শতাংশই কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে ৷ ৰাজ্য চৰকাৰখনে কোনো অংশ দিব নালাগে। লক্ষণীয় বিষয় যে বান সাহায্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সদায়ে অসমক বঞ্চিত কৰি আহিছে। তেনেস্থলত এইবাৰ অসম চৰকাৰৰ অনুৰোধ ৰক্ষা কৰিব নে নাই সেয়া সময়েহে ক'ব।

লগতে পঢ়ক: Radisson Blu Hotel : দিল্লীত আত্মহত্যা ৰেডিছন ব্লু হোটেলৰ মালিকৰ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.