গুৱাহাটী,১ আগষ্ট : ৰাজ্যবাসীৰ বাবে ভাল খবৰ । বিগত দুটা দিনত কেন্দ্ৰৰ পৰা অসমে লাভ কৰিছে মুঠ ১৬,৪৬,৮০০ ড'জ ভেকচিন । শুকুৰবাৰে লাভ কৰা ৯,২৬,৩৬০ ড'জ ভেকচিনৰ ভিতৰত ৮,৮১,৩৬০ ড'জ ক'ভিশ্বিল্ড (covishield) আৰু ৪৫,০০০ ড'জ কভাক্সিন (covaxin) । আনহাতে শনিবাৰে লাভ কৰিছে ৭,২০,৪৪০ ড'জ ক'ভিশ্বিল্ড ।
উল্লেখ যে অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta) শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়ক (Mansukh L. Mandaviya) সাক্ষাৎ কৰি ৰাজ্যৰ ক’ভিড পৰিস্থিতি সম্পৰ্কীয় বিভিন্ন বিষয়ত আলোচনা কৰে । সাক্ষাতকালত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে অসমৰ বাবে অতিৰিক্ত ভেকচিন অনুমোদন জনায় । স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই জনোৱা মতে অসমে জৰুৰীকালীন ক’ভিড সঁহাৰি পুঁজিৰ অধীনত কেন্দ্ৰৰ পৰা ৭০০ কোটি টকা লাভ কৰিব আৰু ইয়াৰে ১৫ শতাংশ অতি শীঘ্ৰে মুকলি কৰা হ’ব ।
![vaccine](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-03-assam-got-1647-lakh-dose-vaccine-7209925_01082021144145_0108f_1627809105_738.jpg)
ইফালে অসমত চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত টীকাকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীক অৱগত কৰে মন্ত্রী মহন্তই । তেওঁ লগতে জানিবলৈ দি কয় যে পৰৱৰ্তী এছ অ’ পি (SOP) প্ৰকাশ কৰাৰ পূৰ্বে আন্তঃজিলা যাতায়াতত থকা নিষেধাজ্ঞা উঠাই লোৱাৰ বিষয়ে আলোচনা কৰিব । উল্লেখ্য যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে যিমান সম্ভৱ শীঘ্ৰে এইমছৰ (AIIMS) নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে । ৰাজ্যিক বিধানসভাৰ বাজেট অধিৱেশনত পাঁচখন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে লোৱা সিদ্ধান্তৰ ক্ষেত্রত কেন্দ্ৰৰ পৰা বিত্তীয় সাহায্য বিচৰা বুলি উল্লেখ কৰিছে মন্ত্রী মহন্তই ।
![vaccine](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-03-assam-got-1647-lakh-dose-vaccine-7209925_01082021144145_0108f_1627809105_59.jpg)
ইফালে এতিয়ালৈকে ৰাজ্যৰ ১,০৬,৩৩,৯৯৮ গৰাকী লোকে ক'ভিড ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ৮৭,০৫,২৪৮ গৰাকী লোকে প্ৰথম পালি আৰু ১৯,২৮,৭৫০ গৰাকী লোকে দ্বিতীয় পালি ভেকচিন লাভ কৰিছে । আনহাতে ৰাজ্যখনত শেহতীয়াকৈ ক্ৰমাৎ উন্নত হৈছে ক'ভিড পৰিস্থিতি । দীৰ্ঘদিনৰ পাছত ৰাজ্যত প্ৰথমবাৰলৈ এহেজাৰৰ তললৈ নামিছে আক্ৰান্তৰ সংখ্যা ।
বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ আক্ৰান্ত হোৱা ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৯৮৯ গৰাকী । আক্ৰান্ত সকলৰ ভিতৰত সৰ্বাধিক ১৬০ গৰাকী কামৰূপ মহানগৰ জিলাৰ । বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ১,০৭,২৮৫ গৰাকী লোকৰ ক'ভিড পৰীক্ষা কৰা হৈছিল আৰু ৯৮৯ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি ধৰা পৰে । আক্ৰান্তৰ হাৰ ০.৯২ শতাংশ ।
![vaccine](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-03-assam-got-1647-lakh-dose-vaccine-7209925_01082021144145_0108f_1627809105_514.jpg)
আনহাতে বিগত ২৪ ঘণ্টাত ক'ভিডৰ পৰা ১,৪৮০ গৰাকী লোকে আৰোগ্য লাভ কৰিছে । আৰোগ্যৰ হাৰ ৯৬.৭২ শতাংশ । বৰ্তমান সক্ৰিয় হৈ থকা ক'ভিড ৰোগীৰ সংখ্যা হৈছে ১১,৯৭৫ গৰাকী ।
বিগত ২৪ ঘণ্টাত ক'ভিডত মৃত্যু হৈছে ১৯ গৰাকী লোকৰ । ইয়াৰে সৰ্বাধিক চাৰিগৰাকী গোলাঘাট জিলাৰ । ৰাজ্যত এতিয়ালৈকে কৰ'ণাত ৫,২৬০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ।
লগতে পঢ়ক :26 জুলাইত কি হৈছিল লাইলাপুৰত ?