গুৱাহাটী, ২৮ মেঃ ৰাজ্যত বৰ্তমানো অব্যাহত আছে নাৰী সৰবৰাহকাৰী । কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যত বিক্ৰী অসমৰ যুৱতী ।
মহানগৰীৰ বৰাগাঁৱত ভাৰাতীয়া হিচাপে আছিল হাফিজা খাতুন নামৰ এগৰাকী মহিলা । ভাৰাতীয়া হিচাপে থাকি মহিলাগৰাকীয়ে দেহ ব্যৱসায় চলোৱাৰ লগতে নাৰী সৰবৰাহ কৰাৰো অভিযোগ মহিলা গৰাকীৰ বিৰুদ্ধে । কিছুদিন পূৰ্বে বৰাগাঁৱৰ পৰা আবিদা খাতুন নামৰ কিশোৰী এগৰাকীক কাম দিয়াৰ প্ৰলোভন দি বিক্ৰী কৰিছিল বহিঃৰাজ্যত । আবিদাই লগত অসমৰ পৰা লৈ গৈছিল আৰু চাৰিজনীকৈ কিশোৰী । সৌভাগ্যক্ৰমে বিহাৰলৈ লৈ যোৱা অৱস্থাত বিহাৰৰ ৰে’ল ষ্টেচনত আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰী কেইগৰাকীক । আৰক্ষীয়ে বৰাগাঁৱৰ আবিদা খাতুনসহ পাঁচগৰাকীকৈ কিশোৰীৰ লগতে আটক কৰে এজন নাৰী সৰবৰাহকাৰীক । কিশোৰী কেইগৰাকীক উদ্ধাৰ কৰি খবৰ দিয়ে পৰিয়ালক । বৰ্তমান বিহাৰৰ ষ্টেটহোমত ৰখা হৈছে কিশোৰী কেইগৰাকীক । সমগ্ৰ ঘটনা পোহৰলৈ অহাত পৰিয়াল আৰু স্থানীয় ৰাইজে নাৰী সৰবৰাহকাৰীৰ মাষ্টাৰমাইণ্ড হাফিজাক সোধা পোছা কৰাত স্বীকাৰ কৰে এই সমগ্ৰ ঘটনাৰ কথা । হাফিজাৰ ঘৰৰ পৰা আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে বহু আপত্তিজনক সামগ্ৰী । ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে হাফিজাৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
লগতে আন এটা বাতৰি- গোৱালপাৰাত গৰু চোৰৰ তাণ্ডৱ